
মুছলমান যুৱকসকলক অগ্নিবীৰ আঁচনি ৰ দ্বাৰা সশস্ত্ৰ বাহিনীত মুছলমানক প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান কেৰালা মুছলিম জামাথ ফেডাৰেচনৰ । কেৰালাৰ অত্যন্ত গোড়া ইছলামিক সংস্থা কেৰালা মুছলিম জামাথ ফেডাৰেশ্যনে মুছলমান যুৱক-যুৱতীসকলক অগ্নিপথ আঁচনিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাই এক বিজ্ঞপ্তি জাৰি কৰিছে।
অগ্নিপথ আঁচনিক ‘আতিমাৰী কাৰ্যসূচী’ বুলি অভিহিত কৰি বিজ্ঞপ্তিটোত কোৱা হৈছে, “সশস্ত্ৰ বাহিনীত ‘আমাৰ’ (মুছলমান) প্ৰতিনিধিত্ব নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজনীয়। বিজ্ঞপ্তিখনত সকলো ইমামক জুম্মা ভাষণৰ জৰিয়তে বাৰ্তাটো প্ৰচাৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল। উত্তৰ প্ৰদেশৰ ইছলামিক সংস্থা এছ’চিয়েশ্যন অৱ মুছলিম প্ৰফেচনেলছয়েও মুছলমানসকলক অগ্নিবীৰ হ’বলৈ একে ধৰণৰ আবেদন জনাইছে। সংস্থাটোৱে ইয়াৰ বাবে মৌলৱী সকলক অগ্নীবীৰ আচনিৰ প্ৰচাৰ কৰিবলৈ আহ্বান কৰিছে। উল্লেখ্য যে, প্ৰতিটো শুক্ৰবাৰৰ জুম্মা নামাজৰ পিছত এই সন্দৰ্ভত মুছলমান জনসাধাৰণৰ ওচৰত এই আঁচনি ৰ প্ৰচাৰ কাৰ্য ইতিমধ্যে পুৰ্ণগতি ত আৰম্ভ হৈছে ।দেশৰ মৌলানা সকলে মুছলমান যুৱকৰ মাজত অগ্নিপথ আঁচনিৰ প্ৰচাৰৰ কাৰনে ব্যাৱহাৰ কৰিছে ছচিয়েল মিডিয়াৰ বিভিন্ন উপকৰণ ও ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেটে ১৪ জুনত ভাৰতীয় যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে ‘অগ্নিপথ’ আঁচনিত অনুমোদন জনাইছিল। অগ্নিপথ আঁচনিৰ অধীনত, যুৱক-যুৱতীসকলক চাৰি বছৰৰ বাবে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে নিৰ্বাচিত কৰা হ’ব। আঁচনিখনৰ অধীনত নিৰ্বাচিত হোৱা যুৱকসকলক অগ্নিবীৰ বুলি কোৱা হ’ব।এই আঁচনিখন দক্ষ, শৃংখলাবদ্ধ, অনুপ্ৰেৰিত, ইউনিফৰ্ম পৰিধান কৰিবলৈ আগ্ৰহী আৰু বৰ্তমানৰ প্ৰযুক্তিগত প্ৰৱণতাৰ সৈতে সামঞ্জস্য থকা ভাৰতীয় যুৱসকলৰ বাবে এক সুযোগ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।