ভাৰতৰ মুৰলী শ্ৰীশংকৰে কমনৱেলথ গেমছ এথলেটিকছ প্ৰতিযোগিতাৰ পুৰুষৰ লং জাম্প ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি সৃষ্টি কৰিলে ইতিহাস। কমনৱেলথ গেমছৰ পুৰুষৰ লং জাম্প ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰা মুৰলী শ্ৰীশংকৰ হৈছে প্ৰথম ভাৰতীয়।

সোণৰ পদকৰ শক্তিশালী দাবীদাৰ শ্ৰীশংকৰে তেওঁৰ পঞ্চম প্ৰচেষ্টাত ৮.০৮ মিটাৰ দূৰত্বৰ সৈতে ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে।

স্বৰ্ণ পদক জয় কৰে লেকুয়ান নাৰ্ণেও।দক্ষিণ আফ্ৰিকাৰ জোভান ভান ভুৰেনে ৮.০৬ মিটাৰ দূৰত্বৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে।

পপ্ৰতিযোগিতাত অংশ লোৱা আনজন ভাৰতীয় মহম্মদ আনিছ য়াহিয়াই ৭.৯৭ মিটাৰ জাম্পৰ সৈতে পঞ্চম স্থানত সমাপ্ত কৰে।

উল্লেখযোগ্য যে CWGত ভাৰতীয় পুৰুষ লং জাম্পাৰসকলৰ ভিতৰত শ্ৰীশংকৰেই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে সুৰেশ বাবুয়ে ১৯৭৮ চনৰ সংস্কৰণত ব্ৰঞ্জৰ পদক জিকিছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial