
বাওঁপন্থী আদৰ্শ ৰ প্ৰচাৰ কেন্দ্ৰ হিচাপে কাম কৰি অহা পৰ্টেল অল্ট নিউজ ৰ সহ-প্ৰতিষ্ঠাপক Mohammad Zubair ক ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ২৯৫ ধাৰা অনুসৰি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
২৯৫ নং ধাৰাত ইচ্ছাকৃত আৰু কু-অভিপ্ৰায়মূলক কাৰ্য্যৰ বিষয়ে কোৱা হৈছে, যাৰ উদ্দেশ্য হৈছে যিকোনো শ্ৰেণীৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাসক অপমান কৰি ধৰ্মীয় অনুভূতিক ক্ষুব্ধ কৰা আনহাতে ১৫৩ নং ধাৰাত দাঙ্গা সৃষ্টি কৰাৰ উদ্দেশ্যে অবাধে প্ৰৰোচনা দিয়াৰ কথা উল্লেখ কৰা হৈছে।
Mohammad Zubair ৰে হিন্দু দেৱ-দেৱীক উপহাস কৰি অপমান কৰা পুৰণি ছ’চিয়েল মিডিয়া পোষ্ট ইণ্টাৰনেটত ভাইৰেল হোৱাৰ কেইসপ্তাহমানৰ পিছতে এই গ্ৰেপ্তাৰ কৰা হৈছে, তাৰ পিছত তেওঁ নিজৰ ফেচবুক একাউণ্ট ডিলিট কৰি মুছলমান ৰ সমৰ্থন ত বিতৰ্কিত টুইটসমূহ টানি বিতৰ্ক লগাবলৈ চেষ্টা কৰিছিল ।
তেওঁ ৰ গ্ৰেপ্তাৰ ৰ লগে লগে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী য়ে এই গ্ৰেপ্তাৰ ৰ বিৰুদ্ধে মাত মাতে , কিন্তু একেজন ৰাহুল গান্ধী য়ে Mohammed Zubir ৰ হিন্দু ৰ বিৰুদ্ধে ধাৰাবাহিক লিখাৰ পিছত ও মৌন হৈ আছিল এইজন কংগ্ৰেছৰ ৰাজকুমাৰ । আজি সকলোৱে বুজিব বাকী নাই যে Alt news ৰ দৰে বামপন্থী পোৰ্টেল টোৱে পৰোক্ষভাৱে হ’লেও যে কংগ্ৰেছে বিচৰা ধৰনে কাম কৰি আহিছে ।আজি হিন্দু ৰ বিৰুদ্ধে মাত মতা প্ৰতিজনেই কংগ্ৰেছ ৰ মঞ্চ ত অত্যন্ত প্ৰিয় হ’ব পাৰে সেই কথাই প্ৰমাণ হৈ ৰল আকৌ এবাৰ ।