১২ নৱেম্বৰ, বিশ্ব নিউম'নিয়া দিৱস




আজিৰ দিনটোক, অৰ্থাৎ ১২ নৱেম্বৰ তাৰিখটোক 'বিশ্ব নিউম'নিয়া দিৱস' বুলি বিশ্বজুৰি পালন কৰা হয় । সাধাৰণতে নিউম'নিয়া হৈছে ভাইৰাছ অথবা বেক্টেৰিয়াৰ ফলত হোৱা এক শ্বাস প্ৰক্ৰিয়াৰ সৈতে জড়িত অস্বাস্থ্যকৰ অৱস্থা । প্ৰাথমিকভাৱে হাঁওফাঁওৰ আনুবীক্ষণিক বায়ুকোষবোৰৰ ক্ষতিসাধন ঘটাৰ ফলত হোৱা এই ৰোগবিধ ভাইৰাছ বা বেক্টেৰিয়া সংক্ৰমণৰ বাহিৰেও কিছুমান দৰৱ আৰু অন্য কিছুমান ৰোগৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে আমাৰ শৰীৰত দেখা দিয়ে । ২০১৯ চনত এই ৰোগবিধে ৬,৭২,০০০ টা কুমলীয়া শিশুসহ ২.৫ মিলিয়ন লোকৰ প্ৰাণ লৈছিল । আজিৰ কোভিড পৰিস্থিতিৰ সময়ছোৱাত নিউম'নিয়াত মৃত্যু হোৱা লোকৰ সংখ্যা আগতকৈ বহু বৃদ্ধি পোৱা বুলি আশংকা কৰা হৈছে । উল্লেখযোগ্য যে গোটেই বিশ্বতে নিউম'নিয়াত মৃত্যু হোৱা শিশুসকলৰ ভিতৰত ২০% শিশু ভাৰতৰ । ধূমপান হৈছে এই ৰোগৰ এক মুখ্য কাৰক । তদুপৰি শিশুসকলৰ পুষ্টিহীনতা, ঘৰ বা কাৰ্যক্ষেত্ৰত অপৰ্যাপ্ত ভেন্টিলেচন, অনিয়ন্ত্ৰিত মধুমেহ ৰোগ, এছ আই বিৰ দৰে অন্তৰ্নিহিত প্ৰতিৰক্ষাৰ ক্ষতিকাৰক স্থিতিৰ উপস্থিতি আদিবোৰ এই ৰোগৰ কাৰণ হব পাৰে । সেউজীয়া অথবা হালধীয়াৰঙী লালটি ওলোৱাৰ লগতে কাহ হোৱা আৰু উশাহত কষ্ট পোৱা আদি এই ৰোগৰ লক্ষণ হ'ব পাৰে । এই ৰোগৰ চিকিৎসাৰ বাবে সাধাৰণতে বুকুৰ এক্স ৰে আৰু চিটি স্কেন, আৰটিপিচিআৰ আদিৰ সহায়ত ৰোগীক পৰীক্ষা কৰা হয় । টীকাকৰণ হৈছে এই ৰোগক বাধা দিয়াৰ এক অন্যতম উপায় । তাৰোপৰি মাদক দ্ৰব্য সেৱন আদিৰ দৰে কু-অভ্যাসবোৰ বৰ্জন কৰি দৈনন্দিন শৰীৰ চৰ্চা আৰু এক সুস্বাস্থ্যকৰ খাদ্যাভ্যাস বজাই ৰাখিলে এই ৰোগৰ পৰা বাচি থাকিব পাৰি ।

4 views0 comments