বিশ্ব মহিলা বক্সিং স্থগিত : ভাৰতীয় ফেডাৰচনে অস্বস্তিত পেলালে লাভলীনাক




কৰোনাসৃষ্ট জটিল পৰিস্থিতিৰ বাবে ইস্তানবুলত অহা ৪–১৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ পৰৱৰ্তী বৰ্ষৰ মার্চলৈ স্থগিত ৰখা হৈছে৷ ইফালে প্ৰতিযোগিতাখনলৈ পোনে পোনে নিৰ্বাচিত হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইৰ বাবে এটা অস্বস্তিকৰ বিষয় আহি পৰিছে। ভাৰতীয় বক্সিং ফেডাৰেচনে লাভলীনাক বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ পোনপটীয়াকৈ যোগ্যতা অর্জনৰ সুবিধা দিছিল। কিন্তু সেই সিদ্ধান্তক প্রত্যাহ্বান জনাই অৰুন্ধতী চৌধাৰী নামৰ এগৰাকী বক্সাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। খেলুৱৈগৰাকীৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে ভাৰতীয় বক্সিং ফেডাৰেচনলৈ জাননী প্রেৰণ কৰিছে৷

আনহাতে, বিশ্ব বক্সিঙৰ সর্বোচ্চ সংস্থা আইবাই ইস্তানবুলৰ জটিল ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আইবাৰ সভাপতি ওমৰ ক্রেমলেভে এটা বিবৃতিত কয় যে বিশ্বৰ বিভিন্ন প্রান্তত মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱ পুনৰ বৃদ্ধি পোৱাত বহুকেইখন দেশে ইস্তানবুলত অনুষ্ঠিত হ’বলগীয়া বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশ লোৱাৰ ক্ষেত্রত জটিলতাৰ সন্মুখীন হৈছে৷ সম্প্রতি ইস্তানবুলৰ ক’ভিড পৰিস্থিতি অতি জটিল৷ সেয়ে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ মার্চলৈ পিছুৱাই দিয়া হৈছে৷

4 views0 comments