আকৌ হ'ব নেকি 'কা'বিৰোধী আন্দোলন? আখৰাত ব্যস্ত আছু, যুৱ-ছাত্ৰ, জুবিন, অখিল





কেন্দ্ৰীয় চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ পিছত দেশত 'কা'বিৰোধী আন্দোলন পুনৰ গা কৰি উঠাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল। অসমত ইয়াৰ উকমুকনি দেখা পোৱা গৈছে। 'কা'বিৰোধী শক্তি আৰু সংগঠনসমূহে আন্দোলনটোক নতুন মাত্ৰা দিবলৈ উঠিপৰি লাগিছে। বিশেষকৈ ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ পৰাই ৰাজ্যখনত পুনৰ 'কা'বিৰোধী আন্দোলনক গতি প্ৰদানৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ বিপৰীতে আইনখনৰ সমৰ্থক বিজেপি শিবিৰো ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। অৱশ্যে এতিয়ালৈকে জনগণৰ স্থিতি স্পষ্ট হোৱা নাই। ক'তোৱেই জনসাধাৰণে এতিয়ালৈকে ৰাজপথলৈ ওলাই অহাৰ ইংগিত দিয়া নাই।


দেওবাৰ অৰ্থাৎ আজি আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আন্দোলনটোক উত্তৰ-পূবলৈ সম্প্ৰসাৰিত কৰাৰ কথা কৈছে। যুৱপ্ৰজন্মৰ হৃদস্পন্দনস্বৰূপ জুবিন গাৰ্গেও 'কা'বিৰোধী আন্দোলনৰ কথা কৈছে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে একেই সুৰতে বক্তব্য ৰাখিছে। পাঠশালাত অনুষ্ঠিত কেন্দ্ৰীয় শ্বহীদ দিৱসত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও অসমবাসীক আন্দোলনটোৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে। তেন্তে অসমত আকৌ হ'হ নেকি 'কা'বিৰোধী আন্দোলন?


আজি হাতীগাঁৱত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে কৈছে- ''কা' বিৰুদ্ধে মই এতিয়াও আছোঁ। মোৰ চিধা কথা কা আমি নামানো।'


তেওঁ কয়- 'কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবক কনফিউজড কৰি গৈছে, বিশেষকৈ অসমক। কিহৰ বাবে কৰিছে নাজানো। আলোচনা বহুতেই কৰি আছে। কিন্তু ফলাফল পোৱা নাই।' জুবিনে লগতে ৰাজ্য চৰকাৰলৈ আহ্বান জনাই কয় যে এতিয়া সকলো সলনি হৈছে। চৰকাৰো নতুন হৈছে। নতুন চৰকাৰে কথাখিনি চিন্তা কৰক। কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰক । আমাক মাতক। আমিও বহিম আলোচনাত। তেওঁ উত্তৰ-পূবৰ জনসাধাৰণক নিজৰ স্থিতিত অটল থাকিবলৈ আহ্বান জনায়। 'কা' বাতিল নোহোৱাপৰ্যন্ত নিজৰ স্থিতিত অটল থাকিব জুবিন গাৰ্গ।


ইফালে, দেওবাৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এখন সংবাদ মেল সম্বোধন কৰি আন্দোলনটোক উত্তৰ-পূবকেন্দ্ৰিক কৰাৰ পৰিকল্পনাৰ বিষয়ে সদৰী কৰে। তেওঁ কয়- 'কা' আন্দোলন অসম নহয়, উত্তৰ-পূবকেন্দ্ৰিক হ'ব। ড০ ভট্টাচাৰ্যৰ মতে, আন্দোলন হ'ব। লৰা-ছোৱালীয়ে পঢ়িব আৰু আন্দোলনো কৰিব। এয়া আমাৰ নীতি আছিল। কিন্তু আন্দোলন আৰম্ভ হোৱাৰ সময়তে ক'ভিড লকডাউন,পৰীক্ষা আদিৰ বাবে স্থৱিৰ হৈছিল। আন্দোলন আৰম্ভ হৈছে আৰু হ'বই।


তেওঁ কয়- 'জুইকুৰা এতিয়াও জ্বলি আছে।'



সংবাদ মেলত ড০ ভট্টাচাৰ্যই আৰু কয়- 'আমি অহিংসাৰ পক্ষত। ৰাজপথৰ আন্দোলন খেলপথাৰত সোমাই দিয়া কথাটো এক অপ্ৰচাৰ চলাইছে। ৰাজপথৰ আন্দোলন ৰাজপথত হ'ব, খেলপথাৰৰ আন্দোলন খেলপথাৰত হ'ব। আন্দোলনটো সাংস্কৃতিক আন্দোলন হৈছে নেকি, বহুতৰে প্ৰশ্ন। অহিংস আন্দোলন আগুৱাই নিয়াত সাংস্কৃতি আন্দোলন শক্তিশালী কৰাৰ মাধ্যম। এনেকুৱা অপ্ৰচাৰ চলাব নাপায়। পূৰ্বৰ পৰাই বিশিষ্ট শিল্পী সকলে সাংস্কৃতিৰ মাজেৰে আন্দোলন কৰি গৈছিল।'


এইদৰে এতিয়া অসমত 'কা'বিৰোধী আন্দোলনক নতুনকৈ প্ৰাণ দিয়াৰ আখৰা চলিছে।

7 views0 comments