আকৌ এবাৰ আমেৰিকাৰ ৰাজনৈতিক বিশেষজ্ঞ তথা প্ৰখ্যাত লেখক ৱালটাৰ এণ্ডাৰছেন নে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আৰ এছ এছ ৰ আৰ্হি ৰ কাৰনে হে কেন্দ্ৰত শক্তিশালী হ’ব পাৰিছে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ৰণনীতিবোৰ । ইণ্ডিয়ান এক্সপ্ৰেছ বাতৰি কাকতত তেওঁ লিখে যে বিগত ১০ বছৰত অমিত শ্বাহৰ সমৰ্থনত নৰেন্দ্ৰ মোদীয়ে কেনেকৈ দল আৰু আমোলাতন্ত্ৰৰ ভিতৰত ক্ষমতা একত্ৰিত কৰিছে। তেওঁ লিখে যে, সেই কথাবোৰ পুংখানুপুংখ কৈ অনুভৱ কৰিলে এইটো স্পষ্ট কৈ দেখা যায় যে এক সংঘবদ্ধ শক্তি য়ে বিজেপি ক যথেষ্ট প্ৰভাৱ পেলাইছে । আন্তঃৰাষ্ট্ৰীয় সমৰ্থন আৰু সাধাৰণ মানুহৰ সমৰ্থন ক সমান্তৰালকৈ সংগ্ৰহৰ বাবে আৰ এছ এছৰ সাংগঠনিক আৰ্হিৰ দ্বাৰা ধাৰাবাহিক ভাৱে আগবাঢ়িছে আজিৰ বিজেপিও ।

শেহতীয়া ভাৱে অজয় সিঙে “দ্য আৰ্কিটেক্ট অৱ দ্য নিউ বিজেপি: হাউ নৰেন্দ্ৰ মোদী ট্ৰেন্সফৰ্মেড দ্য পাৰ্টি” নামৰ এখন কিতাপ ত ও লিখিছে যে , নৰেন্দ্ৰ মোদী য়ে বিজেপি ক ভাৰতৰ প্ৰধান ৰাজনৈতিক দল হিচাপে গঢ়ি তুলিবলৈ আৰু প্ৰধানমন্ত্ৰী পদৰ বাবে নিজৰ স্থিতি শক্তিশালী কৰি ৰাখিবলৈ অসাধাৰণ সাংগঠনিক দক্ষতাৰ বিশ্লেষণাত্মক ৰণনীতি ৰ দ্বাৰা আগুৱাই গৈছে । কাকো এৰি নহয় , সকলোকে ই লগত লৈ আগবঢ়াৰ যি মানসিকতা গঢ় দিয়া হৈছে , অনাগত সময়ত ই বিজেপি ক আকৌ শক্তিশালী কৰিব । শেহতীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুনৰ প্ৰত্যক্ষ হ’ল প্ৰধানমন্ত্ৰীৰ চোকা ৰাজনৈতিক দক্ষতা। ১০ মাৰ্চত ভোটদান কৰা পাঁচখন ৰাজ্যৰ ভিতৰত চাৰিখন ৰাজ্যত বিজেপিক বিজয়ী হিচাপে ঘোষণা কৰা হৈছিল। ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত বিজেপি জয়লাভ কৰে। দেখাত এইবোৰ সৰু কথা যেন দেখি যদিও , আঞ্চলিকতাবাদ ক নেউচি ৰাষ্ট্ৰীয়বাদ ৰ আদৰ্শ প্ৰতিষ্ঠা কৰা ইমান ও সহজ নহয় , উত্তৰ প্ৰদেশ ৰ দৰে ঠাই এখনৰ কাৰনে । এই ৰাজ্যসমূহত বিজেপিৰ আকৰ্ষণীয় প্ৰদৰ্শনে দলীয় সংগঠনক জনসাধাৰণৰ মাজৰ সংযোগস্থল হিচাপে সফলভাৱে ব্যৱহাৰ কৰাৰ ক্ষমতা সন্দৰ্ভত সিঙ বহলভাৱে বিশ্লেষণ কৰিছে কিতাপখনত । লিখক সিঙে কয় যে মোডী ৰাজনৈতিক মঞ্চৰ পৰা বিচ্ছিন্ন হ’লেও বিজেপি ত এই ব্যৱস্থাটো পিছলৈ ও জীয়াই থাকিব বুলি তেওঁ বিশ্বাসী।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial