
যুৱ অংশগ্ৰহণ যিকোনো দেশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। উন্নত আৰু উন্নয়নশীল দুয়োখন দেশতে যুৱসকলে মানসিক আৰু সামাজিক অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক। সেয়েহে, যুৱপ্ৰজন্মৰ বাবে বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ সজাগ হোৱা আৰু সক্ষম হোৱাটো অতি গুৰুত্বপূৰ্ণ। যুৱসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ১২ আগষ্টত আন্তৰ্জাতিক যুৱ দিৱস পালন কৰা হয়।
আন্তৰ্জাতিক যুৱ দিৱসৰ ইতিহাস
১৯৯৮ চনত প্ৰথমে আন্তৰ্জাতিক যুৱ দিৱস অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপনৰ বাবে বিশ্ব সন্মিলনৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছিল। সন্মিলনত উপস্থিত থকা মন্ত্ৰীসকলে যুৱসকলৰ বাবে এটা দিন উৎসৰ্গিত কৰাৰপ্ৰস্তাৱ দিছিল। পৰৱৰ্তী বছৰত,১৯৯৯ চনত, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তৰ্জাতিক যুৱ দিৱসৰ প্ৰস্তাৱ গৃহীত হয়।
ৰাষ্ট্ৰসংঘৰ বিধানসভাই ১৯৯৯ চনৰ ১৭ ডিচেম্বৰত এই দিনটো উদযাপন কৰাৰ সিদ্ধান্ত লয় যদিও ২০০০ চনৰ পৰা ১২ আগষ্টত এই দিৱস উদযাপন কৰা হয়।
২০১৩ চনত, ইউথিংকে এক আন্তৰ্জাতিক যুৱ সন্মিলনৰ আয়োজন কৰিছিল য’ত কেইবাজনো ডাঙৰ বক্তাক আমন্ত্ৰণ জনোৱা হৈছে আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ।
আন্তৰ্জাতিক যুৱ দিৱস ২০২২ ৰ বিষয়বস্তু
প্ৰতি বছৰে আন্তৰ্জাতিক যুৱ দিৱস এটা নতুন বিষয়বস্তুৰে উদযাপন কৰা হয়। এই বছৰৰ বিষয়বস্তু হৈছে ‘আন্তঃপ্ৰজন্মীয় সংহতি: সকলো বয়সৰ লোকৰ বাবে এখন পৃথিৱী সৃষ্টি কৰা’। বিষয়বস্তুটোৰ উদ্দেশ্য হৈছে এই বাৰ্তা প্ৰচাৰ কৰা যে “এজেণ্ডা ২০৩০ আৰু ইয়াৰ ১৭ টা বহনক্ষম উন্নয়নৰ লক্ষ্য লাভ কৰিবলৈ সকলো বয়সৰ লোকক একেলগে ল’ব লাগিব আৰু কাকো এৰি দিয়া নহ’ব ।”
উল্লেখযোগ্য যে যোৱা বছৰ আন্তৰ্জাতিক যুৱ দিৱস ‘যুৱসকলে ভাল শিক্ষা, দিশ আৰু নিৰ্দেশনা লাভ কৰক’ বিষয়বস্তুৰে উদযাপন কৰা হৈছিল।