বাহ! চাইকেল চলাই হাস্পতাল উপস্থিত হৈ সন্তান প্ৰসৱ নিউজিলেণ্ডৰ সাংসদৰ




অসহ্য প্ৰসৱ যন্ত্ৰণাক ইকাটি কৰি চাইকেল চলাই হাস্পতালত উপস্থিত হয় নিউজিলেণ্ডৰ এগৰাকী সাংসদ।হাস্পতালত তেওঁ এটা সুস্থ আৰু সবল কেঁচুৱা জন্ম দিয়ে। নিউজিলেণ্ডৰ স্থানীয় সময় অনুসৰি আজি অৰ্থাৎ দেওবাৰে কাহিলিপুৱা তিনি বজাত দ্বিতীয়বাৰ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে সাংসদগৰাকী। তেওঁৰ এই অদম্য মানসিক শক্তি বিশ্বৰ চৌদিশে প্ৰশংসিত হৈছে।


নিউজিলেণ্ড সংসদৰ সদস্যগৰাকীৰ নাম জুলী এনী জেণ্টাৰ। প্ৰথমবাৰ সন্তান জন্ম দিওঁতেও তেওঁ একেই পন্থা অৱলম্বন কৰিছিল। ইফালে, সন্তান জন্মৰ বতৰা সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰাৰ পাছত বিশ্বজুৰি প্ৰশংসিত হয় জুলী। তেওঁ লিখিছে- দেওবাৰে কাহিলিপুৱা ৩ বজাত আমাৰ পৰিয়াললৈ নতুন অতিথি এজন আহে। ঘৰৰ পৰা ওলাওঁতে প্ৰচণ্ড প্ৰসৱ বেদনা হৈছিল। ভাবিছিলোঁ, হাস্পতাললৈ গৈ পামনে! কিন্তু ১০ মিনিট দেৰিকৈ হ'লেও গৈ পালোঁ। বৰ্তমান কেঁচুৱা আৰু মই দুয়ো ভালে আছোঁ।'

5 views0 comments