ভাৰতীয় সংগীত জগতৰ আন এক উজ্জ্বল নক্ষত্ৰ খহি পৰিল। বলীউডৰ বিখ্যাত গায়ক কেকেৰ হৃদক্রিয়া বন্ধ হৈ দেহাৱসান। মঙলবাৰে ৫৩ বছৰ বয়সত কেকে-য়ে তেওঁৰ অনুৰাগীসকলৰ লগতে বিশ্বক বিদায় জনায়। ১৯৬৮ চনৰ ২৩ আগষ্টত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত জন্মগ্ৰহণ কৰা কে কেৰ মঙলবাৰে পশ্চিম বংগৰ ৰাজধানী কলকাতাত মৃত্যু হয়।

উল্লেখযোগ্য যে মৃত্যুৰ মাত্ৰ অলপ সময় পূৰ্বে কেকেয়ে পৰিৱেশন কৰিছিল জনপ্ৰিয় গীত “হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল”। এই গীতটো পৰিৱেশন কৰিয়েই মৃত্যুক আকোঁৱালি লয় কেকেয়ে।

কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ এক অনুষ্ঠানত সংগীত পৰিবেশন কৰি আছিল কে কেয়ে। অনুষ্ঠানৰ সময়তে তেখেত অসুস্থ হৈ পৰে । সংগীত পৰিবেশন কৰি থকাৰ মাজতো তেখেতে বাৰে বাৰে কৈ আছিল যে তেখেতে কিছু অসুস্থ অনুভৱ কৰি আছে। পৰৱৰ্তী পৰ্যায়ত তেওঁ স্পটলাইট অফ কৰি দিয়া হয় ।

অৱশেষত তেওঁ হোটেললৈ উভতি গৈছিল যদিও অধিক অসুস্থ হোৱাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়তে তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।

কেকেৰ সম্পূৰ্ণ নাম আছিল কৃষ্ণকুমাৰ কুন্নাথ। কেকেয়ে হিন্দীৰ লগতে আন বহুতো ভাষাত গীত গাইছিল। কেকেয়ে তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ চলচ্চিত্ৰৰ গানবোৰতো কণ্ঠ নিগৰাইছিল। দিল্লীত জন্মগ্ৰহণ কৰা কে.কে.-ৰ কৰ্মভূমি আছিল মুম্বাই।

কেকে তেওঁৰ শৈশৱতে এজন চিকিৎসক হ’ব বিচাৰিছিল। কে কে য়ে দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোডিমাল মহাবিদ্যালয়ত পঢ়িছিল৷ বাণিজ্য শাখাত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কে কেয়ে এখন হোটেলত চাকৰি লৈছিল৷

১৯৯১ চনত কেকে বিবাহপাশত আৱদ্ধ হয়। ১৯৯৪চনত মুম্বাইলৈ যোৱাৰ পাছতেই বলিউডত সংগীতৰ জীৱন আৰম্ভ হয়। কৃষ্ণকুমাৰ কুন্নাথৰ যাত্ৰা আৰম্ভ কৰি বলীউডৰ বিখ্যাত গায়ক কে কে হ’বলৈ আৰম্ভ কৰে।

কাইটছ’ ছবিৰ ‘জিন্দেগী দ’ পল কী’, ‘ওম শান্তি ওম’ৰ ‘আঁখো মে তেৰি’, ‘বাচনা এ হাছিনোৰ’ ‘খুদা জানে’, ‘হাম দিল দে চুকে চনম’ৰ ‘তাড়প তাড়প’, ‘জন্নত’ৰ ‘জাৰা চা’, ‘ৱহ লমহে’ৰ ‘ক্যা মুঝে প্যাৰ হে’ আদি জনপ্ৰিয় গীত কেকেৰ।

কেকেৰ বিখ্যাত গানবোৰৰ বিষয়ে ক’বলৈ গ’লে, ‘য়াৰন’ অতি জনপ্ৰিয় আছিল। চলমান খান, অজয় দেৱগান আৰু ঐশ্বৰ্য ৰায়ৰ ছবি হাম দিল দে চুকে চানমৰ গান ‘তাকাৰ-তাৰোণ কে ইজ দিল ছে’, বচনা এ হাছিননৰ ‘খুদা জানে’, কাইটছৰ ‘জিন্দেগী দো পাল কি’, জান্নাতৰ গান ‘জাৰা চা’, গেংষ্টাৰৰ গান ‘তু হি মেৰী চাব হে’, শ্বাহৰুখ খানৰ ছবি ওম শান্তি ওমৰ ছবি ‘আংখ মে তেৰি আজব চি’ গানটোও অতি জনপ্ৰিয় আছিল।

কে কেৰ আকস্মিক দেহাৱসানত সংগীতৰ জগতত পৰিছে গভীৰ শোকৰ ছাঁ। প্ৰতিগৰাকী সংগীত প্ৰেমীৰ হৃদয়ত চিৰদিনে সজীৱ হৈ থাকিব কে কে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial