আহোম আৰু মোগলৰ মাজত হোৱা এখন ৰক্তক্ষয়ী যুদ্ধ আলাবৈৰ ৰণ। ১৬৬৯ চনৰ ৫ আগষ্টত আৰম্ভ হোৱা আলাবৈৰ যুদ্ধক অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় বুলিও ক’ব খোজে বিভিন্নজন ব্যক্তিয়ে। এই যুদ্ধ সংঘটিত হৈছিল বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ সমীপৰ পছৰীয়া দলৰপথাৰ অঞ্চলৰ আলাবৈ পাহাৰত। আজি এই ৰণৰ ৩৫৩ তম বৰ্ষপুতি।

যদিও এই ৰণত আহোমসকল পৰাজিত হৈছিল তথাপিও এই আলাবৈৰ ৰণে আজিও সোঁৱৰাই আহিছে অসমীয়া সেনাৰ সাহস আৰু আত্ম বলিদানৰ কথা।

এই যুদ্ধৰ বাবে সেনাপতি লাচিত বৰফুকনে কৰিছিল বিৰোধিতা। কিয়নো এক সুবিধাজনক স্থানত অৱস্থান কৰি আছিল মোগল সেনাবাহিনীয়ে। ইয়াৰোপৰি মোগলৰ হাতত আছিল সেইসময়ৰ যুদ্ধৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ। লাচিত বৰফুকনে জানিছিল এই যুদ্ধত পৰাজয় নিশ্চিত। কিন্তু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ নিৰ্দেশৰ বাবে যুদ্ধ কৰি প্ৰাণ হেৰুৱাইছিল একেদিনাই ১০,০০০ অসমীয়া সৈন্যই। এই যুদ্ধত ভাগৰি পৰিছিল অসমীয়া সেনা।

এই যুদ্ধত পৰাজিত হোৱাৰ শোক সহিব নোৱাৰি যুদ্ধৰ কেইদিনমান পিছতেই মৃত্যুক আকোঁৱালি লয় স্বৰ্গদেউ চক্ৰধ্বজ সিংহই।

এইক্ষেত্ৰত সেনাপতি লাচিত বৰফুকনক বিশেষভাৱে সহযোগ তথা উৎসাহ দিছিল মন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে। যদিও এই যুদ্ধত আহোমসকলে বৃহৎ সৈন্যক হেৰুৱাইছিল তথা বিস্তৰ ক্ষতি হৈছিল তথাপিও আহোমসকলে হাৰ মনা নাছিল। যাৰ ফল আছিল শৰাইঘাটৰ ৰণ।
১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত মোগলক পৰাজিত কৰিছিল আহোমৰ সেনাই। এয়া ১৬ সংখ্যক জয়
আছিল আহোমসকলৰ মোগলৰ বিৰুদ্ধে ।

আজিৰ এই দিনটোত আলাবৈৰ ৰণৰ প্ৰতিগৰাকী বীৰ-যোদ্ধালৈ প্ৰণিপাত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেতে টুইট কৰি উল্লেখ কৰিছে যে “অসমৰ বুৰঞ্জীৰ পাতত খোদিত সাহস, ত্যাগ আৰু দেশভক্তিৰ এটি অধ্যায়ৰ নাম ‘আলাবৈ ৰণ’। মোগল আৰু আহোম সৈন্যৰ মাজৰ এই ৰণত আজিৰ দিনটোতে দহ হাজাৰ অসমীয়াই অসমীৰ চৰণত নিজৰ শোণিতেৰে দেশপ্রেমৰ অপৰূপ নিদর্শন তুলি ধৰিছিল। সেই বীৰত্ব গাথাক নমন কৰি প্রতিগৰাকী বীৰ-যোদ্ধালৈ আন্তৰিক প্রণিপাত জনাইছোঁ”।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial