
এটা সময় আছিল যিটো সময়ত ইউৰোপীয়ান ৰাষ্ট্ৰ ই যি কয় সেইটোৱেই ভাৰতৰ বিদেশ মন্ত্ৰী জনে ভাটো চৰাই ৰ দৰে আওৰাবলৈ বাধ্য হৈছিল । ইউৰোপীয়ান দেশৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰাটো বহু দুৰৰ কথা , ভাৰতৰ হৈ ও কোৱাৰ সাহস কৰিব পৰা নাছিল সেইসময়ৰ ভাৰতীয় বিদেশী মন্ত্ৰী বোৰে। কিন্তু এতিয়া আমি প্ৰতিজনে দেখিছোঁ , কেনেকৈ বৰ্তমান ভাৰতৰ বিদেশ মন্ত্ৰী এছ. জয়শংকৰে শক্তিশালী ৰূপত ভাৰতৰ স্থিতি ৰাখি আহিছে । বিদেশমন্ত্ৰী এগৰাকী ৰ মন্তব্য মাত্ৰ এজন মানুহৰ মন্তব্য নহয় , এই মন্তব্য ই এখন ৰাষ্ট্ৰ ক প্ৰতিনিধিত্ব কৰে । শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইউৰোপীয়ান ৰাষ্ট্ৰসমূহক ইউৰোপৰ সমস্যা বিশ্বৰ সমস্যা কিন্তু বিশ্বৰ সমস্যা ইউৰোপৰ সমস্যা নহয় বুলি সাৱটি ধৰা ঠেক মানসিকতাৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। জয়শংকৰে ইউক্ৰেইনৰ বৰ্তমান ৰ পৰিস্থিতি ৰ লগতে ভাৰত আৰু চীনৰ মাজত উত্তেজনাৰ মাজত সৃষ্টি হৈ থকা বিভেদ ৰ ওপৰত ও মন্তব্য ৰাখে। তেওঁ কয়, আজি ভাৰত কি আৰু ভাৰতে কেনেকৈ আগবাঢ়িব লাগে সেই কথা ভাৰতে ভালকৈ জানে । ভাৰতে কেতিয়াও মাত্ৰ নিজৰ কাৰনে চিন্তা নকৰে ।
উল্লেখযোগ্য যে , ইউৰোপীয় দেশসমূহে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সন্দৰ্ভত ভাৰতক কঠোৰ স্থিতি ল’বলৈ পতিয়ন নিয়াবলৈ অহৰহ প্ৰচেষ্টা চলোৱাৰ সময়তে জয়শংকৰৰ এই কঠোৰ মন্তব্যই ভাৰতৰ স্থিতি স্পষ্ট কৰে । ভৱিষ্যতে আমেৰিকা আৰু চীনৰ নেতৃত্বত দুটা ক্ষমতা শিবিৰ সৃষ্টি হ’ব সেই শিৱিৰ ত ভাৰত ক’ত খাপ খাব বুলি সোধাত জয়শংকৰে কয় যে ভাৰতৰ জনসংখ্যা বিশ্বৰ এক পঞ্চমাংশ আৰু ই বিশ্বৰ পঞ্চম বা ষষ্ঠ বৃহত্তম অৰ্থনীতি।ভাৰতক এদিন সকলোৱে বিচাৰিবলৈ বাধ্য হ’ব ।
তেওঁ লগতে কয়, মই ভাৰতৰ পক্ষ , ভাৰতৰ স্বাৰ্থ ,ভাৰতৰ অধিকাৰ , ভাৰতৰ পছন্দ নিজৰ পছন্দ সকলোৰে আগত ৰাখিবলৈ প্ৰতিবদ্ধ ।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিশ্বৰ কোনো দেশ নাই যিয়ে নিজৰ স্বাৰ্থক অৱজ্ঞা কৰে।গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ভাৰতৰ স্থিতি ৰ ওপৰত প্ৰশ্ন সোধাত তেওঁ কয় যে, “মই নাভাবো যে আমি কেৱল মই বুলিয়েই পৰিকল্পনা নকৰো।” তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন, সেউজ প্ৰযুক্তি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ দৰে সকলো বৃহৎ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে কেতিয়াও আপোচ কৰা নাই আৰু নকৰেও। তেওঁ লগতে কয় যে ইউৰোপৰ বাহিৰত বহু কথাই ঘটি আছে আৰু বিশ্বখন পূৰ্বৰ দৰে মাত্ৰ ইউৰোপকেন্দ্ৰিক হ’ব নোৱাৰে।