আঁৰত কোন? এমট্ৰ’নৰ একাউণ্টৰ পৰা ২.৫৭ কোটি টকা হেক, এজনক আটক




এমট্ৰ’নৰ একাউণ্টৰ পৰা হৰলুকী হৈছে প্ৰায় ২.৫০ কোটি টকা। বিত্তীয় অনিয়মৰ চাঞ্চল্যকৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব সম্প্ৰতি চিআইডিৰ কান্ধত। ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুটা গোচৰ ৰুজু কৰিছে৷ তদুপৰি ইয়াৰ সৈতে জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় কাৰ্যালয়ৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক৷

উল্লেখ্য যে ঘটনা সন্দৰ্ভত এমট্ৰ'ন কৰ্তৃপক্ষই গুৱাহাটীৰ পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। লগতে চিআইডিতো বেংক কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি, এমট্ৰ’নৰ একাউণ্টৰ মুঠ ২ কোটি ৫৭ লাখ টকা নাইকিয়া হৈছে৷ টকাখিনি আৰটিজিএছ কৰি কেইবাটাও আন একাউণ্ট লৈ নিয়া হৈছে৷

ইতিমধ্যে একাউণ্টকেইটা বন্ধ কৰিছে চিআইডিৰ বিশেষ দলে৷ এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক চিআইডিৰ মুখ্য কাৰ্যালয়ত জেৰা চলাই থকা হৈছে৷ ৮ নৱেম্বৰত বেংক অব মহাৰাষ্ট্ৰ, পাণবজাৰ শাখাৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছিল ২.৫৭ কোটি টকা৷ ৰাহুল হুজুৰীৰ মেইলৰ পৰা ৮ নৱেম্বৰত বেংক কৰ্তৃপক্ষলৈ মেইল কৰা হৈছিল৷ অৱশ্যে ৰাহুল হুজুৰীয়ে নিজৰ মেইল হেক কৰা বুলি জেৰাত ভাষ্য প্ৰদান কৰে৷ কিন্তু ইমান সংখ্যক ধন ট্ৰেন্সফাৰ কৰা সন্দৰ্ভত এমট্ৰ’নৰ কৰ্তৃপক্ষ জ্ঞাত নাছিল বুলি জানিবলৈ দিয়ে এমট্ৰ’নৰ পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ যাদৱে৷

2 views0 comments