কাম আৰম্ভ নহ’ল : বাতিল হ’ব নেকি ২০২১ৰ লোকপিয়ল





২০২১ চনৰ লোকপিয়ল বাতিল হ’ব নেকি? সম্প্ৰতি তেনে আশংকা এটা গঢ় লৈ উঠিছে। কৰোনাৰ বাবে লোকপিয়লত হোৱা বিলম্বৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ লোকপিয়ল বাতিল কৰি ২০৩১ চনৰ লোকপিয়লৰ কাম আৰম্ভ কৰিব পাৰে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ লোকপিয়লৰ বাবে সাজু হৈ উঠাৰ পূৰ্বেই দেশত কৰোনাৰ তৃতীয় লহৰ আৰম্ভ হ’ল। দেশখনত হঠাতে ভাইৰাছটোৰ বিভিন্ন প্ৰজাতিৰ সংক্ৰমণে এক লাখৰ ঘৰ চাপ চাপিলে। এই ধাৰাটো অব্যাহতচ থাকিলে তথা বিশেষজ্ঞৰ অনুমান অনুসৰি দেশখনত ফেব্ৰুৱাৰীত প্ৰতিদিনে ৮ লাখ লোক কৰোনাত সংক্ৰমিত হ’ব পাৰে। ইয়াৰ বাবে অমাইক্ৰনক প্ৰদানতঃ জগৰীয়া কৰা হৈছে। এতিয়া মূল বিষয়টোলৈ আহো। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল-২০২১ৰ বাবে ২০১৯ চনতে অধিসূচনা জাৰি কৰিছিল। যদি নিৰ্ধাৰিত সময়ত জনগণনা আৰম্ভ হ’লহেঁতেন তেন্তে অধিসূচনা জাৰিৰ তিনি বছৰৰ ভিতৰত প্ৰাথমিক তথ্য অহা আৰম্ভ হ’লহেঁতেন। অৰ্থাৎ চলিত বর্ষটোত দেশবাসীয়ে ২০২১ চনৰ লোকপিয়লৰ প্ৰাথমিক তথ্য লাভ কৰিলেহেঁতেন। আৰু যদি ২০২২ চনৰ শেষাৰ্ধত জনগণনা আৰম্ভ হয়, ২০২৬ চনলৈ তথ্য আহিবলৈ ধৰিব। তাৰে তিনি বছৰৰ পিছতে দেশত ২০৩১ চনৰ লোকপিয়লৰ কাম আৰম্ভ হৈ যাব। ইয়ালৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ লোকপিয়লৰ কাম বাতিল কৰাৰ চিন্তা-চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰ বিপৰীতে চৰকাৰ ২০৩১ বৰ্ষৰ লোকপিয়লৰ কাম আৰম্ভ কৰাৰ পক্ষপাতী।

প্ৰসংগ্ক্ৰমে উল্লেখ্য যে লোকপিয়ল দেশ এখনৰ প্ৰগতিৰ অন্যতম চৰ্ত। ইয়াৰ তথ্যই বিকাশৰ অৰ্থে চৰকাৰক আঁচনি গ্ৰহণ কৰাৰ লগতে লক্ষ্য নিৰ্ধাৰণত সহায় কৰে। সমাজৰ সকলো অংশকে প্ৰগতিৰ সমান অংশীদাৰ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰাত ভেটি প্ৰস্তুত কৰি দিয়ে। ইয়ে দেশখনৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক,জনসংখ্যা আদি সকলো দিশৰে ছবি এখন প্ৰতিফলিত কৰে। ইয়াৰ আধাৰত চৰকাৰে আংচনি প্ৰস্তুত কৰে। লোকপিয়লৰ তথ্যৰ আধাৰত লোকসভা, বিধানসভা তথা স্থানীয় নিকায়-নিগম আদিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হয়। সেয়ে নিৰ্ধাৰিত সময়ত লোকপিয়লৰ কাম সমাপ্ত কৰাটো জৰুৰী। এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০২৬ চনৰ ভিতৰত লোকসভা সমষ্টিৰ পৰিধি পুনৰ নিৰ্ধাৰণ কৰিব লাগিব। অৰ্থাৎ ২০২৬ চনত লোকসভাত ৰাজনৈতিক ভাৰসাম্য সলনি হোৱাটো নিশ্চিত। যদি এতিয়াই লোকপিয়ল আৰম্ভ নহয়, জনসংখ্যা নিয়ন্ত্ৰণত শোচনীয় প্ৰদৰ্শনৰ বাবে কুখ্যাত উত্তৰ ভাৰতৰ সাংসদৰ সংখ্যা লোকসভাত নাটকীয়ভাৱে বৃদ্ধি পাব, দক্ষিণ আৰু পশ্চিমৰ ৰাজ্যকেইখনৰ প্ৰতিনিধিত্ব হ্ৰাস পাব।

তদুপৰি, ৰজাহ বিতৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত বাঢ়িব পাৰে। দেশত জিএছটি প্ৰৱৰ্তন হেৱাৰ পিছত এনেয়েও ৰাজহ বিতৰণৰ ব্যৱস্থাটো বিতৰ্কৰ আবদ্দত সোমাই পৰিছে। লোকপিয়লে সমস্যাটো সমাধানত সহায় কৰে। কিন্তু দেশখনে লোকপিয়লৰ বাবে আৰু দহ বছৰ অপেক্ষা কৰিব লাগিলে বহু জটিলতাৰ সৃষ্টি হ’ব।

1 view0 comments