সাৱাৰকাৰ কোন বুলি সুধিলে বহুতেই কব সাৱাৰকাৰ এজন গোড়া হিন্দু আছিল । কিন্তু সাৱাৰকাৰ ৰ এই পৰিচয়ে সম্পূৰ্ণ পৰিচয় নে ? এনে একাংশ ই পৰিকল্পিতভাৱে সাৱাৰকাৰ ক আমাৰ মাজৰ পৰা আতৰাই ৰাখিছে । সাৱাৰকাৰ ৰ বিভিন্ন সাহিত্য পঢ়িলে স্পষ্ট কৈ গম পোৱা যায় যে তেওঁ ৰ কাৰনে হিন্দু আৰু হিন্দুত্ব দৰাচলতে কি ?
জাতি বৰ্ণৰ ঊৰ্ধত হিন্দু সমাজ গঢ়াৰ সাৱাৰকাৰৰ যি সপোন , তেখেতে সেই কাম হাতে কামে কৰি দেখাইছিল । কিন্তু সেই জন সাৱাৰকাৰক আমাৰ পৰা লুকুৱাই ৰখা হৈছিল পৰিকল্পিত ভাৱে । কেতিয়াবা আমি ভাবিছো নে সাৱাৰকাৰ ক কিয় ইমান বেছি আক্ৰমণ কৰা হয় একচাম তথাকথিত বামপন্থী ৰ দ্বাৰা । হিন্দুত্ববাদী নেতা বহুত আছিল , কালাপানী ৰ বহুতেই কাৰাদণ্ড খাতিব লগা হৈছিল কিন্তু সাৱাৰকাৰ কিয় বিশেষ ৰাষ্ট্ৰ বিৰোধী শক্তি সমুহ ৰ কাৰনে ? সেই কথা আমি বুজিব লাগিব ।

দৰাচলতে সাৱাৰকাৰ আছিল এজন “বৌদ্ধিক বিপ্লৱী” , যিজনৰ প্ৰতিটো বাক্যৰ আধাৰ আছিল ” যুক্তি ” । বামপন্থী সকলে ভালকৈ জানিছিল , যদি সাৱাৰকাৰৰ বিচাৰ ক হৰুৱাব পাৰে , হিন্দু সমাজৰ অন্য যুক্তি বোৰ আপোনাআপুনি দুৰ্বল হৈ যাব । কোনখন ইতিহাস ৰ কিতাপ ত আমি পঢ়িবলৈ পাইছো যে আম্বেদকাৰৰ লগত মিলি সাৱাৰকাৰে ও সমাজৰ পৰা অস্পৃশ্যতা দুৰ কৰিবলৈ চেষ্টা চলাইছিল । এই সকলোবোৰ কথা Savarkar : Echoes from a forgotten past , 1883 – 1924 কিতাপখনত বিতংকৈ দিয়া আছে । আজি আমি প্ৰতিজনে বীৰ সাৱাৰকাৰ ক অনুভৱ কৰিব লাগিব , তেতিয়া হে সচা অৰ্থ ত এই জয়ন্তী উৎযাপনে পুৰ্ণতা পাব ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial