কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী




দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ লগতে অসমৰ মাজুলী বিধানসভা সমষ্টিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে। আজি বিয়লিলৈকে ঘোষণা কৰা হ'ব পাৰে। কোন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী? নিৰ্বাচনত বিজেপিয়ে এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ভূৱন গামক। সেইদৰে কংগ্ৰেছ-ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সন্মিলিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে চিত্তৰঞ্জন বসুমতাৰীক। বিভিন্ন মহলত হোৱা চৰ্চা অনুসৰি মাজুলী উপ-নিৰ্বাচনত জাতীয় পৰিষদৰ তুলনাত ফ্ৰণ্টফুটত আছে বিজেপি। অৱশ্যে এতিয়ালৈ হোৱা গণনাতো একেই প্ৰতিফলন ঘটিছে। বিজেপি প্ৰাৰ্থীজনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

উল্লেখ্য যে বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী। সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।


আজি পুৱা ৮ বজাত আৰম্ভ হয় ভোটগণনা। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সমান্তৰালকৈ মাজুলী উপ-নিৰ্বাচনৰ ফলাফলৰ ফালেও নিশ্চয়কৈ দৃষ্টি ৰাখিছে মাজুলীবাসীৰ লগতে ৰাজ্যৰ সচেতন ৰাইজে।

4 views0 comments