গৱেষণাত উত্তৰ আহিল-কৰোনাৰ আন ৰূপৰ তুলনাত কিয় ভয়াৱহ নহয় অমাইক্ৰন




ডেল্টা বা কৰোনাভাইৰাছৰ আন ৰূপসমূহৰ দৰে হাওঁফাওঁৰ কোষসমূহহ ভিতৰত তৎক্ষণাৎ প্ৰৱেশ কৰিব পৰা নাই অমাইক্ৰনে। মানৱদেহৰ এটা কোষৰ পৰা আনটো কোষলৈকেও যোৱাৰ ক্ষেত্ৰতো অমাইক্ৰন সিমান শক্তিশালী নহয়। অমাইক্ৰনত সংক্ৰমিত হোৱা ব্যক্তি এজনৰ দেহত ভাইৰাছটোৰ নতুন ৰূপটো সিমান ভয়াৱহ হৈ উঠা নাই। ইয়াৰ বাবে অমাইক্ৰনত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা যথেষ্ট কম। কিন্তু কিয়?

কেমব্রিজ ইনষ্টিটিউট ৰর থেৰাপিউটিক ইমিউনোলজি এণঅড ইনফেকচাছ ডিজিজেছ’ৰ বিজ্ঞানী এদলে ইয়াৰ উত্তৰ দিছে। পিয়ায় ৰিভীউ পর্যায় অতিক্ৰমি গৱেষণাপত্রখন এখন আন্তর্জাতিক বিজ্ঞান গৱেষণামূলক আলোচনীত শীঘ্ৰেই প্ৰকাশ পাব। দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডত ডেল্টাৰ তুলনাত অমাইক্ৰনৰ সংক্ৰমণ কিয় সিমান ভয়াৱহ হৈ উঠা নাই, গৱেষণাপত্ৰখনে তাৰ ুত্তৰ দিব পাৰিব বুলি একাংশ বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

অৱশ্যে এই গৱেষণা কোৱা হৈছে কেউটা পৰ্যায়ৰ টিকা গ্ৰহণত শৰীৰত সৃষ্টি হোৱা প্ৰতিৰোধ শক্তিক অমাইক্ৰনে সহজে অতিক্ৰম কৰিব পাৰে। কিন্তু হাওফাওত তৎক্ষণাৎ প্ৰৱেশ কৰিব পৰা নাই। সেয়ে অমাইক্ৰন এতিয়ালৈকে সিমান ভয়াৱহ হৈ উঠা নাই। তদুপৰি, এইটো কাৰমতে কৰোনাৰ আন ভেৰিয়েণ্টৰ তুলনাত এইটো ৰূপৰ সংক্ৰমণত মৃত্যুৰ হাৰ কম। অৱশ্যে এই পৰীক্ষাটো গৱেষমাগাৰত চলোৱা হৈছে। অমাইক্ৰনত সংক্ৰমিত লোকক লৈ চলোৱা হোৱা নাই।


ইফালে, গৱেষকৰ দলটোৰ অন্যতম কেমব্রিজ ইনষ্টিটিউট ফৰ থেৰাপিউটিক ইমিউনোলজি এণ্ড ইনফেকচাছ ডিজিজেছৰ ক্লিনিকেল মাইক্র’বায়োলজি বিভাগৰ অধ্যাপক ৰবীন্দ্র গুপ্তই এটা বিবৃতিত কৈছে যে কেউটা পৰ্যায়ৰ টিকা লোৱা সত্ত্বেও মানুহৰ দেহত গঠন হোৱা প্ৰতিৰোধ ক্ষমতা ছয়ৰ পৰা নমাহৰ ভিতৰত কমি গৈছে। বিশেষকৈ অমাইক্ৰনক বাধা দিয়াৰ ক্ষেত্ৰত। ইয়াৰ বিপৰীতে ফাইজাৰৰ বুষ্টাৰ টিকাই অমাইক্ৰনক ভাধা দিয়াত যখেষ্ট সফল হৈছে।

ৰবীন্দ্রৰ কথাত, ‘‘গৱেষণাত আমি দেখিছো যে অমাইক্ৰনৰ আক্ৰমণৰ দুটা দিশা আছে। এটা ভোটা। আনটো তীক্ষ্ণ চোকা। ভোটা দিশটোৰ বাবে অমাইক্ৰনে হাওফাওৰ কোষবোৰৰ ভিতৰত প্ৰৱেশ কৰি কৰোনাক ভয়াৱহ কৰি তুলিব পৰা নাই। আৰু শাণিত দিশটোৰ বাবে টিকা লোৱাৰ ফলত সৃষ্টি হোৱা প্ৰতিৰোধ শক্তিক ভেদ কৰিবলৈ সক্ষম হৈছে। ফলত সংক্ৰমণ ৰোধ কৰাটো কাৰ্যতঃ কঠিন হৈ পৰিছে।”


গৱেষকসকলে কৃত্রিমভাৱে তৈয়াৰ কৰা অমাইক্ৰনক লৈ গৱেষণাগাৰত কাম কৰি আছে। ইয়াৰ অ্যয়ন চলাই আছে। ইয়াত দেখা গৈছে যে কোষৰ ভিতৰত প্ৰৱেশ কৰি তাৰ প্ৰাচীৰ ভাঙি ওলাই অহাৰ ক্ষেত্ৰতো ডেল্টাৰ শক্তিৰ কাষলৈয়েই যাব পৰা নাই অমাইক্ৰন।

28 views0 comments