উত্তৰ-পূব ভাৰতত বিনিয়োগত জাপান কিয় ইমান আগ্ৰহী?







জাপানৰ জাইকা নামৰ প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ অসমত ৩,৮০০ কোটি টকা বিনিয়োগ কৰি ছখন ছুপাৰস্পেচিয়েলিটী হাস্পতাল নিৰ্মাণ কৰিব। হাস্পতালকেইখন শিচলৰ, ওদালগুৰি, হোজাই, হাইলাকান্দি, দৰং আৰু ডিমা হাচাওত নিৰ্মাণ কৰা হ’ব। অকল এইকেইখন ছুপাৰ স্পেচিয়েলিটী হাস্পতালেই নহয়, জাপনে অসমকে ধৰিউত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেইবাহাজাৰ কোটি টকা বিনিয়োগ কৰিছে। ইয়ে নিসন্দেহে উত্তৰ-পূব ভাৰতৰ বিকাশত যথেষ্ট সহায় কৰিব। অকল সেয়াই নহয়, উত্তৰ-পূব ভাৰতক লৈ জাপানৰ আৰ বহু পৰিকল্পনা আচে। কিন্তু এইখিনিতে প্ৰশ্ন উঠে, উত্তৰ-পূব ভাৰতত বিনিয়োগৰ বাবে ইমান জাপান ইমান আগ্ৰহী কিয়? ভাৰতত ধন বিনিয়োগ কৰা অন্যান্য ৰাষ্ট্ৰৰ কিন্তু উত্তৰ-পূবৰ প্ৰতি বিশেষ আগ্ৰহ নাই। বেছিভাগ দেশে গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, হাৰিয়ানা, দিল্লী আদিত ধন বিনিয়োগ কৰে। জাপানহে ইয়াৰ বিপৰীত। কেন্দ্ৰ আৰু ুত্তৰ-পূবৰ ৰাজ্যকেইখনৰ চৰকাৰে যদি বিষয়টোত সমুচিত গুৰুত্ব দিয়ে, এদিন জাপানৰ বিনিয়োগে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভাগ্য সলনি কৰি দিব পাৰে।

জাপানে উত্তৰ-পূব ভাৰতত বিনিয়োগ আগ্ৰহ প্ৰদৰ্শন কৰাৰ পূৰ্বে ইতিহাসৰ দিনবোৰলৈ উভতি যোৱাৰ প্ৰয়োজন হ’ব। দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই উত্তৰ-পূব ভাৰতৰ সৈতে জাপানৰ এটা সম্পৰ্ক আছে। দ্বিতীয় বিশ্বযুদ্ধত জাপানী সেনাই নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ সৈতে কান্ধত কান্ধ মিলাই যুদ্ধত জঁপিয়াই পৰিছিল। সেই সময়ছোৱাত াজাদ হিন্দ ফৌজে মণিপুৰৰ মইৰঙত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি ব্ৰিটিছৰ বিৰুদ্ধে বিজয় ঘোষণা কৰিছিল।

বৰ্তমানৰ প্ৰেক্ষাপটলৈ আহিলে দেখা যায় যে উত্তৰ-পূব ভাৰত জাপানৰ বাবে এটা প্ৰধান ভূ-ৰাজনৈতিক অঞ্চল। দেশখনৰ মুক্ত আৰু উন্মুক্ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৰ্শনৰ উত্তৰ-পূব ভাৰত প্ৰধান অংশ। দেশখনে গুৱাহাটীত খোৱাপানী যোগান আঁচনি, অসম-মেঘালয়ত উত্তৰ-পূব পথ সংযোগ বিকাশ প্ৰকল্প, মেঘালয়ৰ উমিয়াম-উমত্ৰু ষ্টেজ III জলবিদ্যুৎ প্রকল্পৰ উন্নয়ন আৰু আধুনীকিকৰণ, ), the Sustainable Catchment Forest Management Project (Tripura), the Project on Capacity Enhancement for Sustainable Agriculture and Irrigation Development (Mizoram), a forest management project in Nagaland, the construction of primary schools in Manipur আদি প্ৰকল্পৰ কাম কৰি আছে। ইয়াৰোপৰি শেহতীয়াকৈ জাপান আৰু ভাৰতৰ মাজত সম্পাদিত চুক্তি অনুসৰি জাপানে সমাগত ৫ বছৰত ভাৰতত ৫ ত্ৰিলিয়ন ইয়েন অৰ্থাৎ ৩.২ লাখ কোটি টকা বিনিয়োগ কৰিব। ১৯ মাৰ্চত ভাৰতত অনুষ্ঠিত ১৪সংখ্যক বাৰ্ষিক ইণ্ডো-জাপান ছামিটত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’কিছিদাই এই ঘোষণা কৰে। ইয়াৰো বিপুল পৰিমাণৰ ধন অসমসহ উত্তৰ-পূবত বিনিয়োগ হ’ব। ইয়ে উত্তৰ-পূবৰ বিকাশ আৰু কৰ্মসংস্থাপনত নতুন সম্ভাৱনাৰ সৃষ্টি কৰাটো নিশ্চিত। তদুপৰি জাপানে IRISৰ জৰিয়তে উত্তৰ-পূবৰ শিক্ষাৰ্থীক জাপানত শিক্ষাগ্ৰহণৰ সুবিধা দি আহিছে।

.এইখিনিতে উল্লেখ কৰিব পাৰি যে দেশৰ অন্যান্য অঞ্চলৰ তুলনাত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰখনত বহু পিছপৰি আছে। সেয়ে অঞ্চলটোৰ বিকাশত জাপানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ প্ৰধান কাৰণ দক্ষিণ এছিয়াত উত্তৰ-পূব ভাৰতৰ ভৌগলিক অৱস্থান। এইটো সকলোৱে জানে যে আন্তৰ্জাতিক ৰাজনীতিত কেৱল ভৌগলিক অৱস্থানৰ বাবেই দীৰ্ঘদিন ধৰি পাকিস্তানে গুৰুত্ব লাভ কৰি আহিছে। দেশখন ৰাছিয়া, আফগানিস্তান, চীন, ভাৰত, ইৰানৰ দৰে দেশৰ মাজত অৱস্থিত। পশ্চিমীয়া দেশে পাকিস্তানৰ এই ভৌগলিক অৱস্থানক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰি আহিছে। আমেৰিকা আৰু ইউৰোপীয় দেশৰ লগতে চীনে সেই সুবিধা গ্ৰহণ কৰাত পাকিস্তানে সদায়েই ভৌগলিক অৱস্থানৰ মুনাফা আদায় কৰি আহিছে। কিন্তু উত্তৰ-পূব ভাৰতৰ জিঅ’ পলিটিকেল আৰু ষ্টেটেজিক অৱস্থানটোক ইমান দিনে নতুন দিল্লীয়ে উপেক্ষা কৰি আহিছিল। এক খথাত ক’বলৈ গ’লে উত্তৰ-পূব ভাৰতো যে আন্তৰ্জাতিক জিঅ’ পলিটিক্স আৰু ৰণকৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চল, সেই কথাটোক গুৰুত্ব দিয়াই নাছিল। কংগ্ৰেছে অঞ্চলটোক মাথোঁ শোষণ আৰু আইন-শৃংখলাৰ দিশেৰেহে মূল্যায়ন কৰিছিল। লুক-ইষ্ট পলিচী হাতত ল’লেও ইয়াক কাৰ্যকৰী কৰাত গুৰুত্ব দিয়া নাছিল। পৰৱৰ্তীকালত নৰেন্দ্ৰ মোদীয়ে এক্ট-ইষ্ট নীতি গ্ৰহণ কৰি অঞ্চলটোক কিছু গুৰুত্ব দিয়ে যদিও ইয়াৰ আগ্ৰগতি তেনেই লজ্জাজনক। অৰ্থাৎ নতুন দিল্লীৰ পৰা প্রয়োজনীয় গুৰুত্ব আজিও লাভ কৰা নাই। কিন্তু দক্ষিণ চীন সাগৰৰ পৰা ভাৰত মহাসাগৰলৈ চীনৰ সম্প্ৰসাৰণবাদী নীতিক ভেটিবলৈ জাপানে উত্তৰ-পূব ভাৰতৰ ভোগলিক অৱস্থানটোক সঠিকভাৱেই নিৰূপণ কৰিবলৈ সক্ষম হৈছে। জাপানৰ পৰা চীন, ম্যানমাৰ, বাংলাদেশ, ভাৰত, দক্ষিণ চীন সাগৰ, বংগোপ উপসাগৰ, ভাৰত মহাসাগৰলৈ বিস্তৃত অঞ্চলটোৰ মানচিত্ৰখন অধ্যয়ন কৰিলে উত্তৰ-পূব ভাৰতৰ এছিয়াত বিশেষকৈ দক্ষিণ এছিয়াত গুৰুত্ব কিমান, সেইটো স্পষ্টকৈ ওলাই পৰে। চীনৰ সম্প্ৰসাৰণবাদী নীতিক প্ৰতিহত কৰিবলৈ উত্তৰ-পূব ভাৰতক সকলো দিশতে অগ্ৰণী অঞ্চল হিচাপে গঢ়ি তোলাৰ কোনো বিকল্প নাই। এই কথাটো জাপানে ভালদৰে বুজি উঠিছে। বুজা নাই কেৱল কেন্দ্ৰীয় চৰকাৰ আৰু অঞ্চলটোৰ ৰাজ্য চৰকাৰকেইখনে। সেইবাবে আজিলৈকে এই অঞ্চলটোৰ আন্ত-গাঁথনিগত বিকাশত চৰকাৰী আঁচনি, পৰিকল্পনা শিশুসুলভ হৈয়েই আছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতে চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ সৈতে ভাৰত কোৱাড নামৰ এখন গুৰুত্বপূৰ্ণ মঞ্চৰ অংশীদাৰ হৈ আছে। মঞ্চখনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আগ্ৰাসান ৰোধ কৰাৰ বাবে নীতি প্ৰস্তুত কৰি আছে। অঞ্চলটোৰ এটা প্ৰাণকেন্দ্ৰস্বৰূপ হৈ আছে উত্তৰ-পূব ভাৰত। তদুপৰি, ভাৰত আৰু জাপান চীনৰ ৱান বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰো অংশীদাৰ নহয়। সেয়ে অঞ্চলটোৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে।

লেখাটোৰ পূৰ্বতে কোৱা হৈছে যে উত্তৰ-পূব ভাৰত জাপানৰ Free and Open Indo-Pacific Visionৰ এটা গুৰুত্বপূৰ্ণ অংশ। ভিজনটোৰ লক্ষ্য হৈছে- সকলো দেশ একলগ হৈ ভাৰত-প্ৰশান্ত মহাসাগৰীয় বাণিজ্যিক পথটো সকলোৰে বাবে বাধাহীন আৰু মুক্ত কৰি ৰখা। ইয়াৰ বাবে জাপানে ইতিমধ্যে ম্যানমাৰ আৰু বাংলাদেসত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছে। কিন্তু লিংকটোৰ সৈতে উত্তৰ-পূব ভাৰতৰ সংযোগ ঘটা নাই। অথচ উত্তৰ-পূব ভাৰত ইয়াৰ মধ্যমণি হোৱাৰ সম্ভাৱনাৰে পৰিপূৰ্ণ অঞ্চল। জাপানৰ সহায়েই এই বিচ্ছিন্নতাত এখন দলঙৰ দৰে কাম কৰিব।

উত্তৰ-পূব ভাৰতত আন্তঃগাঁথনিৰ বিকাশ ঘটিলে সামগ্ৰিকভাৱে ভাৰতো সমৃদ্ধিশালী হ’ব। দেশখনত উৎপাদিত সামগ্ৰীয়ে এখন নতুন বজাৰ বিচাৰি পাব। আন দেশৰ সামগ্ৰী উত্তৰ-পূবৰ জৰিয়তে দেশখনৰ আন অংশলৈকে ৰপ্তানি হ’ব। বাণিজ্য আৰু ভূ-ৰাজনৈতিক ক্ষেত্ৰখনত উত্তৰ-পূবৰ স্থান নতুনকৈ নিৰ্ণয় হ’ব আৰু ই বিশ্বৰ বিভিন্ন উন্নত ৰাষ্ট্ৰ বাবে বিনিয়োগৰ প্ৰাণকেন্দ্ৰ হৈ উঠিব। চীনৰ আৰ্হিত উত্তৰ-পূব ভাৰতত বিনিয়োগৰ নতুন ক্ষেত্ৰ এখন গঢ় লৈ উঠিব।

জাপানে আন এটা কাৰণত উত্তৰ-পূব ভাৰতত বিনিয়োগত আগ্ৰহী। সেইটো হৈছে উত্তৰ-পূব ভাৰতৰ বাসিন্দা। ইয়াৰ জনজাতিসকলৰ শাৰীৰিক অৱয়বৰ সৈতে জাপানৰ লোকৰ সাদৃশ্য আছে। ইয়ে people to peopleৰ সম্পৰ্কক অধিক সহজ কৰি তোলে। দিল্লীকে ধৰি দেশৰ আন অংশত মাথোঁ শাৰীৰিক অৱয়বৰ বাবে লাঞ্চনা-বঞ্চনা, উপলুঙাৰ সন্মুখীন হৈ এই অঞ্চলৰ লোকে এদিন ভাৰতক ধনী কৰিব পাৰে। বিশ্বগুৰু হোৱা তথা বৃহৎ আৰ্থিক সক্তিত পৰিমত হোৱাৰ স্বপ্নটো পূৰণ কৰিব পাৰে।

4 views0 comments