কাৰ কি চক্ৰান্ত আৰু কিয়? অসম-মণিপুৰ ৰাষ্ট্ৰীয় পথত উদ্ধাৰ শক্তিশালী বোমা




মিজোৰাম সীমান্তই অশান্ত-অস্থিৰপ্ৰায় কৰি ৰখা কাছাৰ জিলাৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ সুযোগ ল'ব পাৰে অশুভ চক্ৰই। তেনে এটা আশংকা গা কৰি উঠা সময়তে জিলাখনৰ লক্ষীপুৰত মঙলবাৰে নিশা এটা শক্তিশালী বোমা উদ্ধাৰ হয় ৷ নিশা ৩৭ নং অসম-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভার্টৰ কাষত উদ্ধাৰ হয় বোমাটো ৷ বোমাটো বিস্ফোৰিত হ'লে ৰাষ্ট্ৰীয় পথছোৱাৰ লগতে দাঁতিকাষৰীয়া অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছিল।


স্থানীয় ৰাইজে কালভার্টৰ কাষত পৰি থকা প্লাষ্টিকৰ মোনা এখন দেখি আৰক্ষীক খবৰ দিয়ে৷ খবৰ পাই সেই স্থানত উপস্থিত হোৱা আৰক্ষীয়ে মোনাখনত বোমা থকাটো নিশ্চিত কৰে। নিশাই শিলচৰৰ পৰা বোমা বিশেষজ্ঞৰ দল মাতি আনি বোমাটো নিষ্ক্ৰিয় কৰে ৷



ঘটনাটোৱে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। কোনে কি উদ্দেশ্যে বোমাটো তেনেকৈ থৈ গৈছিল? কিয় অসম-মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথক লক্ষ্য কৰি লোৱা হ'ল? এয়া কোনো সন্ত্ৰাসবাদী সংগঠনৰ কাম নে আন অশুভ শক্তিৰ? প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

5 views0 comments