আকৌ জে'ল হ'ব নেকি ছলমানৰ : আদালতৰ চমন ভাইজানলৈ





বদমেজাজী ছলমান খানৰ এই বদমেজাজে আৰু এবাৰ চিনে তাৰকাগৰাকীলৈ বিপদ মাতি আনিলে। অহা ৫ এপ্ৰিলত মুম্বাইৰ আন্ধেৰী ক'ৰ্টত হাজিৰ হ'ব লাগিব তেওঁ। ইতিমধ্যে তেওঁৰ চমন লাভ কৰিছে।

ছালমান খানৰ অভিযোগকৰ্তাজন হৈছে সাংবাদিক অশোক পাণ্ডে। সাংবাদকজনে ২০১৯ চনতে ভাইজানৰ বিৰুদ্ধে গোচৰ তৰিছিল


সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি অনুসৰি, ৫ এপ্ৰিলত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ছলমানক। ছলমানে ২০১৯ চনত সাংবাদিক পাণ্ডেক অভব্য আচৰণ কৰিছি। তাৰ পিছতে সাংবাদিকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰটো ৰুজু হয়। আইপিচিৰ ৫০৪ আৰু ৫০৬নং ধাৰাত গোচৰটো ৰুজু হয়। আনহাতে, বিষয়টো সন্দৰ্ভত ছলমানে কোনো কথা সদৰী কৰা নাই।



উল্লেখ্য যে ছলমান খানৰ মেজাজ কেনেকুৱা, সেয়া সকলোৱে জানে। মাজে সময়ে তেওঁক খঙাল ৰূপত দেখা যায়। খঙতে সাংবাদিকক অপদস্থ কৰাৰ ঘটনাও সংঘটিত হৈছে বহুবাৰ। আনকি ছলমান খানে মানা কৰাৰ পিছত ছেলফি ল’বলৈ যোৱা অনুৰাগীৰ সৈতেও বেয়া ব্যৱহাৰ কৰিছিল তেওঁ। আনকি অনুৰাগীৰ ফোন কাঢ়ি নি দলিয়াই পেলোৱাও দেখা গৈছিল।


সাধাৰণ লোকৰ সৈতেই নহয়, তাৰকাৰ সৈতেও মাৰপিট কৰাৰ ঘটনা সংঘটিত কৰিছে ছলমানে। কেটৰিনাৰ জন্মদিনত শ্বাহৰুখ খানৰ সৈতে মাৰপিটত লিপ্ত হৈছিল। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত নাছিল মাত–বোল। অৱশ্যে সেই ভুল বুজাবুজি তেওঁলোকে পাহৰি পেলাইছে। ইয়াৰ পূৰ্বেও কৃষ্ণসাৰ মৃগ আৰু নিশা অনিয়ন্ত্ৰিতভাৱে গাড়ী চলোৱাৰ বাবে দীৰ্ঘদিন আদালতলৈ দৌৰিবলগীয়া হৈছিল অভিনেতাজন।

3 views0 comments