দিল্লীৰ আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত CBI-য়ে মনীষ চিছোদিয়াৰ বাসগৃহৰ কেইবাটাও স্থানত তালাচী আৰম্ভ কৰিছে। CBI-ৰ দলটো দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত ৰাভা গোপী কৃষ্ণাৰ বাসগৃহতো উপস্থিত হৈছে। তদন্তকাৰী সংস্থাটোৱে ডাঙৰ সুৰা ব্যৱসায়ীকো অভিযান চলাইছে। তালাচীৰ পিছত CBI-য়ে এখন এজাহাৰ পঞ্জীয়ন কৰিব।

কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ এই অভিযান প্ৰায় ২১ টাকৈ স্থানত চলি আছে। CBI-ৰ দল আনন্দ তিৱাৰী আৰু পংকজ ভাটনাগৰৰ বাসগৃহতো উপস্থিত হৈছে। আনন্দ তিৱাৰী এজন IAS, আনহাতে পংকজ ভাটনাগৰ দিল্লীৰ এজন প্ৰাক্তন সহ-আবকাৰী আয়ুক্ত। এই অভিযান কেৱল দিল্লীতে সীমাবদ্ধ নহয়, সমগ্ৰ দেশৰ ২১ টা স্থানত CBI-ৰ অভিযান চলি আছে।

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই এই সন্দৰ্ভত টুইট কৰি কয় যে “CBI-ক স্বাগতম জনোৱা হৈছে। এইটো অতি দুৰ্ভাগ্যজনক যে যিয়ে আমাৰ দেশত ভাল কাম কৰে তেওঁলোকক হাৰাশাস্তি কৰা হয়। সেইকাৰণে আমাৰ দেশ এতিয়াও এক নম্বৰত উপনীত হোৱা নাই”।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মনীষ চিছোদিয়াৰ সমৰ্থনত টুইট কৰিছে। “দিল্লীৰ শিক্ষা আৰু স্বাস্থ্য আৰ্হিৰ বিষয়ে সমগ্ৰ বিশ্বই আলোচনা কৰি আছে। তেওঁলোকে ইয়াক বন্ধ কৰিব বিচাৰে। সেইকাৰণে দিল্লীৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰীসকলৰ ওপৰত অভিযান চলোৱা হৈছে। CBI-ক স্বাগতম জনোৱা হৈছে। সম্পূৰ্ণ সহযোগিতা কৰা হ’ব। অতীততো বহুতো অনুসন্ধান হৈছিল। কিন্তু একো তথ্য লাভ কৰা নাছিল”।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial