অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী আৰু জনপ্ৰিয় ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাঁই সন্মুখীন হৈছে মানসিক নিৰ্যাতনৰ। সোমবাৰে টুইটাৰত এই কথা নিজেই শ্বেয়াৰ কৰিছে। তেওঁ উল্লেখ কৰিছে যে তেওঁ কমনৱেলথ গেমছৰ পূৰ্বে মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে।

তেওঁ এক বিতং বিবৃতিত কৰ্তৃপক্ষৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি অভিযোগ কৰে যে তেওঁৰ এজন প্ৰশিক্ষকক যুক্তৰাজ্যৰ বাৰ্মিংহামৰ কমনৱেলথ গেমছ গাঁৱত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছে আনহাতে আনজনক ভাৰতলৈ ঘূৰাই পঠোৱা হৈছে।

ইয়াৰ উপৰিও লাভলিনাই কমনৱেলথ গেমছ ২০২২-ৰ বাবে তেওঁৰ প্ৰশিক্ষণত যথেষ্ট প্ৰভাৱ পেলোৱা মানসিক উৎপীড়নৰ বিষয়েও ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

উল্লেখযোগ্য যে ২৮ জুলাইৰ পৰা আৰম্ভ হ’ব কমনৱেলথ গেমছ ২০২২। এই গেমছত ৭০ কিলোগ্ৰাম শাখাত লাভলিনা বৰগোহাঁইয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

খেলুৱৈগৰাকীয়ে এনেদৰে টুইটাৰত উল্লেখ কৰিছে যে “আজি অতি দুখৰ সৈতে মই স্বীকাৰ কৰিব বিচাৰো যে মই যথেষ্ট নিৰ্যাতনৰ সন্মুখীন হৈছো। অলিম্পিকত মোক পদক লাভ কৰাত সহায় কৰা প্ৰশিক্ষকসকলক বাৰে বাৰে আঁতৰাই দিয়া হৈছে, যাৰ ফলত প্ৰতিযোগিতাখনৰ বাবে মোৰ প্ৰশিক্ষণ আৰু প্ৰস্তুতি প্ৰভাৱিত হৈছে। “

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial