কেন্দ্ৰীয় চৰকাৰে এফ.চি.আৰ.এৰ ৱেবছাইটৰ পৰা আঁতৰাই পেলালে বহু বেচৰকাৰী সংস্থা ৰ তথ্য ।

গৃহ মন্ত্ৰালয়ে বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন চমুকৈ এফ চি আৰ এৰ ৱেবছাইটৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য আঁতৰাই পেলাইছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য কৰা হোৱা নাই যদিও বিষয়াসকলে কয় যে এই কামটো কৰা হৈছে কাৰণ ডিলিট কৰা তথ্যসমূহ সাধাৰণ জনতাৰ বাবে “অপ্ৰয়োজনীয়” বুলি গণ্য কৰা হৈছে।

এই তথ্যসমূহ মচি পেলোৱাৰ পিছত এতিয়া ৱেবছাইটটোত কেৱল এই সূচকাংকসমূহৰ বাবে সকলো তথ্যহে আছে।

গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, “যিবোৰ তথ্য অপ্ৰয়োজনীয় হৈ আছিল, সেইবোৰ আঁতৰাই পেলোৱা হৈছে। অনুজ্ঞাপত্ৰ ৰ ম্যাদ উকলি যোৱা আৰু বাৰ্ষিক ৰিটাৰ্ণ দাখিল নকৰা এন জি অ’ ৰ বিৰুদ্ধে হে লোৱা হৈছে এই সিদ্ধান্ত।

ইতিমধ্যে চৰকাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। ১ জুলাইত মন্ত্ৰালয়ে “এন জি অ’সমূহৰ ওপৰত বোজা লাঘৱ কৰাৰ প্ৰচেষ্টা”ত এফ চি আৰ এৰ নিয়মত কেইবাটাও পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰিছিল।

যোৱা বছৰৰ ডিচেম্বৰ মাহত মন্ত্ৰালয়ে মাদাৰ টেৰেছা মিছনেৰী অৱ চেৰিটিৰ এফ.চি.আৰ.এৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে কৰা আবেদন নাকচ কৰিছিল। ইয়াৰ পূৰ্বে বিজেপিৰ কেইবাজনো নেতাই এই এন জি অ’ সমূহ ধৰ্মান্তৰকৰণৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু বিৰোধীৰ সমালোচনাৰ পিছতে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় এন জি অ’ক। একে সময়তে চলিত বৰ্ষৰ জানুৱাৰী মাহতো অক্সফম ৰ দৰে NGO ৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে কৰা আবেদন নাকচ কৰাই নহয় লগতে কমনৱেলথ মানৱ অধিকাৰ পদক্ষেপৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial