হঠাতে কিয় অতি হিন্দু হৈ পৰে ৰাহুল-মমতা-কেজৰিৱাল




ভাৰতবৰ্ষ হিন্দুৰ ওপজাভূমি। দেশখনৰ কোটি কোটি লোক হিন্দু ধৰ্মত বিশ্বাসী। এককথাত ক’বলৈ গ’লে হিন্দু এটা মাথোঁ ধৰ্ময়েই নহয়, ই ভাৰতবৰ্ষৰ পৰিচয়। ভাৰতৰ আত্মা। স্বাভাৱিকতে েদেশখনৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ থাকিব। ৰাজনৈতিক দলৰ সাফল্য-বিফলতাৰ বাবে ই এটা নিৰ্ণায়ক সক্তি হৈ থাকিব। ইয়াক অস্বীকাৰ কৰাসকলে অৱশ্যে ইফতাৰ পাৰ্টীত ভাগ লোৱা বা আয়োজন কৰাত বিবেক দংশনত নোভোগে। যি কি নহওক, ভাৰতীয় ৰাজনীতিত হিন্দু আৰু হিন্দুত্বৰ এৰাব নোৱাৰা প্ৰভাৱৰ যুগ এটা ইতিমধ্যে াহিছে। দেশখনৰ কোটি কোটি লোকৰ মাজত নিজকে হিন্দু হিচাপে গৌৰৱ কৰাৰ যুগ এটাৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ দীঘলীয়া শাসনকালত হিন্দুসকলে নিজকে মই হিন্দু হিচাপে ক’বলৈ ইতস্ততবোধ কৰিছিল। কিজানি দেশৰ ধৰ্মনিৰপেক্ষতা সংকটত পৰে। ইয়াৰ বিপৰীতে আন ধৰ্ম বিশেষকৈ আফগানিস্তান, ইৰান, তুৰস্ক আদিৰ পৰা অহা আক্ৰমণকাৰীসকলে বলপূৰ্বকভাৱে জাপি ধিয়া ধৰ্ম এটাৰ লোকে বুকু ফিন্দাই নিজৰ ধৰ্মীয় পৰিচয় জাহিৰ কৰিছিল। সেয়া লাগিলে ব্যস্তা ৰাজপথত হেঙাৰৰ সৃষ্টি কৰি নেদেখাজনৰ আৰাধনা কৰাই হওক বা কাহিলিপুৱাতে মাইকটো বজাই জনসাধাৰণৰ সুখনিদ্ৰা ভংগ কৰিয়েই হওক। সেইবোৰ কৰিব নিদিলে দেশৰ ধৰ্মনিৰপেক্ষতা সংকটত পৰিব বুলি গান্ধী পৰিয়ালে দেশবাশীক বুজাই থৈছিল। কিন্তু দিন যেতিয়া সলনি হ’ল, ভাৰতৰ ৰাজনীতিত হঠাৎ হিন্দু নেতাৰ আবিভাৰ্ৱো বাঢ়িবলৈ ধৰিলে। ৰাজনৈতিক নেতাৰ হিন্দুপ্ৰীতিও বাঢ়িবলৈ ধৰিলে। সেয়ে কংগ্ৰেছৰ তথাকথিত যুৱৰাজ ৰাহুল গান্ধী, দলটোৰ জ্যেষ্ঠ নেতা চলমান খুৰশিদ আদিৰ মুখত শেহতীয়াকৈ হিন্দু আৰু হিন্দুত্বক লৈ বৰ বৰ কথা শুনা গৈছে। স্বাধীনতাৰ পিছত দেশখন সুদীৰ্ঘকাল শাসন কৰা দলটোৱে এতিয়া অস্তিত্বৰ সংকটৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ আৰম্ভ কৰিছে হিন্দুৰ ধ্বনি দিবলৈ। কিন্তু ইমান বছৰে যিটো দলৰ হাতত হিন্দু আৰু হিন্দুত্বই নিজৰ ওপজাভূমিতে অৱহেলিত হৈ থাকিবলগীয়া হৈছিল, সেই দলটোৰ পৰা প্ৰকৃতাৰ্থত হিন্দুৰ কল্যাণ কামনা কৰিব পাৰিনে? এই প্ৰশ্নটোৰ উত্তৰ কংগ্ৰেচে নিজেই দিছে। সংখ্যালঘুৰ সন্তুষ্টিকে ৰাজনীতিৰ একমাত্ৰ উদ্দেশ্য আৰু লক্ষ্য হিচাপে লোৱা কংগ্ৰেছৰ হিন্দু আৰু হিন্দুত্বৰ ব্যাখাতো মুছলমানৰ তোষামোদ স্পষ্ট হৈ উজলিল। হিন্দুৰ নাম লৈ দলটোৱে হাজাৰ হাজাৰ বছৰ প্ৰাচীন ধৰ্মটোৰ মাজত বিভাজন অনাৰ অপচেষ্টাত লিপ্ত হ’ল। হিন্দু দুৰ্বল হ’লে সবল হ’ব সংখ্যালঘুৰ মনোবল। একপ্ৰকাৰ এই নীতিকে সাৰোগত কৰি চলমান খুৰছিদ, ৰাহুল গান্ধীয়ে হিন্দু আৰু হিন্দুত্বৰ অপব্যাখ্যা আৰম্ভ কৰি দিছে। ৰাহুল গান্ধী আৰুচলমান খুৰছিদৰ ব্যাখ্যাত হিন্দু আৰু হিন্দুত্বক একেশাৰীয়ে ৰখা হৈছে। জনসাধাৰণক বুজাই দিবলৈ চেষ্টা চলোৱা হৈছে যে হিন্দু ভাল, হিন্দুত্ব বেয়া। অৰ্থাৎ হিন্দু ভাল কিন্তু ইয়াৰ ismটো বেয়া। এনে নিকৃষ্ট চিন্তা কেৱল মুৰ্খইহে কৰিব পাৰে। জ্ঞানীয়ে তেনে কথা কল্পনাও কৰিব নোৱাৰে। চলমান খুৰছিদ, ৰাহুল গান্ধীয়ে পাৰে। কিয়নো তেওঁলোকৰ বাবে হিন্দু, হিন্দুত্ব ৰান্ধে নে তিয়াই খাবলগীয়া বস্তু নে আধ্যাত্মিকতাৰ বিষয়, সেইটো লৈ মূৰ ঘমাবলগীয়া নাই। মূল কথাটো হৈছে ৰাজনৈতিক মুনাফা আদায় কৰা। মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি সমাজখন ভাগ ভাগ কৰা আৰু ভোট আদায় কৰা। কিন্তু ইয়াৰ জৰিয়তে হিন্দুক আত্মাৰ সৈতে বিচ্ছিন্ন কৰাৰ যি ধৃষ্টতা দেখুৱাইছে, তাৰ বাবে ভাৰতবৰ্ষৰ জনসাধাৰণে তেওঁলোকক ক্ষমা কৰা উচিতনে? সেয়া ক্ষমাৰ যোগ্যনে?


কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে অলপতে জয়পুৰত অনুষ্ঠিত এখন সভাত নিজকে আৰু সভাত উপস্থিত থকা সকলোকে হিন্দু বুলি পৰিচয় দিয়াই হিন্দুত্ব অৰ্থাৎ হিন্দুত আত্মাটোক উগ্ৰপন্থীৰ সৈতে তুলনা কৰিছে। তুলনা কৰিছে এইবাবেই যে দলটোৰ প্ৰধান প্ৰতিপক্ষ বিজেপিক জনসাধাৰণৰ দৃষ্টিত হিন্দুবিৰোধী সজাব লাগে। বিজেপি-আৰ এছ এছৰ জনভিত্তি নাইকিয়া কৰিব লাগে। এজন ৰাজনৈতিক নেতা হিচাপে বিজেপি-আৰএছএছক সমালোচনা কৰাৰ অধিকাৰ ৰাহুল গান্ধীৰ আছে। এয়া তেওঁৰ সংবিধানপ্ৰদত্ত অধিকাৰ। কিন্তু প্ৰতিপক্ষক সমালোচনাৰ নামত বিশ্বৰ সবাতকৈ প্ৰাচীন আৰু সমৃদ্ধিশালী ধৰ্ম এটাৰ অপব্যাখা কৰাৰ অধিকাৰ তেওঁৰ আছেনে? হিন্দুক হিন্দুত্বৰ পৰা আঁতৰোৱা মানে ধৰ্মটোক আত্মাৰ পৰা বিচ্ছিন্ন কৰাৰ অপচেষ্টা নহয়নে? যদিওবা এইটোও সত্য যে কংগ্ৰেছৰ পৰা প্ৰকৃতাৰ্থত হিন্দু আৰু হিন্দুত্বৰ সঠিক ব্যাখ্যা কোনোৱে কামনা নকৰে। ইতিহাস ইয়াৰ সাক্ষী হৈ আছে।

এতিয়া আহো চলমান খুৰছিদৰ প্ৰসংগলৈ। অলপতে তেওঁৰ গ্ৰন্থ এখন উন্মোচন হৈছে। অযোধ্যা বিষয়ক গ্ৰন্থখনত খুৰছিদে হিন্দুত্বক আইছিছ, বকো হাৰামৰ দৰে কুখ্যাত জেহাদী-সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছে। পিছত তেওঁ ইয়াৰ স্পষ্টীকৰণ এটা দি কৈছে যে তেওঁ ধ্রুপদী ‘হিন্দু ধর্ম’ক ধর্মীয় বিশ্বাস আৰু ‘হিন্দুত্ব’ক রাজনৈতিক শোষণৰ মাধ্যম বুলি অভিহিত কৰি দুয়োৰে মাজত পাৰ্থক্যৰেখা টনাৰ প্ৰয়াস চলাইছে। অৰ্থাৎ সেই একেই কথাটো-হিন্দু ভাল, হিন্দুত্ব বেয়া। ধৃষ্টতাৰো এটা সীমা থকা উচিত।


কংগ্ৰেছে উত্তৰ প্ৰদেশকে ধৰি দেশৰ পাঁচখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিন্দু আৰু হিন্দুত্বক পৃথকীকৰণৰ জৰিয়তে নতুন ৰাজনৈতিক সমীকৰণ গঢ়িব বিচৰা কংগ্ৰেছৰ এই স্থিতিয়ে এপিনে যিদৰে হিন্দুবিৰোধী স্থিতিক পুনৰবাৰ জনসাধাৰণৰ মাজলৈ লৈ আহিছে, একেদৰে দলটোৰ নেতৃত্ব যে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী সমৰত অৱতীৰ্ণ হ’বলৈ কোনো ইছ্যু বিচাৰি নাপাই দিশহাৰা হৈ পৰিছে, তাকো উন্মোচিত কৰিছে। চাৰি বছৰ পূৰ্বে, ২০১৭ চনত অনুষ্ঠিত গুজৰাট বিধানসভা নির্বাচনৰ সময়ত ৰাহুল গান্ধী হঠাৎ হিন্দু হৈ পৰিছিল আৰু মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। তেওঁ নিজকে নিষ্ঠাৱান হিন্দু ৰূপে দাবী কৰিছিল। আন আন বিৰোধী নেতাসকলেও নিজৰ নিজৰ হিন্দু পৰিচয় প্ৰকাশ্যে আনি হিন্দুৰ সৈতে নিজকে সংযুক্ত কৰাৰ চেষ্টা ২০২০ চনৰ দিল্লী বিধানসভা নির্বাচনৰ আগে আগে অৰবিন্দ কেজৰিৱালে হনুমান চালিশা পাঠ কৰিছিল। এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জীয়ে হিন্দু ব্ৰাহ্মণ কন্যা হিচাপে তেওঁ যে চণ্ডীপাঠ কৰিব পাৰে, সেয়া বুজাই হিন্দু মন্ত্রক কৌশলগতভাৱে ‘নৰম’ হিন্দুত্বত ডিজাইন কৰি ব্যৱহাৰ কৰা হৈছে হিন্দু ভোটবেংকৰ ওপৰত বিজেপি নেতৃত্বৰ থকা একচেটিয়া অধিকাৰক চেলেঞ্জ কৰিবলৈ।

বিজেপিয়ে একেদিনাই নতুন দিল্লীৰ শাসনত উপৱিষ্ট হোৱাৰ সক্ষমতা অৰ্জন কৰা নাই। ইয়াৰ বাবে ৰাজনৈতিক দলটোৱে বহু সংগ্ৰাম আৰু কঠিন শ্ৰমৰ দীঘলীয়া পথ এটা অতিক্ৰম কৰি আহিবলগীয়া হৈছে। দলটোৰ নীতিৰ সৈতে হিন্দু আৰু হিন্দুত্বৰ প্ৰসাৰ, প্ৰচাৰ আৰু ঐতিহ্য-পৰম্পৰা, স্থাপত্য আদি সকলো সংযুক্ত হৈ আছে। তথাপি প্ৰায় ৮০ শতাংশ হিন্দুৰ দেশ ভাৰতবৰ্ষৰ ক্ষমতালৈ আহিবলৈ দলটোৱে কঠিন সংগ্ৰামৰ মাজেৰে আহিবলগীয়া হৈছে। হিন্দু আৰু হিন্দুত্বত সমৰ্পিত দলটোৱে জনসাধাৰণৰ আস্থা-বিশ্বাস জয় কৰিবলৈ বহু পৰীক্ষা দিবলগীয়া হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ দৰে দলৰ ইতিহাস মাথোঁ হিন্দু আৰু হিন্দুত্বক অৱজ্ঞাৰহে। কংগ্ৰেছে ভাৰতৰ সৰ্ববৃহৎ জনসমষ্টি হিন্দুসকলৰ বাবে উছৰ্গিত মনোভাৱ প্ৰদৰ্শন কৰাহেঁতেন ভাৰতীয় ৰাজনীতিত বিজেপিৰ উত্থান সম্ভৱেই নহ’লহেঁতেন। এতিয়া যদি বিজেপিৰ উত্থান আৰু শক্তিৰ ওচৰত অসহায়বোধ কৰি হিন্দুৰ জয়গান আৰম্ভ কৰে, জনগণে তেওঁলোকক গ্ৰহণ কৰিবনে? যদি অলপমান গ্ৰহণযোগ্যতাৰ সম্ভাৱনাও আছিল, সেয়াও হিন্দু আৰু হিন্দুত্বৰ মাজত ভাল-বেয়াৰ প্ৰভেদ আনি নষ্ট কৰিলে। এতিয়া দলটো জনসাধাৰণৰ প্ৰশ্নৰহে সন্মুখীন হ’ব লাগিব।কংগ্ৰেছ তথা আন আন বিৰোধী ৰাজনৈতিক দলৰ বাবে সংঘ পৰিয়ালৰ হিন্দুত্বক ‘হিন্দুবিৰোধী’ বুলি অভিহিত কৰা ব্যর্থ রাজনৈতিক কৌশল হিচাপে থাকি যাব, যদি সেয়া কোনো শক্তিশালী, বিকল্প আদর্শগত অৱস্থান বা বিশ্বাসযোগ্য নেতৃত্বৰ দ্বাৰা সমর্থিত হয়। ২০১৩ চনত প্রাক্তন গৃহমন্ত্রী সুশীলকুমাৰ সিন্দেৰ ‘গেৰুৱা সন্ত্রাস’ মন্তব্যৰ তীব্র প্রতিক্রিয়াৰ মনত পেলাব পাৰে। উদাহৰণস্বৰূপে, ৰাহুল-খুৰছিদৰ সমালোচনা সংঘ পৰিয়ালক ‘হিন্দু খতৰে মে হ্যায়’ বা্ৰ্তা জনসাধাৰণৰ মাজলৈ নিয়াত অধিক সুবিধা কৰি দিব। বিৰোধীৰ দিল্লী দখল সপোন হৈয়েই ৰ’ব।

2 views0 comments