গৰুখুঁটি কৃষি প্ৰকল্প কিয় অসমীয়াৰ স্বাভিমান-আত্মনিৰ্ভশীলতাৰ প্ৰতীক?






গৰুখুঁটি কৃষি প্ৰকল্পক অসমীয়াৰ স্বাভিমান আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ পণ লৈছে ৰাজ্য চৰকাৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে প্ৰকল্পটোক এই ৰূপ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি সমাগত দহ দিনত ৰাজ্যখনৰ প্ৰতিগৰাকী মন্ত্ৰীক কৃষি প্ৰকল্পটো পৰিদৰ্শন কৰি তাত নিজ নিজ মন্ত্ৰালয়ৰ আঁচনি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, গৰুখুঁটি প্ৰকল্পটো কিয় অসমীয়াৰ স্বাভিমান আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক? বাক্যশাৰীত দুটা বিশেষ শব্দ সন্নিৱিষ্ট হৈ আছে। প্ৰথমটো স্বাভিমান আৰু দ্বিতীয়টো আত্মনিৰ্ভৰশীলতা।বিষয়টোৰ গভীৰতালৈ যোৱাৰ পূৰ্বে গৰুখুঁটি প্ৰকল্প আৰু অসমৰ প্ৰেক্ষাপটত ইয়াৰ স্থান কি, সেইটো চাব লাগিব। গৰুখুঁটি এটা অঞ্চলৰ নাম। দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ধলপুৰত অৱস্থিত ক্ষুদ্ৰ অঞ্চলটো কিছুদিন আগলৈকে অসম তথা অসমীয়াৰ বাবে বিশেষ পৰিচিত নাছিল। সাৰুৱা ভূ-খণ্ডটো এচাম সন্দেহজনক নাগৰিকৰ বেদখলত আছিল। অঞ্চলটো বহু ছদ্মৱেশী ভূমিহীনৰ ৰাজনৈতিক-সামাজিক তথা সাংস্কৃতিক আগ্ৰাসনৰ কেন্দ্ৰ হৈ পৰিছিল। অৱশ্যে অকল ধলপুৰ বা গৰুখুঁটিয়েই নহয়, অসমত তেনে ধৰণৰ বহু ভূ-খণ্ড অসম তথা অসমীয়াৰ পৰিচয়, অস্তিত্বৰ প্ৰতি প্ৰত্যাহ্বান হৈ আছে। ঠাইবোৰক লৈ অসমত ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ চক্ৰান্ত চলে। আন আন সমষ্টিৰ পৰা এটা বিশেষ গোষ্ঠীৰ লোকক তালৈ ৰপ্তানি কৰা হয়। মানুহ আমদানি কৰি ভোটাৰ তালিকাত বিশেষ গোষ্ঠীটোৰ সংখ্যা বৃদ্ধি কৰাৰ চক্ৰান্ত ৰচা হয়। সন্দেহ নাই, ইয়াৰ আঁৰত আছে এটা দীৰ্ঘম্যাদী পৰিকল্পনা। অসমৰ ৰাজনৈতিক ক্ষমতা এটা বিশেষ গোষ্ঠীৰ হাতলৈ নিয়াৰ বাবে ৰচিত হৈছে বেদখলৰ চক্ৰান্তটো। পূৰ্বৰ চৰকাৰৰ সমূহৰ কাৰ্যকালত বিশেষকৈ কংগ্ৰেছৰ শাসনকালত সেইবোৰে ৰজাঘৰৰ সমৰ্থন পাইছিল। স্বাধীনোত্তৰ ভাৰতত দলটোৰ এয়াই ইতিহাস। সীমাৰ সিপাৰৰ পৰা অবৈধ বাংলাদেশীক অসমলৈ বৰপীৰা পাৰি দি মাতি অনা আৰু ৰাজ্যখনত চিৰকালৰ বাবে শাসনৰ বাঘজৰীডাল নিজৰ হাতত ৰখা। গতিকে উচ্ছেদৰ কোনো কথাই নাছিল।

ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ হাতত লৈয়েই চক্ৰান্তটোক বানচাল কৰি অসমত অসমীয়া আৰু প্ৰকৃত ভাৰতীয়ৰ প্ৰভুত্ব সাব্যস্ত কৰিবলৈ গৰুখুঁটিৰ পৰাই আৰম্ভ কৰে উচ্ছেদ অভিযান। তাত থকা বেদখলকাৰীক উচ্ছেদ কৰি সেই ভূমিত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ড০ শৰ্মাই লোৱা পদক্ষেপে অসমৰ বুকুত এটা নতুন ইতিহাস ৰচনা কৰে। সেয়ে গৰুখুঁটি প্ৰকল্প অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। গৰুখুঁটি কৃষি প্ৰকল্পই কয়, দৃঢ়তা আৰু জাতিপ্ৰেম থাকিলে অসমৰ খিলঞ্জীয়াই সন্দেহজনক নাগৰিকৰ হাতৰ পৰা বেদখলীকৃত ভূমি নিজৰ হাতলৈ আনিব পাৰে। সেয়ে গৰুখুঁটি কৃষি প্ৰকল্প অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। গৰুখুঁটি প্ৰকল্প হৈছে অসমত সন্দেহজনক নাগৰিকৰ আগ্ৰাসনক টেটু চেপি ধৰা অসমীয়াৰ এটা বৃহৎ আৰু যুগান্তকাৰী পদক্ষেপ। সেয়ে প্ৰকল্পটো অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। ই এটা নতুন যুগৰ আৰম্ভণি। গৰুখুঁটি কৃষি প্ৰকল্প স্থাপনৰ পূৰ্বে অঞ্চলটোত বহু অসমীয়াই স্বদেশ আৰু স্বজাতিৰ হকে প্ৰাণত্যাগ কৰিবলগীয়া হৈছিল। জুয়ে পোৰা তিৰাশীত কিমানজন অসমীয়াক যে অঞ্চলটোৰ সন্দেহজনক নাগৰিকে বৰ্বৰভাৱে হত্যা কৰিছিল। ১৯৭৯ চনত আৰম্ভ হৈ ১৯৮৫ চনত এখন ঐতিহাসিক চুক্তিৰ জৰিয়তে অৱসান ঘটা অসম আন্দোলনৰ কালছোৱাতে গৰুখুঁটি-ধলপুৰ অঞ্চলত অসমীয়াৰ স্বাভিমান আহত হৈছিল। তাৰ মাটিত তিৰশীতে হেৰুওৱা শ্বহীদসকলৰ কেঁচা তেজৰ চেকুৰা আজিও কেঁচা হৈ আছে। অঞ্চলটোৰ খিলঞ্জীয়া লোকৰ হৃদয়ে হৃদয়ে এটুকুৰা ঘাঁ হৈ আছে। তাৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰা মানে চৰকাৰে জাতীয় দায়িত্ব পালন কৰা, যিটো কাম আজিলৈকে কোনো এখন চৰকাৰে নকৰিলে। সেয়ে গৰুখুঁটি কৃষি প্ৰকল্প অসম তথা অসমীয়াৰ বাবে এটা নতুন দিনৰ আগজাননী। অনাগত দিনত গৰুখুঁটিয়ে অসমত হাজাৰটা গৰুখুঁটি প্ৰকল্প স্থাপনত উদগনি যোগাব। অসমত অবৈধ বাংলাদেশীয়ে থিতাপি লোৱাৰ সুযোগ পাইছিল অসমীয়াৰ দুৰ্বলতাৰ বাবে। সাৰুৱা ভূমিৰ প্ৰদেশখনত ছন পৰা মাটিৰ অভাৱ নাছিল। খিলঞ্জীয়া লোকে তালৈ চকুৱেই দিয়া নাছিল। গৰুখুঁটি কৃষি প্ৰকল্পই অসমীয়াক এটা নতুন বাট দেখুৱাইছে। লাগিলে চৰেই হওক, তাতো অসমীয়াই নিজৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াত অসমীয়া বুলি কওঁতে কেৱল অসমীয়াভাষীক সামৰি লোৱা হোৱা নাই। প্ৰদেশখনৰ প্ৰতিটো খিলঞ্জীয়া তথা ইয়াত বসবাস কৰা অসমী আইৰ প্ৰতি শ্ৰদ্ধাশীল-স্নেহশীল প্ৰতিজন ভাৰতীয়ক বুজোৱা হৈছে। গুৰুখুঁটিত এই নীৰৱ বিপ্লৱেই এতিয়া চলিছে। অসমীয়া যুৱতীয়ে ট্ৰেক্টৰ চলোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। যুৱক-যুৱতীয়ে কৃষিৰ আধুনিক পদ্ধতিৰ শিক্ষা গ্ৰহণ কৰিছে। চাকৰিৰ আশা বাদ দি কৃষিৰে স্বাৱম্বী হোৱাৰ স্বপ্ন ৰচিছে। চৰকাৰেও বিভিন্ন সা-সুবিধা প্ৰদান কৰি আত্মনিৰ্ভলশীলতাৰ বাবে উপযোগী ক্ষেত্ৰ এখন প্ৰস্তুত কৰি দিছে। ইয়াকে দেখি ৰাজ্যৰ আন আন ঠাইতো অসমীয়াই কৃষি বিপ্লৱৰ কঠীয়া পৰাত অনুপ্ৰেৰণা লাভ কৰিব।


#থোৰতে গৰুখুঁটি কৃষি প্ৰকল্প




খিলঞ্জীয়া যুৱক-যুৱতীk জীৱিকা প্ৰদানৰ লক্ষ্যৰে দৰং জিলাৰ ছিপাঝাৰ খণ্ডৰ অন্তৰ্গত গৰুখুঁটিত ৭৭,৪২০ বিঘা ভূমিৰ পৰা বেদখলকাৰীসকলক আঁতৰ কৰা হৈছে।বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত প্ৰকল্প সমিতিয়ে তাত ইতিমধ্যে কৃষিকৰ্ম আৰম্ভ কৰিছে।১৩৪টা ইক'লজিকেল টাস্ক ফ'ৰ্চ বৃহৎ বনানীকৰণৰ বাবে নিয়োজিত কৰা হৈছে। ২০০০টা গিৰ প্ৰজাতিৰ গৰু পালনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। প্ৰকল্পটোৰ বাবে চৰকাৰে ৯.৬০ কোটি টকা আবণ্টন দিছে।

6 views0 comments