আকৌ জিনপিং হ'ব নেকি ৰাষ্ট্ৰপতি? চীনত কিদৰে নিৰ্বাচিত হয় ৰাষ্ট্ৰপতি?




চীনৰ শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টীৰ কংগ্ৰেছৰ বৈঠকৰ নিবদ্ধ হৈছে সমগ্ৰ বিশ্বৰ নজৰ। বৈঠকখনত এনে বিশেষ কি হ'ব? দৰাচলতে বৈঠকখনতে চীনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব, সেইটো সুনিশ্চিত হ'ব। এইখিনিতে প্ৰশ্ন উঠে- চীনত ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় নেকি? চীনত কিদৰে ৰাষ্ট্ৰপতি বাছনি কৰা হয়? চি

জিনপিং দেশখনৰ পুনৰ ৰাষ্ট্ৰপতি হ'ব নেকি?



চীনৰ শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টীৰ কংগ্ৰেছৰ ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বৈঠকখন বিশেষ তাৎপৰ্যপূৰ্ণ। বৈঠকখনতে কমিউনিষ্ট পাৰ্টীৰ নেতৃত্ব কাৰ হাতলৈ যাব, সেইটো নিৰ্ণয় কৰা হয়। বৈঠকতে নিশ্চিত কৰা হয় যে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ ৰাষ্টখন কোনে শাসন কৰিব।


কিদৰে ৰাষ্ট্ৰপতি বাছনি হয়?


১) চীন কমিউনিষ্ট পাৰ্টীৰ শাসনত থাকিলেও তাত ৰাষ্ট্ৰপতি অৰ্থাৎ পাৰ্টীৰ সচিবপ্ৰধানৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। কমিউনিষ্ট পাৰ্টী অৱ চাইনাই দেশজুৰি প্ৰতিনিধি নিযুক্তি দিয়ে। ইয়াৰ পিছত বেইজিঙৰ গ্ৰেট হলত বৈঠক অনুষ্ঠিত হয়। তাত প্ৰায় ২,৩০০ প্ৰতিনিধিয়ে ভাগ লয়। বৈঠকত কেন্দ্ৰীয় সমিতি গঠন হয়। কেন্দ্ৰীয় সমিতিত ২০০জন সদস্য থাকে। সমিতিখনে পোলিত ব্যুৰ' গঠন কৰে। পোলিত ব্যুৰ’ই স্থায়ী সমিতি গঠন কৰে। দুয়োখন সমিতিয়ে চীনৰ সকলো নীতিগত দিশ নিৰ্ণয় কৰে। চীনৰ পোলিত ব্যুৰ’ত বৰ্তমান ২৪জন সদস্য আছে। ষ্টেণ্ডিং সমিতিৰ সদস্যসংখ্যা ৭জন। অৱশ্যে সদস্যৰ সংখ্যা সলনি হৈ থাকে।

২) চীনত ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া এটা গ্ৰহণ কৰা হয়। অৱশ্যে বাস্তৱত চাবলৈ গ'লে ব্যক্তিজন আগেয়ে নিৰ্ধাৰণ হৈয়েই থাকে। চেণ্ট্ৰেল কমিটীয়ে শীৰ্ষনেতাজন অৰ্থাৎ পাৰ্টীৰ সচিবপ্ৰধানজনক নিৰ্বাচিত কৰে। তেৱেঁই দেশখনৰ ৰাষ্ট্ৰপতি হয়। তেওঁৰ কাৰ্যকাল ৫ বছৰ। কমিউনিষ্ট পাৰ্টীৰ কংগ্ৰেছত দেশখনৰ ভাবীকালৰ নেতাক উলিয়াই অনা হয়।


এইবাৰো চীন কমিউনিষ্ট পাৰ্টীৰ সচিবপ্ৰধানজনৰ পদটো চি জিনপিঙে লাভ কৰাটো নিশ্চিত হৈ আছে। অৰ্থাৎ আৰু ৫ বছৰলৈ জিনপিঙৰ হাততে থাকিব চীনৰ শাসনভাৰ।


কমিউনিষ্ট পাৰ্টীত জিনপিঙৰ স্থিতি কি?


জিনপিঙে বিগত প্ৰায় ১০ বছৰত কমিউনিষ্ট পাৰ্টীত নিজৰ শক্তি যথেষ্ট মজবুত কৰিছে। ২০১২ চনত চীনৰ ক্ষমতালৈ অহাৰ পাছৰে পৰা তেওঁ শক্তি আৰু প্ৰভাৱ ক্ৰমশঃ বঢ়াই গৈছে। এই সময়ছোৱাত তেওঁক অনেকে মাও চে তুঙৰ সৈতে তুলনা কৰিবলৈ লৈছে। আজিৰ তাৰিখত তেওঁৰ সমান জনপ্ৰিয় নেতা চীনত দ্বিতীয়জন নাই।

13 views0 comments