পল্টনবজাৰত কোনে হত্যা কৰিলে পূজাৰীক? পত্নী-কন্যাসহ চাৰিজনক আটক





কোনে হত্যা কৰিলে পল্টনবজাৰৰ কালিবাৰীৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ? ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে এতিয়ালৈকে চাৰিজনক সোধা-পোছাৰ বাবে আটক কৰিছে যদিও হত্যাকাৰীৰ ক্লু লাভত বিশেষ অগ্ৰগতি লাভ কৰা নাই বুলি জানিব পৰা গৈছে। ইফালে, জেৰাৰ বাবে বৰ্তমান আৰক্ষীৰ জিম্মাৰ থকা লোক ৪গৰাকী হৈছে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী, ১৪ বছৰীয়া কন্যা আৰু দুজন স্থানীয় বাসিন্দা। স্থানীয় বাসিন্দা দুগৰাকী সত্যনাৰায়ণ বাছফৰ আৰু তেওঁৰ পুত্ৰ উল্লেখ্য যে নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ কম্বলেৰে ঢাকি থোৱাৰ অৱস্থাত উদ্ধাৰ হৈছিল। হত্যাকাণ্ডটো পল্টন বজাৰৰ ৰে’ল কলনীৰ সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰত সংঘটিত হয়। সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰৰ ৰখীয়া হিচাপে আছিল নাৰায়ণ চক্ৰৱৰ্তী।ষঠ্ পূজা উপলক্ষে ঘৰলৈ যোৱা নাৰায়ণ চক্ৰৱৰ্তী বুধবাৰে নিশা ১১ বজাত সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰত অকলে আহি উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে বৃহস্পতিবাৰে বিয়লি উদ্ধাৰ হয় নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ।

7 views0 comments