
বহু প্ৰতীক্ষা ৰ অন্তত, আজিৰ পৰা সমগ্ৰ দেশতে একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধ কৰা হৈছে। মোডী চৰকাৰৰ এই অভিনৱ পদক্ষেপ ক ভাৰতৰ প্ৰতিজন জনগন ই আদৰণি জনাইছে । এই নিষেধাজ্ঞা ৰ অধীনত প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত বহুতো দেখা যাব এতিয়া বজাৰত । কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে নিষিদ্ধ কৰা সামগ্ৰীৰ এখন তালিকাও প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক, অৰ্থাৎ প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত এনে বস্তু, যাক আমি কেৱল এবাৰ ব্যৱহাৰ কৰিব পাৰোঁ বা ইয়াক ব্যৱহাৰ কৰি পেলাই দিব পাৰোঁ আৰু এনে সামগ্ৰীয়ে পৰিৱেশৰ ক্ষতি কৰে।
কি কি প্লাষ্টিক সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে-
প্লাষ্টিকৰ কেৰি বেগ, পলিথিন(৭৫ মাইক্ৰনতকৈ কম ডাঠ), প্লাষ্টিক ষ্টিক কাণৰ ফুলি ,বেলুনৰ বাবে প্লাষ্টিকৰ লাঠি, প্লাষ্টিকৰ পতাকা , কেণ্ডি ষ্টিক,আইচক্ৰীম ষ্টিক,থাৰ্মোকল,প্লাষ্টিক প্লেট,প্লাষ্টিকৰ কাপ,প্লাষ্টিক গ্লাচ,চামুচ,ছুৰী,নিমন্ত্ৰণ কাৰ্ড,চিগাৰেটৰ পেকেট ইত্যাদি।
মন্ত্ৰালয়ে স্পষ্টকৈ কৈছে যে যদি কাৰোবাক একক ব্যৱহাৰ কৰা প্লাষ্টিক ব্যৱহাৰ কৰা দেখা যায়, তেন্তে তেওঁক শাস্তি দিয়া হ’ব। ইয়াত কাৰাগাৰ আৰু জৰিমনা দুয়োটা অন্তৰ্ভুক্ত আছে। জানিব পৰা গৈছে যে একক ব্যৱহাৰৰ প্লাষ্টিকৰ ব্যৱহাৰ পৰিৱেশ সুৰক্ষা আইনৰ (EPA) ধাৰা 15-ৰ অধীনত মোকাবিলা কৰা হ’ব।
ৰাজ্য চৰকাৰসমূহে অবৈধভাৱে নিৰ্মাণ, আমদানি, জমা, বিক্ৰী বা যিকোনো স্থানত একক ব্যৱহাৰ প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে নে নাই তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব। এই মুহূৰ্তত FMCG খণ্ডক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।
উল্লেখযোগ্য যে প্ৰতিজন ব্যক্তিয়ে প্ৰতি বছৰে ১৮ গ্ৰাম একক ব্যৱহাৰৰ প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰি আছে।
ভাৰতৰ বিষয়ে ক’বলৈ গ’লে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক সমীক্ষাই দেখুৱাইছে যে দেশত প্ৰতিদিনে ২৬,০০০ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হয়, যাৰ ভিতৰত মাত্ৰ ৬০ % সংগ্ৰহ কৰা হয়। বাকী আৱৰ্জনাবোৰ নদী-নলাত পোৱা যায় বা পৰি থাকে।