মোদীৰ ভ্ৰমণৰ পূৰ্বৰ চিন্তা : অসমক কিয় ভাৰতৰ কেন্সাৰৰ ৰাজধানী কোৱা হয়?










প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব। দিনটোত তেওঁ ডিব্ৰুগড় আৰু ডিফুত দুখন বিশাল জনসমাৱেশত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণকালতে অসমত সাতখন কৰ্কট হাস্পতাল মুকলি কৰাৰ লগতে সাতখন কৰ্কট হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। এবাৰ ভাবি চাইছেনে অসমত ইমানখন কৰ্কট হাস্পতালৰ আৱশ্যক কিয় হৈছে। ইতিমধ্যে ৰাজ্যখনত চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত কেইবাখনো কৰ্কট হাস্পতাল আছে। ইয়াৰ মূল কাৰণ হৈছে অসমক ভাৰতৰ কৰ্কটৰ ৰাজধানী বুলি ক’ব পাৰি। ৰাজ্যখনত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কটত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। প্ৰায় ৫০ হাজাৰ লোক বছৰি কৰ্কটত আক্ৰান্ত হয়। ৰাজ্যখনক এই ভয়াৱহ অৱস্থাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিনে? চিকিৎসা ইয়াৰ একমাত্ৰ পথ হ’ব নোৱাৰে। ই এটা উপায়হে। ৰাজ্যখনক কৰ্কটৰ বিশাল জালখনৰ পৰা মুক্ত কৰিব নোৱাৰিলে বহু মানুহ অকালতে এইখিন পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব। ইয়াকতকৈ বেদনাদায়ক কথা আৰু কিবা আছেনে? কেন্দ্ৰীয় চৰকাৰে কৰ্কটত আক্ৰান্ত লোকৰ চিকিৎসাৰ অৰ্থে ৰাজ্যখনত একেদিনাই ১৪খন কৰ্কট হাস্পতাল উপহাৰ দিবলৈ ওলাইছে (সাতখনৰ আধাৰশিলা)। কিন্তু সময়ৰ দাবী হৈছে, অসমত যাতে কৰ্কট ৰোগে কাকো আক্ৰান্ত কৰিব নোৱাৰে, সেইটো নিশ্চিত কৰাহে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা তথ্য অনুসৰি অসমত বছৰি ৫২ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। অসমৰ মানুহ প্ৰধানকৈ খাদ্যনলী, ডিঙি, পাকস্থলী, হাঁওফাঁও, গল ব্লাডাৰ, স্তন আদিৰ কৰ্কটত অধিক আক্ৰান্ত হয়। ২০১৮-১৯ বৰ্ষত বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত পঞ্জীভূত তথ্য অনুসৰি, অসমত ১১,১৯৫জন কৰ্কট ৰোগীৰ বিপৰীতে ৩৫৪জন মণিপুৰৰ, ৩১৫জন মেঘালয়ৰ, ২৬৭জন অৰুণাচল প্ৰদেশৰ, ২২৮জন নাগালেণ্ডৰ, ৬৮জন ত্ৰিপুৰাৰ, ৪৯জন মিজোৰামৰ আৰু ৩জন মিজোৰামৰ। অৰ্থাৎ সিংহভাগেই অসমৰ।

বি বি চি আইৰ সঞ্চালক আৰু প্ৰখ্যাত অংকলজিষ্ট অমল চন্দ্ৰ কটকীৰ মতে, উত্তৰ-পূবত প্ৰধানকৈ ধঁপাত, তামোল আৰু সুৰা সেৱনৰ বাবেই অধিকসংখ্যক লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানতে প্ৰতি বছৰে ১২,০০০ নতুন আৰু ৮৫,০০০ পুৰণি ৰোগীৰ চিকিৎসা হয়।



আমাৰ ৰাজ্যখনত স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ অভাৱৰ বাবেই বেছিভাগ ৰোগী জটিল অৱস্থাৰ পিছতহে চিকিৎসকৰ ওচৰলৈ যায় বা সচেতন হৈ উঠা দেখা যায়। সেয়ে ৰোগীজনৰ মৃত্যু ঘটে আৰু কৰ্কট ৰোগ সম্পৰ্কে মানুহৰ মাজত অধিক শংকা বিয়পি পৰে। এক কথাত সজাগতাৰ অভাৱৰ বাবেই কৰ্কট ৰোগ বাঢ়ি আহিছে। বি বি চি আইৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীৰ মতে, ভাৰতত সকলো কৰ্কট ৰোগীৰ মুঠ সংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ প্ৰাথমিক পৰ্যায়ত চিনাক্ত কৰিব পাৰি বা জীৱনশৈলীৰ পৰিৱৰ্তন আৰু সময়মতে স্ক্ৰীনিংৰ জৰিয়তে ইয়াক প্ৰতিৰোধ কৰিব পাৰি। তেওঁ কয় যে ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ হাৰ বেছি৷ উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম, অৰুণাচল, মেঘালয় আৰু কামৰূপ মেট্ৰ’ত কৰ্কট ৰোগীৰ হাৰ আটাইতকৈ বেছি৷ তদুপৰি প্ৰতি বছৰে ভাৰতবৰ্ষত প্ৰতি এক লাখ মানুহৰ ভিতৰত ১০০ পৰা ১২০গৰাকী লোক কৰ্কট ৰোগত আক্ৰান্ত হয়৷ মিজোৰামত প্ৰতি এক লাখৰ ২৭০জন লোক আক্ৰান্ত হোৱাৰ লগতে অসমৰ কামৰূপ মেট্ৰ’ত ২১৭জন লোক আক্ৰান্ত হয়৷ যাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক কৰ্কট ৰোগৰ ৰাজধানী বুলি কোৱা হয়৷ উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱনৰ বাবে হোৱা কৰ্কট ৰোগীৰ হাৰ বেছি৷ ভাৰতবৰ্ষত ধঁপাত সেৱনৰ হাৰ ২৮ শতাংশ৷ অসমত ৪৮ শতাংশ, মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ৷ ডাঃ অমল চন্দ্ৰ কটকীয়ে লগতে কয় যে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ধঁপাত সেৱনৰ লগত জড়িত ৫০ শতাংশ পুৰুষ আৰু ২৫ শতাংশ মহিলা ৰোগী পাইছে৷ তদুপৰি মহিলাৰ স্তন আৰু জৰায়ু কৰ্কট ৰোগীৰ হাৰ আটাইতকৈ বেছি৷ আনহাতে, অসমত প্ৰায় ৫৯ শতাংশ পুৰুষ আৰু ২৯ শতাংশ মহিলাই সুৰাপান কৰে বুলি তেওঁ উল্লেখ কৰে৷ ইপিনে, নাগালেণ্ড, ছিকিম, মণিপুৰত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা খৰিৰ বাবে বেছিভাগ মহিলা হাঁওফাঁওৰ কৰ্কটত আক্ৰান্ত হয়, যিহেতু খৰিৰ ধোঁৱা যথেষ্ট ক্ষতিকাৰক৷ সেয়েহে শাৰীৰিক পৰিশ্ৰম কৰাৰ লগতে খাদ্যৰ তালিকাৰ পৰা তাপোল-পাণ, সুৰা, ধঁপাত বাদ দিব লাগে৷ অধিক পৰিমাণৰ সেউজীয়া শাক-পাচলি, বতৰৰ ফল, পাচলি খাব লাগে৷

কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণৰ বিষয়ে সজাগ হ’ব লাগে৷ প্ৰাক্ অৱস্থাৰ পৰা কৰ্কট ৰোগ হ’বলৈ ৫ৰ পৰা ১০ বছৰ লাগে৷ সেয়ে কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব পাৰিলে ৮০ শতাংশ ৰোগমুক্ত কৰিব পাৰি৷ কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে বিভিন্ন কাৰণত দুই তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালৈ আহে৷ উত্তৰ- পূৰ্বাঞ্চলত ধঁপাত, মদ্যপান, পোৰা মাছ-মাংস খোৱাৰ প্ৰৱণতা যথেষ্ঠ বেছি৷


পৰিবেশ আৰু কৰ্কট উদ্দীপক

আজিৰ পৰা প্ৰায় ২৪০ বছৰ আগতে ছাৰ পাৰচিৱেল পটে পৰ্যবেক্ষণত প্ৰাপ্ত তথ্য মতে, আলকাতৰাৰ কাম কৰা শ্ৰমিকৰ মাজত ছালৰ কৰ্কট ৰোগৰ প্ৰভাৱ বহুত বেছি। সেই পৰ্যবেক্ষণটোৱেই ধৰালৈ নমাই আনিলে কৰ্কট ৰোগৰ উদ্দীপক পদাৰ্থৰ ধাৰণা। তাৰ ঠিক চল্লিছ বছৰ পিছত জাপানাৰ য়ামাগিয়াই নিগনিৰ দেহত প্ৰতিদিনে ছমাহলৈ আলকাতৰা ঘঁহি ছালৰ কৰ্কট ৰোগ উৎপন্ন কৰি দেখুৱালে আৰু নিজৰ ইচ্ছানুযায়ী প্ৰথমবাৰৰ বাবে কৰ্কট ৰোগ সৃষ্টি কৰি এটা অধিযুগৰ সূচনা কৰিলে। কিছুমান ৰং সুগন্ধি পদাৰ্থ, ইউৰেথেন, ধাতু যেনে নিকেল, বেৰিলিয়াম, আৰ্ছেনিক ক্ৰোমিযাম, এছবেছটছ আদিয়েও কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। কিছুমান ৰাসায়নিক পদাৰ্থ যেনে ডাই ইথাইল ষ্টিলবেষ্টৰল যদি গৰ্ভৱতী মহিলাক অধিক মাত্ৰাত প্ৰদান কৰা হয় তেনেহ’লে কন্যাটোৰ ভৱিষ্যতে যোনিৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। তেনেকৈ ৰজঃনিৰ্বাপন হোৱা মহিলাই ইষ্ট্ৰোজেন ব্যৱহাৰ কৰিলে জৰায়ুত এই ৰোগ হ’ব পাৰে।

এছৰেটছঃ এছবেছটছ আৰু এনিলিন ৰং কৰ্কট উদ্দীপক বুলি প্ৰমাণিত হৈছে। এই দুয়োবিধ পদাৰ্থ হাঁওফাও আৰু মূত্ৰস্থলীৰ কৰ্কট ৰোগ সৃষ্টিত সহায় কৰে।


ধঁপাত আৰু কৰ্কত ৰোগঃ

অতীজৰ পৰা মানৱ সমাজত ৰজাৰ পৰা প্ৰজালৈ কম বেছি পৰিমাণে ধঁপাতৰ প্ৰচলন আছে। ধঁপাত বিভিন্ন ধৰণে সেৱন কৰা দেখা যায়। যেনে তামোল-পাণৰ লগত চোবাই খোৱা, মুখৰ ভিতৰত লৈ চাধা, বিড়ি চিগাৰেট, চিলিম, হোঁকা হোপা ইত্যাদি। ধঁপাত আৰু ইয়াৰ ধোঁৱাত সহস্ৰধিক ৰাসায়িনক উপাদান থাকে। তাৰ ভিতৰত এতিয়ালকৈ মাত্ৰ দুইশ সত্তৰ বিধহে চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আকৌ নিকোটিন, কাৰ্বন মন’অক্সাইড আৰু ধুম্ৰ গেদে ই প্ৰধান। ধুম্ৰ গেদ হৈছে কেইবাবিধো কৰ্কক কাৰক বা কৰ্কট উদ্দীপনকৰ মিশ্ৰনত সৃষ্টি হোৱা গেদিয় পদাৰ্থ। এই ধুম্ৰ গেদত কিছুমান পলিছাইক্লিক এৰোমেটিক হাইড্ৰ’কাৰ্বন কম্পাউণ্ড থাকে যি হাঁওফাওৰ কৰ্কট কাৰক।

সাধৰণত অৱস্থাত ধঁপাতত এই ৰাসায়নিক পদাৰ্থবোৰ নাথাকে, অসম্পূৰ্ণ দগ্ধতাৰ ফলত ইয়াৰ সৃষ্টি হয়। এই কথা এতিয়া প্ৰমাণিত হৈছে যে চিগাৰেট হোপাৰ ফলত প্ৰায় 20 মিলিগ্ৰাম ধুম্ৰ গেদ হাঁওফাওৰ ভিতৰলৈ যায়। এই হিচাপত এজন মানুহে যদি দিনে প্ৰায় 20 টাকৈ চিগাৰেট হোপে তেনেহলে এবছৰত তেখেতৰ হাঁওফাওত প্ৰায় 146000 মিঃগ্ৰা বা 150 ধুম্ৰগেদ জমা হব। যিটো হাঁওফাওৰ কৰ্কট ৰোগত সৃষ্টি কৰিবলৈ যথেষ্ট। এইটো এতিয়া প্ৰমাণিত হৈছে যে ধঁপাত চবোৱা বা মুখত লৈ থকাসকলৰ মুখ গহ্বৰৰ কৰ্কট ৰোগ ধঁপাত চোবাৱা বা মুখত লৈ থকাসকলৰ মুখ গহ্বৰৰ কৰ্কট ৰোগ আৰু চিগাৰেট হোপাসকলৰ মাজত হাঁওফাওৰ কৰ্কট ৰোগ ধঁপাত সেৱন নকৰাসকলৰ তুলনাত বহুগুণে বেছি।

আমেৰিকাৰ দুজন চিকিৎসক ডাঃ হামণ্ড আৰু ডাঃ হৰ্নে 1,87,766জন পুৰুষ (বয়স 50-70) ৰ ধঁপাত সেৱনৰ লগত কৰ্কট ৰোগৰ সম্বন্ধ বিচাৰি কৰা গৱেষণাৰ পৰা মন্তব্য কৰিছে এনেধৰেণে- এজন মানুহে যদি নিয়মিতভাৱে দৈনিক 20টাকৈ চিগাৰেট হোপে তেন্তে তেখেতৰ হাঁওফাওৰ কৰ্কট ৰোগৰ সম্ভৱনা চিগাৰেট নোহাৱাজনতকৈ 25গুণ বেছি, 20-40টাকৈ হোপাজনৰ 45গুণ আৰু 40টাকৈ অধিক হোপাজনৰ 90গুণ বেছি।

দক্ষিণ আফ্ৰিকাৰ খনিত কাম কৰা বাণ্টুসকলৰ 11,365যোৰ হাঁওফাও মৰণোত্তৰ পৰীক্ষা কৰোঁতে মাত্ৰ 6জনৰ হাঁওফাওত কৰ্কট ৰোগ ধৰা পৰিছিল। তাৰ বিপৰীতে শ্বেতাংগসকলৰ 8465জন পৰীক্ষাত 114গুণ বেছি কৰ্কট ৰোগ পৰিলক্ষিত হৈছিল। বাণ্টুসকলৰ ছেগা- চোৰোকাকৈ চিগাৰেট ব্যৱহাৰ কৰাৰ বিপৰীতে শ্বেতাংগসকলৰ আছিল নিয়মিতভাৱে ধূমপান কৰা লোক।

ভাৰতবৰ্ষত শিখসকলে ধৰ্মীয়ভাৱে ধূমপান বা ধঁপাত সেৱনৰ পৰা বিৰত থকাৰ ফলত তেওঁলোকৰ মাজত হাঁওফাওৰ কৰ্কট ৰোগ বিৰল।

এটা পৰীক্ষাগাৰত 24টাকৈ কুকুৰত দৈনিক সাতটাকৈ চিগাৰেটৰ ধোঁৱা সেৱন কৰোৱা হৈছিল। আঢ়ৈ বছৰৰ পিছত দেখা গৈছিল তাৰে দুটা কুকুৰৰ হাঁওফাওত কৰ্কট ৰোগে আক্ৰমণ কৰিছে।

অসমত তামোলৰ লগত ধঁপাত সেৱন কৰা লোকৰ মাজত মুখগহ্বৰৰ কৰ্কট ৰোগৰ প্ৰদুর্ভাৱ অধিক দেখা যায়

ৰঞ্জন ৰশ্মি, তেজস্ক্ৰিয়া পদাৰ্থ আৰু সৌৰ বিকৰণ

সঘনাই দীঘলীয়া সময়ৰ কাৰণে ৰঞ্জন ৰশ্মীৰ সংস্পৰ্শত থাকিলে ছাল আৰু তেজৰ কৰ্কট ৰোগ হোৱা সম্ভৱনা থাকে। অই বিভাগত কাম কৰা কৰ্মীসকলৰ এই ৰোগ অতীতত সঘনে হোৱা পৰিলক্ষিত হৈছিল। হিৰোছিমা আৰু নাগাচাকিত পাৰমাণিক বোমা বিস্ফোৰণৰ পিছত হোৱা তেজস্ক্ৰিয়তাৰ ফলত বহুত মানুহ এই ৰোগত আক্ৰান্ত হৈছিল। বিশ্বৰ কোনো দেশত সৌৰ শক্তিৰ বিকিৰণৰ প্ৰভাৱ বেছি (অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আদি) হোৱা হেতুকে সেইবোৰ ঠাইত ছালৰ কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে গৰ্ভধাৰণৰ প্ৰথম তিনিমাহত মহিলাৰ এক্সৰে’ কৰাটো বিপদজনক, কাৰণ এই ভ্ৰণৰ ক্ষতি কৰিব পাৰে।

দীৰ্ঘদিনীয়া আঘাত আৰু ঘঁহনিঃ শৰীৰৰ কিছুমান কোমল কলা বা অংগত টান বস্তুৱে যদি দীৰ্ঘদিনৰ বাবে বাৰম্বাৰ আঘাত কৰি থাকে, সেই আঘাতপ্ৰাপ্ত অংশৰ কিছুমান কোষ কৰ্কট কোষলৈ পৰ্য়বসিত হ’ব পাৰে। যেনে- ভঙা দাঁতৰ, পিত্তথলীত পাথৰ গৰম চিলিমৰ দীৰ্ঘদীনিয়া আঘাতৰ ফলত জিভা, পিত্তথলী বা ওঁঠত এই ৰোগ হ’ব পাৰে। কাশ্মীৰিসকলৰ বহুতে হিম চেঁচা জাৰৰ পৰা ৰক্ষা পাবলৈ মাটিৰ পাত্ৰত জ্বলন্ত কয়লা ভৰাই কাপোৰৰ তলত পেটত বা দুয়ো কৰঙনৰ মাজত লৈ থাকে। সেই পাত্ৰটোক কাংগ্ৰী বুলি কোৱা হয়। কাংগ্ৰী লোৱা ঠাইত পিছলৈ ছালৰ কৰ্কট ৰোগ হোৱা দেখা যায়। ইয়াক কাংগ্ৰী কৰ্কট বোলে।

ভাইৰাছঃ শেহতীয়াকৈ এই কথা প্ৰমানিত হৈছে যে কিছুমান কৰ্কট ৰোগ ভাইৰাইছৰ ক্ৰিয়াৰ কাৰণে হয়। তাৰ ভিতৰত লিউকেমিয়া তেজৰ কৰ্কট, হডস্কিন ৰোগন লসিকা কলাৰ কৰ্কট ৰোগ আৰু বাৰকিটছ টেমুনাৰ কথা উনুকিয়াব পাৰি। আকৌ যকৃতৰ কৰ্কট ৰোগৰ ফলত হেপাটাইটিছ বি, ভাইৰাচৰ ওতপ্ৰোত সম্বন্ধই এই কথাকে প্ৰমান কৰে। বিজ্ঞানীসকলৰ মতে এই ভাইৰাছবোৰে স্বাভাৱিক কোষৰ ভিতৰত সোমাই কোষৰ আভ্যন্তৰীণ ৰাসায়নিক প্ৰক্ৰিয়াটো ওলট পালট কৰি পেলয়া, য়াৰ ফলত কোষবোৰৰ উৎপৰিৱৰ্তন ঘটে আৰু কৰ্কট কোষলৈ পৰ্যৱসিত হয়।

হৰমনঃ পুৰুষৰ অৱনত গ্ৰন্থিৰ আৰু মহিলাৰ স্তনৰ কৰ্কট ৰোগ হৰমনৰ ওপৰত নিৰ্ভশীল বুলি ভবাৰ স্থল আছে। কিয়নো পুৰুষৰ ক্ষেত্ৰত অণ্ডকোষ আৰু মহিলাৰ ক্ষেত্ৰত ডিম্বকোষ গুচাই দিলে এই ৰোগত আক্ৰনসকলে কিছু উপশম পোৱা দেখা যায়। ইয়াৰ উপৰিও অধিবৃক্ক গ্ৰন্থি য’ত লৈংগিক হৰমন গৌণভাৱে নিঃসৰণ হয়। গুচাই দিলে প্ৰতিৰোধ হৰমন প্ৰয়োগ কৰিলে লক্ষণবোৰ লাহে লাহে কমি যোৱা পৰিলক্ষিত হয়।

জিনঃ জিনবিলাক হৈছে বংশগিতৰ একক। ই কোষবিলাকৰ স্বাভাৱিক বিকাশত প্ৰভাৱাম্বিত কৰিব পাৰে। দেখা গৈছে যে 5-7 শতাংশ স্তনৰ কৰ্কট ৰোগ বংশগত। খাদ্যনলী, পাকস্থলী, বৃহদান্ত্ৰ আদিৰ কৰ্কট ৰোগ একে পৰিয়ালৰ সদস্যসকলৰ মাজত হোৱা দেখা যায়। ৰেটিনোব্লাষ্টোমা একে পৰিয়ালৰ ভায়েক ভনীয়েকৰ মাজত হোৱা পৰিলক্ষিত হৈছে। কেঞ্চাৰ ৰিছাৰ্চ নামৰ আলোচনীত ডাঃ ৱাৰথিনে উল্লেখ কৰিছে যে তেখেতে এটা পৰিয়ালৰ কথা জানে যিটো পৰিয়ালৰ মাক –দেউতাক তথা তেখেতসকলৰ ছটি সন্তান আলৰু একমাত্ৰ নাতিৰ অৰ্থাৎ তিনিটা প্ৰজন্মৰ নটি সদস্যৰ এই ৰোগত মৃত্যু হয়।


বয়স লিংগ আৰু জাতিগত প্ৰভাৱঃ


মানুহৰ বয়স বঢ়াৰ লগে লগে কৰ্কট ৰোগৰ সম্ভৱনাও বাঢ়ি যায়। বিশষকৈ পঞ্চাশ বছৰৰ পিছত পুৰুষৰ ক্ষেত্ৰত ইয়াৰ প্ৰদুৰ্ভাৱ বেছি। নাৰীৰ ক্ষেত্ৰত স্তন আৰু পুৰুষৰ বেলিকা হাঁওফাওঁ আৰু খাদ্যনলীৰ কৰ্কট ৰোগ অধিক।


বিবাহিত তথা তুলনামূলক কম বয়সত বিবাহিত নাৰীৰ জৰায়ু গ্ৰীবা কৰ্কট ৰোগ বেছিকৈ হোৱা পৰিলক্ষিক হৈছে।

আৰ্থিক দুৰ্বল সকলৰ মাজত পাকস্থলী, ছাল আৰু জৰায়ু গ্ৰীবাৰ কৰ্কট ৰোগ বেছিকৈ হোৱাৰ বিপৰীতে স্তনৰ কৰ্কট ৰোগ আকৌ আৰ্থিকভাৱে টনকিয়ালসকলৰ মাজতহে বেছিকৈ হোৱা দেখা যায়।


আমাৰ শৰীৰত এটি অতি পৰাক্ৰমী তথা সদাজাগ্ৰত প্ৰতিৰক্ষা ব্যৱস্থা থাকে। ইয়াৰ অন্তৰ্গত প্ৰতিৰক্ষী কোষবোৰে তেজৰ সোঁতেৰে ঘূৰি ঘূৰি অতন্দ্ৰ প্ৰহৰীৰ দৰে পহৰা দি থাকে। এই প্ৰহৰী কোষবোৰে স্বাভাৱিক কোষ আৰু অস্বাভাৱিক কোষবোৰ তৎক্ষণাৎ চিনাক্ত কৰিব পাৰে। সেয়ে জীৱন পৰিক্ৰমাত অগণিত কোষৰ বিভাজন আৰু পুনঃবিভাজন প্ৰক্ৰিয়াত কিবা আউল লাগি এটা বা দুটা কোষ যদি কৰ্কট কোষলৈ পৰ্যবসিত হয় তেনেহ’লে সেইবোৰক এই প্ৰতিৰক্ষী কোষবোৰে ধ্বংস কৰি পেলায়। ফলত আমি কৰ্কট ৰোগৰ পৰা ৰক্ষা পৰোঁ। কিন্তু যেতিয়া আমাৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল হৈ পৰে তেতিয়া কৰ্কট কোষবোৰে খোপনি পুতি কৰ্কট ৰোগৰ সৃষ্টি কৰে।


শিশু এতি জন্ম হোৱাৰ পিছত পিতৃ-মাতৃয়ে শৰীৰৰ অংগ- প্ৰত্যংগবোৰৰ ওপৰত চকু ৰাখিব লাগে। দৈনিন্দিন লালন-পালন প্ৰক্ৰিয়াতো বহুতো কথাই ধৰা পৰে। যদি কিবা অস্বাভাৱিক দৃষ্টিলৈ আহে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো বৰ দৰকৰা এইখিনিতে দুটা কথা উনুকিয়াব খুজিছোঁ। ল’ৰা সন্তান জন্ম হোৱাৰ পিছকে দুটা কথা উনুকিয়াব খুজিছোঁ। ল’ৰা সন্তান জন্ম হোৱাৰ পিছতে দুটা কথাৰ ওপৰত ধ্যান দিব লাগে। এটা হ’ল সন্তানটিৰ মূত্ৰনলীৰ অংগ্ৰাংগ। ছাল পিছলৈ ঠেলি দিলে গুচি যায় নে নায়ায়। নোযোৱাটোকে ফাইম’ছিছ বোলে। ফাইম’ছিছ থাকিলে অগ্ৰাংশ ছালৰ তলত এটা ৰাসায়নিক পদাৰ্থ জমা হৈ গৈ থাকে। যিটো কৰ্কটৰ জনক বা কেঞ্চাৰকাৰক। দ্বিতীয়তে, অণ্ডকোষ দুটা অণ্ডকোষস্থলীত থিতাপি লৈছে নে নাই। যদি নাই জানিব লাগিব অণ্ডকোষ দুটা (কেতিয়াবা এটাও হ’ব পাৰে।) পেটৰ ভিতৰত বা নামি অহা বাটতৰৈ গৈছে। ইয়াকে অৱনমিত নোহোৱা অণ্ডকোষ বোলে। গৰ্ভস্থ অৱস্থাত অণ্ডকোষজুৰি শিশুৰ পেটৰ ভিতৰত থাকে। পিছলৈ অণ্ডকোষষ্থলীলৈ নামি আহে। ইয়াৰ কাৰণ হ’ল, অণ্ডকোষে বেছি উচ্চ সহ্য কৰিব নোৱাৰে। সেয়ে প্ৰকৃতিয়ে অণ্ডকোষযুৰিক শৰীৰৰ বাহিৰ অংশ( অণ্ডকোষস্থলী) ত ৰখাৰ ব্যৱস্থা কৰিছে যাতে শীতল পৰিৱেশত থাকিব পাৰে। বিভিন্ন কাৰণত অণ্ডকোষযুৰি বা এটি শৰীৰৰ ভিতৰ ভাগত থাকি গলে শৰীৰৰ বেছি উত্তাপত ইয়াৰ কোষবোৰে কৰ্কট কোষলৈ পৰ্যৱসিত হ’ব পাৰে। সেয়ে এই দুয়োটা অৱস্থাৰ চিকিৎসা অতি সোনকালে কৰাই ল’ব লাগে। ইয়াৰ চিকিৎসা তেনেই সহজ, কিন্তু অজ্ঞতা বা অৱহেলাই কঢ়িয়াই আনিব পাৰে বিপদ।

6 views0 comments