বৰদিনত মুকলি বিশ্বৰ সৰ্ববৃহৎ টেলিস্কোপ : গৱেষণাত জড়িত হ’ব অসম সন্তান ৰংমন বৰদলৈ





বিশ্বৰ খ্ৰীষ্টান ধৰ্মৱলম্বীৰ বাবে পৱিত্ৰ বৰদিনৰ দিনটোতে মহাকাশ গৱেষণা সংস্থা নাছাই মুকলি কৰিলে পৃথিৱীৰ ইতিহাসৰ সৰ্ববৃহৎ টেলিস্কোপটো। দহ মিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ টেলিস্কোপটোৱে মহাকাশ গৱেষণা ক্ষেত্ৰখন ন ন সমলেৰে সমৃদ্ধ কৰিব। মানৱৰ কল্যাণ সাধনত মাইলৰ খুঁটি হিচাপে গৰিগণিত হ’ব। টেলিস্কোপটো সাজি উলিওৱাত এদল বিজ্ঞানীয়ে বিগত প্রায় বিশ বছৰৰ নিৰলস প্রচেষ্টাৰ অন্তত মুকলি কৰিবলৈ লৈছে টেলিস্কোপটো৷ টেলিস্কোপটোপ নিৰ্মাণৰ সৈতে বহু বিজ্ঞানীৰ লগতে সন্নিৱিষ্ট হৈ আছে যোৰহাটৰ এজন যুৱ বিজ্ঞানীৰ নাম৷ যোৰহাটৰ চোলাধৰাৰ প্রদীপ বৰদলৈৰ পুত্র ৰংমন বৰদলৈ নামৰ জ্যোতিষ পদার্থ বিজ্ঞানীজন আন এদল বিজ্ঞানীৰ সৈতে এই টেলিস্কোপৰ জৰিয়তে বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন সম্পর্কীয় গৱেষণাত জড়িত হৈ পৰিব৷ বৰদলৈ আমেৰিকাৰ নর্থ কেৰোলিনা ষ্টেট হউনিভার্ছিটীৰ সহযোগী অধ্যাপক জ্যোতিষ পদার্থ বিজ্ঞানী।

নাছাৰ হাবুল টেলিস্কোপতকৈ ৩ গুণ ডাঙৰ টেলিস্কোপটোৰ নাম ৰাখিছে জেমছ ৱেব স্পেচ টেলিস্কোপ৷ ইয়াৰ দ্বাৰা মহাকাশ অধ্যয়নৰ ক্ষেত্রত এক যুগান্তকাৰী পৰিৱর্তন আহিব বুলি আশাবাদী বিজ্ঞানীসকল৷ হাবুল টেলিস্কোপৰ প্রাথমিক আহনাখনৰ পৰিধি ২.৪ মিটাৰ হোৱাৰ বিপৰীতে জেমছ ৱেব স্পেচ টেলিস্কোপৰ প্রাথমিক আহনাৰ পৰিধি প্রায় ৬.৫ মিটাৰ৷ হাবুল টেলিস্কোপ মহাকাশত আছিল যদিও হয়াৰ কক্ষপথ যথেষ্ট ওচৰত আছিল আৰু দ্রাঘিমাংশ আছিল ৩৪০ মাহল৷ মাত্র এজন ব্যক্তিয়েহে পর্যৱেক্ষণ কৰিব পাৰিছিল৷ ইয়াৰ বিপৰীতে জেমছ স্পেচ টেলিস্কোপ পৃথিৱীৰ পৰা ১.৫ মিলিয়ন মাহল দূৰত থাকিব, যিটো দ্বিতীয় বৃহৎ স্থান হিচাপে চিহ্ণিত হয়৷ এই স্থানত পৃথিৱী আৰু সূর্যৰ মধ্যাকর্ষণ শক্তি সমান হোৱা বাবে টেলিস্কোপটো পর্যৱেক্ষণৰ অধিক সহায়ক হ’ব৷ সূর্যৰ পৰা দূৰত থকা বাবে এহ টেলিস্কোপটোৰ জৰিয়তে সকলো সময়তে পর্যৱেক্ষণ কৰিব পাৰিব৷

নাছাৰ বিজ্ঞানীৰ প্রায় ২০ বছৰীয়া প্রচেষ্টাৰ ফচল এহ টেলিস্কোপ৷ এহ টেলিস্কোপটোৰ শৈক্ষিক গৱেষণাৰ লগত বিগত চাৰি–পাঁচ বছৰ ধৰি কাম কৰি আছিল ৰংমন বৰদলৈৰ নেতৃত্বত নর্থ কেৰোলিনা ষ্টেট হউনিভার্ছিটীৰ এদল জ্যোতিষ পদার্থ মহাকাশ বিজ্ঞানীয়ে৷ বৰদলৈয়ে কয় যে তেওঁলোকেই হ’ব এই টেলিস্কোপ ব্যৱহাৰকাৰী বিশ্বৰ প্রথমটো বিজ্ঞানীৰ দল৷ ইয়াৰ দ্বাৰা মহাজগতৰ জন্ম তথা ক্রমবিকাশৰ ওপৰত অধ্যয়ন কৰিব পাৰিব৷ ১৩ বিলিয়ন বছৰ পূর্বে কিদৰে মহাজগতৰ সৃষ্টি, তৰাৰ সৃষ্টি হৈছিল, অধ্যয়নৰ লগতে গ্রহ–নক্ষত্রৰ পৰিসৰ আৰু ধ্বংসৰ বিতং তথ্য লাভ কৰিব পৰা যাব৷

উল্লেখ্য যে টেলিস্কোপ নির্মাণৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্রীয়ভাৱে এক সন্মিলিত বিজ্ঞানীৰ দলে শৈক্ষিক গৱেষণাৰ ওপৰত কাম কৰি আহিছিল৷ হয়াৰ কিছু বছৰ পূর্বেহ ৰংমন বৰদলৈৰ নাছাৰ মহাকাশৰ কৃষ গহ্বৰৰ ৰহস্য উদ্ঘাটন সম্পর্কীয় এক গৱেষণাত জড়িত হৈছিল৷ উল্লেখ্য যে ৰংমন যোৰহাটৰ অসমীয়া মাধ্যমৰ বিদ্যালয় যোৰহাট বাল্যভৱনৰ প্রাক্তন ছাত্র৷ ৰংমন বৰদলৈৰ এনে সাফল্যই ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে ভাল খবৰ৷

9 views0 comments