বিশ্ব ৰাজনীতিত খলকনি : হঠাৎ বাইডেন-জিনপিঙৰ মাজত বৈঠকৰ প্ৰস্তুতি




মতান্তৰৰ তালিকাখনৰ যেন শেষেই নাই। বাণিজ্যিক সংঘাত, দক্ষিণ চীন সাগৰ, তাইৱান, তালিবান আৰু কিমান! সময়ে সময়ে উত্তেজনা ইমানেই বৃদ্ধি পায় যে বিশ্ববাসীয়ে যুদ্ধৰ ক্ষণগণনা কৰিবলগীয়া হয়। ঠিকেই বুজিছে, আমেৰিকা আৰু চীনৰ কথাকেই ক'বলৈ বিচৰা হৈছে। বৈৰী ৰাষ্ট্ৰ দুখনৰ মুৰব্বীদ্বয়ে ১৫ নৱেম্বৰত বৈঠকত মিলিত হ’ব। হঠাতে বৈঠক আয়োজনৰ খবৰটো ৰাষ্ট্ৰ হোৱাৰ লগে লগে বিশ্বৰ ৰাজনীতিত খলকনি উঠিছে। ভাৰতেও সতৰ্কতাৰে বৈঠকখনৰ বিষয় আৰু পৰিণামৰ বাবে অপেক্ষা কৰিছে।


হোৱাইট হাউছৰ পৰা দুয়ো ৰাষ্ট্ৰপ্ৰধানৰ বৈঠকখনক নিশ্চিতি প্ৰদান কৰা হৈছে। বৈঠকখন ভাৰ্চুৱেলী অনুষ্ঠিত হ'ব। বিশেষজ্ঞ মহলৰ মতে, চীনৰ সৈতে উত্তেজনা হ্ৰাস কৰাৰ উদ্দেশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে নিজেই বৈঠকখনৰ উদ্যোগ লৈছে। লক্ষণীয়ভাৱে এইগৰাকী ৰাষ্ট্ৰপতিয়েই কোৱাড, aukusৰ জৰিয়তে চীনৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধঘোষণা কৰি থৈছে। তাৎপৰ্যপূৰ্ণভাৱে বৈঠকত ভাৰত-চীন সীমান্ত সংকটৰ বিষয়েও আলোচনা হোৱাৰ সম্ভাৱনা আছে।





শুকুৰবাৰে এখন সংবাদ মেলত হোৱাইট হাউছৰ প্রেছ সচিব জেন চাকীয়ে কয় যে ১৫ নৱেম্বৰক ভাৰ্চুৱেল বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্রপ্রধান চি জিনপিং। দুয়োখন দেশৰ মাজত চলি থকা ‘প্রতিযোগিতা’ৰ বিষয়ে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰিব বাইডেনে। চাকীয়ে কয়, “চীনৰ সন্মুখত বাইডেনে আমেৰিকাৰ উদ্দেশ্য আৰু উদ্বেগৰ বিষয়বোৰ স্পষ্টভাৱে তুলি ধৰিব।" বৈঠকত ভাৰত আৰু চীনৰ মাজত চলি থকা সীমান্ত সংঘাতৰ বিষয়টো উঠিব নেকি বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৈঠকত একাধিক বিষয়ক আলোচনা হ'ব। আমাৰ উদ্বেগৰ বিষয়সমূহ তুলি ধৰা হ'ব।



উল্লেখ্য যে বিগত ছেপ্টেম্বৰতো জিনপিঙৰ সৈতে বাইডেনে ফোনত কথা পাতিছিল। দুয়ো মাজত চলি থকা প্রতিযোগিতা যাতে সংঘাতৰ ৰূপ নলয়, তাক লৈ চীনৰ ৰাষ্ট্রপ্রধানৰ সৈতে আলোচনা কৰিছিল।

10 views0 comments