আমাজনৰ বৰ্ষাৰণ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। আমাজনত বন ধ্বংসৰ অভিলেখ স্তৰ বৃদ্ধি পাইছে। ব্ৰাজিলৰ ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সংস্থাৰ মতে, বন ধ্বংস ইমান দ্ৰুতগতিত সংঘটিত হৈছে যে নিউয়ৰ্ক চহৰতকৈ পাঁচগুণ ডাঙৰ এলেকা পৰিষ্কাৰ কৰা হৈছে।

এই অৰণ্যক পৃথিৱীৰ হাঁওফাঁও বুলি কোৱা হয় কিয়নো আমাজন অৰণ্য হৈছে পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য। পৃথিৱীৰ ২০% অক্সিজেন এই বৰ্ষাৰণ্যৰ
পৰাই আহে।
 
ব্ৰাজিল চৰকাৰৰ তথ্য অনুসৰি এই বছৰ জানুৱাৰীৰ পৰা জুন মাহলৈকে আমাজন বনাঞ্চলৰ ৩,৯৮৮ বৰ্গ কিলোমিটাৰ ধ্বংস কৰা হৈছে। ২০১৫ চনৰ পৰা বৰ্তমানলৈকে এই ধ্বংস কাৰ্য পাইছেগৈ সৰ্বোচ্চ স্তৰ। জুনত ৫.৫ শতাংশ বৃদ্ধি পাইছে ধ্বংসৰ হাৰ। ১,১২০ বৰ্গ কিলোমিটাৰ এলেকা ধ্বংস হৈছে শেহতীয়াকৈ। প্ৰতিবেদন অনুসৰি, মাত্ৰ এমাহৰ ভিতৰতে এই ধ্বংস কাৰ্যই নতুন অভিলেখ স্থাপন কৰিছে।

সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, আমাজন বনাঞ্চলৰ নিৰ্বিচাৰ ধ্বংসৰ ফলত, জুই লগাৰ ঘটনাও অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি যোৱা ১৫ বছৰত জুন মাহত আমাজনত সৰ্বাধিক সংখ্যক বনজুইৰ ঘটনা নথিভুক্ত কৰা হৈছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial