ভাৰতে কমনৱেলথ গেমছ ২০২২ ত ইয়াৰ তৃতীয়টো সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে। পুৰুষৰ ভাৰোত্তোলন ৭৩ কিলোগ্ৰাম শাখাত ২০ বছৰীয়া অচিন্ত শৌলীয়ে এই পদক অৰ্জন কৰে। অচিন্ত শৌলীয়ে গেমছ ৰেকৰ্ড সৃষ্টি কৰাৰ সময়ত মুঠ ৩১৩ কিলোগ্ৰাম উত্তোলন কৰি পদক জয় কৰে।

পদক জয় কৰি অচিন্তৰ মন্তব্য- “মই বহুত সুখী। মই বহুতো সংগ্ৰামৰ মাজেৰে অতিক্ৰম কৰাৰ পিছত এই পদক জয় কৰিছো। মই এই পদকটো মোৰ ভাতৃ আৰু প্ৰশিক্ষকসকলক উৎসৰ্গা কৰিম। তাৰ পিছত মই অলিম্পিকৰ বাবে প্ৰস্তুতি কৰিম।”

অচিন্ত শৌলীৰ পিছতেই দ্বিতীয় স্থান মালয়েছিয়াৰ এৰি হিদায়াত মহম্মদে লাভ কৰিছিল। হিদায়াত মহম্মদে মুঠ ৩০৩ কিলোগ্ৰাম উত্তোলন কৰিছিল। কানাডাৰ শাদ ডাৰ্চিগানিয়ে ব্ৰঞ্জৰ পদক অর্জন কৰিছিল। ডাৰ্চিগানিয়ে সামগ্ৰিকভাৱে ২৯৮ কিলোগ্ৰামৰ ওজন তুলিছিল।

কমনৱেলথ গেমছ-২০২২ ত ভাৰতলৈ মুঠ ছয়টা পদক কঢ়িয়াই আনিছে ভাৰোত্তোলকসকলে। ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে ৪৯ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল। জেৰেমি লালৰিনুঙ্গাই ৬৭ কিলোগ্ৰাম শাখাত ভাৰতৰ হৈ সোণৰ পদক জিকিছিল। সংকেত মহাদেৱ সাৰ্গৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক আৰু বিন্দিয়াৰাণী দেৱীয়েও মহিলাৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে। গুৰুৰাজ পূজাৰীয়ে ৬১ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক জিকিবলৈ সক্ষম হৈছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial