অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ দেহাৱসান। দীৰ্ঘদিন ধৰি ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ দাস। তেওঁ কৰ্কট ৰোগৰ বাবে চেন্নাইৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈও লৈ যোৱা হৈছিল অভিনেতাগৰাকীক।

শনিবাৰে চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় অভিনেতাগৰাকীৰ। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় কিশোৰ দাসৰ।

জানিব পৰা অনুসৰি কোভিড-১৯ জটিলতা আৰু পাইলৰ ফলত মৃত্যু হয় কিশোৰ দাসৰ।

এটা প্ৰতিভাৰ সমাপ্তি ঘটিল এনেদৰেই। কিশোৰ দাসৰ দেহাৱসানত শোকস্তব্ধ অভিনয় জগত, অসমবাসী।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial