Doctor with protective suit preparing injection syringe while patient breathing on ventilator oxygen mask due to coronavirus covid-19 viral infection at hospital

আগন্তুক দিনত বৃদ্ধি হ’ব ব্যয়। শেহতীয়াকৈ অনুষ্ঠিত GST পৰিষদৰ ৪৭ তম বৈঠকত দৈনন্দিন ব্যৱহাৰৰ কিছুমান সামগ্ৰীৰ ওপৰত GST আৰোপ কৰা হৈছে। যিবোৰ পূৰ্বে ইয়াৰ আওতাৰ বাহিৰত আছিল। একে সময়তে কিছু সামগ্ৰীৰ ওপৰত GSTৰ হাৰো বৃদ্ধি কৰা হৈছিল।১৮ জুলাইৰ পৰা পেক কৰা দৈ, লাচীৰ দৰে খোৱা বস্তু বোৰ ব্যয়বহুল হৈ পৰিব। ইয়াৰ লগতে চিকিৎসালয়ত চিকিৎসা লাভ কৰাটোও ব্যয়বহুল হ’ব।

পূৰ্বতে টেট্ৰা-পেক কৰা দৈ, লাচি আৰু বাটাৰ গাখীৰৰ ওপৰত কোনো GST নাছিল। ১৮ জুলাইৰ পৰা এই সামগ্ৰীৰ ওপৰত ৫% হাৰত GST আৰোপ কৰা হ’ব।চেক বহী জাৰী কৰাৰ পিছত, বেঙ্কবোৰে লোৱা মাচুলৰ ওপৰতো ১৮% GST থাকিব।চিকিৎসালয়ত ৫০০০ টকাৰ (ICU) অধিক ভাড়াত লোৱা কোঠাবোৰটো বৃদ্ধি হ’ব এতিয়া ৫ শতাংশ GST।

প্ৰতিদিনে ১০০০ টকাতকৈ কম হোটেলৰ ভাড়া থকা কোঠাবোৰত বৃদ্ধি হ’ব ১২ শতাংশ GST। পূৰ্বতে এইসমূহৰ ওপৰত নাছিল কোনো GST।LED লাইট, লেম্পৰ ওপৰত ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি কৰা হ’ব GST। ব্লেড, কেঁচি, পেঞ্চিল শ্বেৰ্পনাৰ, চামুচ, ফৰ্ক কৰা চামুচ, স্কিমাৰ আৰু কেক-চাৰ্ভাৰ ইত্যাদিত ভৰিব লাগিব ১৮ শতাংশ হাৰত GST।ইয়াৰ পৰিৱৰ্তে কিছু কিছু ক্ষেত্ৰত হ্ৰাস পাব GST। GST পৰিষদে ৰ’পৱেৰ জৰিয়তে যাত্ৰী আৰু সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে GST ৰ হাৰ ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰিছে।স্প্লিণ্ট আৰু অন্যান্য ফ্ৰেকচাৰ ডিভাইচ, বডী প্ৰস্থেছ, বডী ইমপ্লাণ্ট, ইণ্ট্ৰা-অকুলাৰ লেন্স আদিৰ ওপৰত GST ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হ’ব।

সেই অপাৰেটৰসকলৰ বাবে মালবাহী ভাড়াৰ ওপৰত GST ১৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হ’ব, য’ত ইন্ধনৰ ব্যয় অন্তৰ্ভুক্ত কৰা হয়।১৮ জুলাইৰ পৰা প্ৰতিৰক্ষা বাহিনীৰ বাবে আমদানি কৰা কিছু সামগ্ৰীৰ ওপৰত GST উপলব্ধ নহ’ব।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial