জানেনে? নিজৰ অজ্ঞাতে একেটা শব্দকে লাখ লাখ ভাৰতীয়ই পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰে




ফেচবুক, টুইটাৰ, বেংককে ধৰি বিভিন্ন ক্ষেত্ৰৰ একাউণ্ট নতুবা ৱেবছাইট আদি হেক হোৱাৰ খবৰটোত এতিয়া উত্তেজনা নোহোৱা হৈ পৰিল। ই যেন সাধাৰণ ঘটনাত পৰিণত হ'ল। কিন্তু সমস্যাটোৱে বহুতোকে ভিক্ষাৰীত পৰিণত কৰিছে। নিদ্ৰাহৰণ কৰি শান্তিভংগ কৰিছে। আৰু যে কত কি সংকট! ইয়াৰ অন্যতম প্ৰধান কাৰণ পাছৱৰ্ড। অনলাইনৰ পৃথিৱীখনত নিজকে সুৰক্ষিত কৰি ৰখাৰ প্ৰধান চৰ্তটোৱেই হৈছে শক্তিশালী আৰু সহজে ভেদ কৰিব নোৱাৰা পাছৱৰ্ড। কিন্তু দেখা যায় বেছিভাগ মানুহ সহজ আৰু সহজে ক্ৰেক কৰিব পৰা পাছৱৰ্ড দিয়ে। ফলত হেকাৰৰ কাম বহু সহজ হৈ পৰে।





নৰ্ডপাছৰ শেহতীয়া সমীক্ষাত পাছৱৰ্ডক লৈ কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। নিজকে অতি স্মাৰ্ট ৰূপে প্ৰতিপন্ন কৰিবলৈ গৈ বহু ভাৰতীয়ই Password শব্দটোকে পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰি হেকাৰৰ ফান্দত পৰিছে।





সমগ্ৰ বিশ্বৰ পাছৱৰ্ড মেনেজাৰ নৰ্ডপাছে চলোৱা সমীক্ষাত ওলাই পৰিছে যে ভাৰতৰ অধিকাংশ লোকে "পাছৱৰ্ড" শব্দটোকে নিজৰ পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰে। বিশ্বৰ প্ৰায় ৫০খন দেশক লৈ সমীক্ষাটো চলোৱা হয়। তাতেই ভাৰতৰ নাগৰিকে "পাছৱৰ্ড" শব্দটোক পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। কেবল ভাৰত নহয়, জাপাতো "পাছৱৰ্ড" শব্দটোৱে পাছৱৰ্ড হিচাপে সকলোতকৈ বেছি পাছৱৰ্ড হিচাপে ব্যৱহাৰ হয়।





ভাৰতীয়সকলৰ পছন্দৰ পাছৱৰ্ডৰ ভিতৰত Passwordৰ বাহিৰে 12345, 123456, 1234567, 123456789, India123, 1234567890, qwerty আৰু abc123 বুলি সমীক্ষাত জানিব পৰা গৈছে। ইয়াৰ উপৰি iloveyou, Krishna, sriram আৰু omsriram পাছৱৰ্ড হিচাপে অধিক ব্যৱহৃত হয় । ইয়াৰ বাহিৰেও নিজৰ নামৰ লগতে প্ৰিয়জনৰ নাম পাছৱৰ্ড হিচাপে ব্যৱহাৰ হোৱাৰ প্ৰৱণতা অধিক বুলি সমীক্ষাত পোৱা গৈছে।

6 views0 comments