নিৰীহক হত্যা কিয়? উত্তৰ-পূবত আকৌ এবাৰ কলংকিত হ’ল সেনাৰ পেছাদাৰিত্ব





নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৱৰ্তী মন জিলাৰ তিৰু গাঁৱত শনিবাৰে ভাৰতীয় সেনাৰ ইতিহাসত এটা কলংকিত ইতিহাস সংযোজিত কৰিলে সেনাৰ েটা দলে। উগ্ৰপন্থীবিৰোধী অভিযানৰ নামত কেইজনমান নিৰীহ লোকক গুলীয়াই হত্যা কৰিলে। ঘটনাৰ প্ৰতিক্ৰিয়াত স্থানীয় ৰাইজে খং-ৰাগ প্ৰদৰ্শন কৰাত তেওঁলোকৰ ওপৰতো চলোৱা হ’ল গুলী। নিৰ্বিচাৰ গুলীচালনাত আৰু অধিক লোকৰ প্ৰাণ গ’ল। অনেকজন আহত হ’ল। বহু লোক নিখোজ হৈ থকা বুলি গঞাই সংবাদ মাধ্যমৰ জৰিয়তে অভিযোগ কৰিছে। পিছত সেনাই চিনাক্তকৰণত হোৱা ভুলৰ বাবে অবাঞ্ছিত ঘটনাটো সংঘটিত হোৱা বুলি দুখ ব্যক্ত কৰি ঘটনাৰ উচিত তদন্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে। আনকি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও বিশেষ তদন্তকাৰী দল গঠন কৰি ঘটনাটোৰ তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছে। কিন্তু সেনাৰ এনে ভুলে সন্ত্ৰাসৰ পৰা ক্ৰমশঃ মুক্ত হ’বলৈ ধৰা উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ মনত বিৰুপ প্ৰভাৱ পেলাব। তদুপৰি, বিশ্বত পেছাদাৰী সেনাবাহিনী হিচাপে সুনাম অৰ্জন কৰা সেনাৰ ভাৱমূৰ্তিতো চেকা পেলাব।


পন্থাক লৈ আপত্তি-অভিযোগ থাকিলেও সাতভনীৰ ৰাজ্যকেইখনত সন্ত্ৰাসবাদৰ কিছু ঐতিহাসিক ভিত্তি আছে। আছে বাবেই কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ধৈৰ্যসহকাৰে আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ প্ৰয়াস চলাই আহিছে। নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠনৰ দাবীক সাংবিধানিকভাৱে মানি ল’ব নোৱাৰা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে আলোচনা প্ৰক্ৰিয়া নষ্ট হ’বলৈ দিয়া নাই। মধ্যস্থতাকাৰী সলনি কৰি হ’লেও নগা বিদ্ৰোহী সংগঠনক সৈমান কৰাৰ চেষ্টা চলাই আহিছে। কিন্তু মন জিলাত সংঘটিত ঘটনাটোৱে নাগালেণ্ডৰ জনসাধাৰণৰ মনলৈ বিদ্বেষ ভাবৰ সৃষ্টি কৰিব পাৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল, উত্তৰ-পূবৰ ৰাজ্যকেইখনত সেনাই উগ্ৰপন্থী দমনৰ নামত ভুৱা সংঘৰ্ষ, ভুল তথ্যৰ ভিত্তিত নিৰীহ লোকক হত্যা, ধৰ্ষণ আদি ধিক্কাৰজনক কাণ্ড আৰম্ভণিৰ পৰাই চলাই আহিছে। কিছু বছৰ পূৰ্বে মণিপুৰত কেইগৰাকীমান মহিলাই উলংগ হৈ সেনাৰ শিবিৰৰ সন্মুখত ‘আমাক ধৰ্ষণ কৰা’ বুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰো আঁৰত আছিল সেনাৰ বিৰুদ্ধে মহিলাক ধৰ্ষণৰ অভিযোগ। তদুপৰি, উত্তৰ-পূবত সেনাই উগ্ৰপন্থী দমনৰ নামত নিৰীহৰ ওপৰত চলোৱা ভুৱা সংঘৰ্ষৰ কথা সময়ে সময়ে সেনা বিষয়াৰ জৰিয়তেই পোহৰলৈ আহে। ২০১৬ চনত তেনে বিস্ফোৰক অভিযোগ কৰিছিল সেনাৰ লেফটেনেণ্ট কৰ্নেল এজনে। তেওঁ মণিপুৰত সেনাই উগ্ৰপন্থী দমনৰ নামত চলোৱা ভুৱা সংঘৰ্ষৰ বিষয়ে সেনাৰ ঊৰ্ধতন বিষয়াৰ ৰোষত পৰিছিল। বিষয়াগৰাকীৰ পত্নীয়ে আদালতত বন্দী প্ৰত্যক্ষীকৰণৰ আবেদন জনাবলগীয়া হৈছিল। সেই গোচৰটেোতে লেফটেনেণ্ট কৰ্নেল ধৰমবীৰ সিঙে আদালতত দাখিল কৰা এখন শপতনামাত সেনাৰ বহু দুস্কাৰ্য পোহলৈ আনিছিল। শতপনামাখন আৰু সমগ্ৰ বিষয়টো Indian Expressত সবিস্তাৰে প্ৰকাশ পায়।


লেফটেনেম্ট কৰ্নেল ধৰমবীৰ সিঙে শপতনামাত অভিযোগ কৰি কয় যে ইম্ফলত অৱস্থিত তেওঁৰ আৱাসৰ পৰা তেওঁক (সিঙক) লেফটেনেণ্ট কৰ্নেল নন্দা আৰু মেজৰ ৰাথোড়ৰ নেতৃত্বত সেনাৰ এটা দলে পহিলা জুলাইৰ পুৱা আনিছিল আৰু ৫ দিনৰ পিছত আদালতে মুকলি কৰি দিবলৈ নিৰ্দেশ নিদিয়ালৈকে গৃহবন্দী কৰি ৰাখিছিল। ইয়াৰ কাৰণ হিচাপেশপতনামাত কোৱা হৈছে যে ২০১৬ তনৰ ৯ ছেপ্টেম্বৰত তেওঁ মণিপুৰত ভুৱা এনকাউণ্টাৰত নিৰীহ যুৱকক হত্যা কৰা আৰু সেনাৰ একাংশই ধন দাবী কৰাৰ বিষয়ে অভিযোগ কৰিছিল। যুৱকজনক নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আটক কৰা হৈছিল আৰু ৰঙাপাহাৰ কেণ্টনমেণ্টৰ সমীপত হত্যা কৰা হৈছিল। শতপনামাত উল্লেখ কৰা মতে, তেওঁ ওপৰৰ হেঁচাত পৰি অভিযোগ-পত্ৰখন প্ৰত্যাহাৰ কৰিছিল। শপতনামাত তেওঁ সেনাৰ তৃতীয় কৰ্পৰ চোৰাংচোৱা গোট এটাই ২০১০ আৰু ২০১১ চনত সংঘটিত কৰা তিনিটা ভুৱা এনকাউণ্টাৰৰ বিষয়ে উল্লেখ কৰিছে। ২০১০ চনত তিনিজন মণিপুৰী যুৱকক হত্যা কৰাৰ বিষয়ে তেওঁ উল্লেখ কৰে। ২০১৬ চনৰ ৯ ছেপ্চেম্বৰত ভুৱা সংঘৰ্ষৰ জৰিয়তে হত্যা কৰা বিষয়টোও উত্থাপন কৰিছিল। অভিযোগ অুসৰি, সেনাৰ তৃতীয় কৰ্পৰ ইণ্টেলিজেঞ্চৰ এটা দলে ফিজাম নাওবি. আৰ কে ৰনেল আৰু থমাছ প্ৰেম নামৰ তিনিজন যুৱকক ডিমাপুৰৰ পৰা আটক কৰি আনি হত্যা কৰিছিল। সংবাদ মাধযমৰ বাতৰি অনুসৰি মৃতদেহ তিনিটা বোকাজানৰ থানাৰ অন্তৰ্গত লক্ষীজানত উদ্ধাৰ হয়। অকল মণিপুৰ বা নাগালেণ্ড নহয়, উত্তৰ-পূবৰ কেউখন ৰাজ্যত সেনাৰ এনে বহু ঘটনাৰ নজিৰ আছে। অসমতো বজৰং, ৰাইনো বা পৰৱৰ্তী সময়ত চলা অভিযানত বহু নিৰীহ লোকৰ হত্যা, ধৰ্ষণক অভিযুক্ত হৈছিল সেনা।

এইবোৰ কাণ্ডই ভাৰতীয় সেনা পেছাদাৰিত্বৰ ওপৰত কলংক সানি দিয়ে। ১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ ৯০ হাজাৰ বন্দী সেনাক অতিথিৰ দৰে ব্যৱহাৰ কৰি, কাৰ্গিলত নিহত পাকিস্তানী সেনাক ইছলামিক নীতি-নিয়মেৰে সমাধিস্থ কৰি ভাৰতৰ সেনাই বিশ্বজুৰি পেছাদাৰী সেনাৰ সুনাম অৰ্জন কৰি থৈছে। উত্তৰ-পূবত উগ্ৰপন্থী দমনৰ নামত কিয় সেনাই ইয়াক পাহৰি যায়? অতীতৰ ভুলৰ পৰা সেনাই শিক্ষা নল’লে নাগালেণ্ডৰ সীমান্তৱৰ্তী জনগণে সেনাক কি দৃষ্টিৰে চাব? দেশৰ যিকোনো অংশত সন্ত্ৰাসবাদী বা সীমান্তত পাকিস্তানী সেনাৰ গুলীত জোৱান শ্বহীদ হ’লে উত্তৰ-পূবৰ জনগণৰো হিয়া দহি যায়। জনসাধাৰণৰ দুয়োখন হাত প্ৰাৰ্থনা হৈ ওপৰলৈ উঠে। বিষয়টো কেন্দ্ৰীয় চৰকাৰেও গুৰুত্বসহকাৰে লোৱা উচিত।

4 views0 comments