ইমৰাণ খান কিয় বিশ্বৰ সবাতকৈ অভদ্ৰ-অসভ্য প্ৰধানমন্ত্ৰী?





এখন ৰাষ্ট্ৰৰ সৈতে এখন ৰাষ্ট্ৰৰ মতান্তৰ বা ভিন্ন বিষয়ত সমস্যা থাকিব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ৰাষ্ট্ৰখনৰ মুৰব্বীয়ে সেইখন ৰাষ্ট্ৰৰ মুৰব্বীক সভ্য সমাজৰ সকলো সীমা অতিক্ৰমী সম্বোধন কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ বৈৰীতা বহু যুগৰ। কিন্তু দুয়োখন ৰাষ্ট্ৰপ্ৰধানে এজনে আনজনক সম্বোধন কৰোঁতে কেতিয়াও সভ্য সমাজৰ পৰিধি অতিক্ৰম নকৰে। চীন আৰু ভাৰতৰ বৈৰীতাও সৰ্বজনবিদিত। কিন্তু আজিলৈকে চীনৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী অথবা ভাৰতৰ ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰীয়ে প্ৰতিপক্ষক সম্বোধন কৰোঁতে সদায়েই ভদ্ৰতা আৰু বিনম্ৰতা প্ৰকাশ কৰি আহিছে। কিন্তু পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান এইক্ষেত্ৰত এটা জঘন্য ব্যতিক্ৰম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে তেওঁ যেতিয়াই কথা কয়, সভ্য সমাজত ব্যৱহৃত শব্দ এৰি এনে কিছুমান শব্দ ব্যৱহাৰ কৰে, যিটো এখন ৰাষ্ট্ৰপ্ৰধানৰ মুখত শোভা নাপায়। অভদ্ৰ আৰু অশিষ্টাচাৰৰ চূড়ান্ত নিদৰ্শন হৈ পৰে ইমৰান খান। অৱশ্যে হিন্দুৰ প্ৰতি ঘৃণাৰ ভিত্তিত প্ৰতিষ্ঠিত ৰাষ্ট্ৰ এখনৰ নেতৃত্বৰ এনে অস্বাভাৱিক তথা ৰুগ্ন মানসিকতা অস্বাভাৱিক নহয়। শেহতীয়াকৈ চীনত উপস্থিত হোৱা ইমৰাণ খানে পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত তেনে ধৰণৰ অসভ্য লোকে ব্যৱহাৰ কৰা শব্দ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। আন্তৰ্জাতিক সম্পম্ক সন্দৰ্ভত ন্যূনতম ধাৰণা নথকা ইমৰাণ খানে চীনত উপস্থিত হৈয়েই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফেচিষ্ট আখ্যা দিয়ে।

পাকিস্তানৰ অভদ্ৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে চীনত উপস্থিত হৈয়েই কাশ্মীৰ কাশ্মীৰ চিঞৰিবলৈ আৰম্ভ কৰি দিছে। আৰ্থিক মহাসংকটত পৰা নিজৰ দেশখনৰ জনসাধাৰণক উদ্ধাৰ কৰিব নোৱাৰা ইমৰাণ খানে কাশ্মীৰ কাশ্মীৰ চিঞৰি পাকিস্তানী জনসাধাৰণৰ মাজত বিৰাজমান হিন্দু-ঘৃণাক উচচনি দি নিজৰ ব্যৰ্থতাক লুকুৱাই ৰাখিব বিচাৰিছে। তেওঁ বেইজিঙত উপস্থিত হৈ কয় যে আন্তৰ্জাতিক সম্প্ৰদায়ে কাশ্মীৰত জনমত সংগ্ৰহ কৰাত ব্যৰ্থ হয়। ইমৰাণ খানৰ মতে, আন্তৰ্জাতিক সম্প্ৰদায়ে কাশ্মীৰৰ জনসাধাৰণক ভাৰতীয় সেনাৰ কবলৰ পৰা মুক্ত কৰাত কাশ্মীৰৰ জনগণৰ ইচ্ছাক অৱজ্ঞা কৰিছে। তেওঁ কয় যে মোদী চৰকাৰে কাশ্মীৰৰ জনসাধাৰণক দমন কৰাৰ বাবে ফেচিষ্ট নীতি আৱলম্বন কৰিছে।


লক্ষণীয় কথাটো হ’ল, ভাৰতৰ সৈতে আনুষ্ঠানিকভাৱে চামিল হোৱাৰ পূৰ্বে জম্মু-কাশ্মীৰ আক্ৰমণ কৰা পাকিস্তানক ভাৰতীয় সেনাই অঞ্চলটোৰ পৰা খেদিবলৈ আৰম্ভ কৰোঁতে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাষ্ট্ৰসংঘ মজিয়ালৈ বিষ,টো টানি নি ভাৰতীয় সেনাৰ সম্পূৰ্ণৰূপে জম্মু-কাশ্মীৰ উদ্ধাৰ কৰাত বাধা দিয়ে। যিয়েই নহওক, পাকিস্তানে তেতিয়াৰ পৰাই ৰাষ্ট্ৰসংঘৰ চৰ্ত এটাৰ কথা সততে আওৰাই থাকে। অৱশ্যে ইন্দিৰা গান্ধী আৰু লিয়াকত আলীৰ চিমলা চুক্তি অনুসৰি জম্মু-কাশ্মীৰ সমস্যাটো দ্বি-পাক্ষিক। অৰ্থাৎ ৰাষ্ট্ৰসংঘকে ধৰি কোনো তৃতীয় পক্ষৰ অন্তৰ্ভুক্তিৰ অৱকাশ নাই। তথাপি ৰাষ্ট্ৰসংঘত দুয়োখন ৰাষ্ট্ৰ দিয়া প্ৰতিশ্ৰুতি অনুসৰি গণভোটৰ কথাটো পাকিস্তানে সুযোগ পালেই উলিয়ায়। কিন্তু চৰ্তসমূহৰ কথা কেতিয়াও উল্লেখ নকৰে। গণভোটৰ চৰ্ত অনুসৰি, গণভোটৰ পূৰ্ব জম্মু-কাশ্মীৰৰ পৰা পাকিস্তানৰ সকলো সেনা-আৰক্ষী অপসাৰণ কৰিব লাগিব। জম্মু-কাশ্মীৰত থকা সকলো পাকিস্তানী নাগৰিকক ভোট প্ৰক্ৰিয়াটোৰ পৰা আঁতৰাই ৰাখিব লাগিব। এই কামটো পাকিস্তানে প্ৰথমে কৰিব লাগিব। ইয়াৰ সৰল অৰ্থ হৈছে পাকিস্তানৰ দখলত থকা কাশ্মীৰৰ পৰা পাকিস্তানী সেনা-আৰক্ষী আৰু নাগৰিক প্ৰথমে আংতৰিব লাগিব। তাৰ পিছত ভাৰতে জম্মু-কাশ্মীৰৰ পৰা সেনা আঁতৰাব। কিন্তু গণভোট সুকলমে অনুষ্ঠিত কৰাত প্ৰয়োজনীয় সেনা-আৰক্ষী ভাৰতে মোতায়েন কৰিব পাৰিব। সততে গণভোটৰ কথা কোৱা পাকিস্তানে কিন্তু নিজে ৰাষ্ট্ৰসংঘত দিয়া প্ৰতিশ্ৰুতি বা চৰ্তটোৰ কথা পাকিস্তান আৰু বিশ্ব নেতৃত্বৰ আগত নকয়। কিয়নো গণভোট অনুষ্ঠিত হোৱাৰ পূৰ্বে পাকিস্তানৰ দখলত থকা কাশ্মীৰৰ পৰা প্ৰথমে আঁতৰিব লাগিব। বেইজিঙতো ইমৰাণ খানে আঁৰৰ কথাখিনি কোৱা নাই। ইয়াৰ বিপৰীতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফেচিষ্ট আখ্যা দি নিজৰ কুৰুচিপূৰ্ণ চিন্তাধাৰাৰ প্ৰতিফলন ঘটাইছে। ইমৰাণ খানে ইয়াৰ পূৰ্বেও কেইবাবাৰো মোদীক ফেচিষ্ট আখ্যা দি আ্তৰ্জাতিক সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ চিন্তাৰ দৈন্য প্ৰকাশ কৰিছে। আন এটা লক্ষণীয় দিশ হৈছে নিজকে কাশ্মীৰৰ মুছলমানৰ মুক্তিদাতা সজোৱাৰ ধৃষ্টতা দেখুওৱা ইমৰাণ খানে কিন্তু চীনত উইগুৰ মুছলমানসকলে ভোগ কৰি অহা দুৰ্ভোগৰ কথা কেতিয়াও নকয়। উইগুৰ মুছলমানসকলৰ ক্ষেত্ৰত চীনে যিদৰে মানৱাধিকাৰ উলংঘা কৰিছে আৰু অত্যাচাৰৰ সীমা অতিক্ৰম কৰিছে, তাক দেখিলে হিটলাৰৰ অত্যাচাৰেও লাজ পাব। সুবিধাবাদী ইমৰাণ খানে বিষয়টোত একো নকয়। কাৰণ ভিক্ষাৰীৰ দেশত পৰিণত হোৱা পাকিস্তানক চীনৰ ধনৰ প্ৰয়োজন।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৫ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত চীনত উপস্থিত হৈছে। দিনটোক পাকিস্তানে কাশ্মীৰ দিৱস হিচাপে পালন কৰি আহিছে। দিনটোৰ সূচনা হৈছিল ১৯৯০ চনত। তদানীন্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৱে কাশ্মীৰ দিৱসৰ সূচনা কৰিছিল। কাশ্মীৰ দিৱস মানে কাশ্মীৰৰ জেহাদী, সন্ত্ৰাসবাদীক উদগনি দি ভাৰতৰ বিৰুদ্ধে যুদ্ধত নমোৱা। তিনিখন পূৰ্ণাংগ যুদ্ধ আৰু কাৰ্গিলত সীমিত পৰিসৰত হোৱা আনখন যুদ্ধত নাক-কাণ কটা যোৱা পাকিস্তানী সেনাই নিজৰ দেশবাসীৰ ওচৰত নিজৰ গ্ৰহণযোগ্যতা আৰু মিছা বীৰত্ব বজাই ৰাখিবলৈ জেহাদী-সন্ত্ৰাসবাদীক জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰি বজাই ৰখা চদ্মৱেশী যুদ্ধখনক কাশ্মীৰ দিৱস বুলি ক’ব পাৰি। ইয়াৰ বাহিৰে কাশ্মীৰ দিৱসৰ কোনো অৰ্থ নাই। দেখাত কাশ্মীৰৰ মুছলমানক ভাৰতৰ পৰা মুক্ত কৰাত সমৰ্থন আৰু সহযোগিতা কৰাৰ দোহাই দি পাকিস্তানে কাশ্মীৰ দিৱস পাতে। কিন্তু কেইজমান দৰিদ্ৰ মুছলমান যুৱকক ধৰ্মৰ বৰবিহ খুৱাই জেহাদত নমোৱাৰ বাহিৰে আজিলৈকে কাশ্মীৰৰ ক্ষেত্ৰত একোকেই কৰিব পৰা নাই। সাহস আছে যদি ভাৰতীয় সেনাৰে মুখামুখি যুদ্ধত নামি কাশ্মীৰ মুক্ত কৰক। কিন্তু পাকিস্তানৰ নপুংসক সেনাই সেইটো নকৰে। কিয়নো ভাৰতীয় সেনাৰ পৰাক্ৰম আৰুশক্তিক তেওঁলোকে ভালদৰে জানে। সেইবাবেই ইমৰাণ খানৰ দৰে ব্যক্তিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী ফেচিষ্ট আখ্যা দি নিজৰ ৰুচিহীন চিন্তাক লৈ সুখানুভূতিত মত্ত হৈ থাকে। কাশ্মীৰ দিৱস পাতি পাকিস্তানৰ নাগৰিকক মুৰ্খ সজাই থাকে।

12 views0 comments