সাংস্কৃতিক জগতৰ ভোটাতৰা জুবিনৰ আজি ওপজাদিন




অসমীয়া গীত, অসমীয়া বোলছবিলৈ অসমৰে জনগণে পিঠি দি সাংস্কৃতিকভাৱে অসমীয়া কাঙাল হৈ পৰিব ধৰা সময়তে প্ৰেৰণাৰ এটা অফুৰন্ত উৎস হৈ অসমীয়া গীত-সংগীত তথা চিনে জগতখনলৈ আহিছিল জুবিন গাৰ্গ। আৰু যেতিয়াৰ পৰা জুবিন গাৰ্গে অসমীয়া গীত গাবলৈ আৰম্ভ কৰিলে, অসমীয়া গীতে প্ৰতিদিনে ন ন উচ্চতা চুব ধৰিলে। শিশুৰ পৰা বৃদ্ধলৈকে অসমীয়া সংগীত জগতখন জুবিনময় হৈ পৰিল। অসমখন অসমীয়া গীতৰ সাৰুৱা ভূমি হৈ পৰিল। আধুনিক গীত, বৰগীত, লোকগীত, টোকাৰি গীত, বনগীত, বিহুগীত সকলোৱে নতুন জীৱন লাভ ককিলে। জুবিন গাৰ্গে অভিনয় কৰা বাবে অসমীয়া বোলছবি চাবলৈ চিনেমাগৃহলৈ জনস্ৰোত ব'বলৈ ধৰিলে।


এইজন জুবিন গাৰ্গৰ আজি ওপজা দিন। তেওঁ ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল। আজি শিল্পীগৰাকী ৪৯ বছৰত ভৰি দিলে। জুবিনে ১৯৯২ চনত ‘অনামিকা’ নামৰ এলবামটোৰে অসমৰ সংগীত জগতত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ উভতি চাবলগীয়া হোৱা নাই। শিল্পীগৰাকীয়ে বৰ্তমানলৈকে অসমীয়া, হিন্দী. বাংলা, বড়ো, কোচ ৰাজবংশী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী, আদি, গালো, মালায়ালম, মাৰাঠীকে ধৰি বহু ভাষাত কণ্ঠ নিগৰাইছে।


জুবিনৰ সাংস্কৃতিক যাত্ৰাটো কেৱল কণ্ঠশিল্পী হিচাপে সীমাবদ্ধ হৈ থকা নাই। তেওঁ সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা, পৰিচালক, কবিও। জুবিনে সংগীতৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ উপৰিও মৃতপ্ৰায় অসমীয়া চিনেমা জগতলৈ কঢ়িয়াই আনিছে সঞ্জীৱনী সুধা। বঙালী চিনেমা 'শুধু তুমি'ৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দী চিনেমা গেংষ্টাৰৰ 'যা আলী' গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছিল। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰিছে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হৈছে।

2 views0 comments