এইবাৰ নেডাৰলেণ্ড ৰ Party of freedom ৰ লিডাৰ Geert Wilders নে বিজেপি ৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মা ৰ সমৰ্থন ত মাত মাতিছে । গিৰ্ট ৱাইল্ডাৰছে প্ৰায়েই ইছলামিক মৌলবাদ ৰ বিৰুদ্ধে দৃঢ়তাৰে মাত মাতি আহিছে । নুপুৰ শৰ্মা ক ঢাল হিচাপে লৈ ইছলামিক দেশে ভাৰতীয় সামগ্ৰী বৰ্জন ৰ যি ঘটনা পোহৰলৈ আহিছে সেয়া মাত্ৰ নুপুৰ শৰ্মা ৰ কাৰনে নহয় । ২০১৮ চনৰ পৰা বৰ্তমান লৈ কেনেকৈ মুছলিম সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰ সমুহে ভাৰতত উৎপাদিত বস্তুৰ বিৰুদ্ধে উঠি পৰি লাগিছে সেই কথা DisinfoLab ৰ বিভিন্ন ৰিপোৰ্ট পঢ়িলেই সহজে ধৰিব পাৰি । এইক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মুছলিম মিডিয়া হাউছ বোৰে ও প্ৰচাৰত যথেষ্ট খিনি কাম কৰি আছে । সমগ্ৰ বিশ্বতেই হালাল সামগ্ৰী ৰ প্ৰচাৰ কৰিবলৈ কৰা এয়া এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ।

উল্লেখযোগ্য যে নুপুৰৰ বিৰুদ্ধে ইছলামিক ৰাষ্ট্ৰ সৰৱ হোৱাৰ পিছতেই ৱাইল্ডাৰছে এক শৃংখলাবদ্ধ টুইটত কয় যে নবী হজৰত মহম্মদ সম্পৰ্কে নুপুৰ শৰ্মাৰ মন্তব্যটো সম্পূৰ্ণ এটা সত্য আৰু ই কোনো কিছুমান মিছা অভিযোগ নহয়। তেওঁ লিখে সঁচাকৈয়ে পয়গম্বৰ হজৰত মহম্মদে আইশাক ছয় বছৰ বয়সত বিয়া কৰাইছিল আৰু ন বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল।

আন এটা টুইটত ৱাইল্ডাৰছে কয়, “তোষণে কেতিয়াও সমাধান নকৰে । ই কেৱল বস্তুবোৰ বেয়া কৰি হে তুলিব। গতিকে ভাৰতৰ মোৰ মৰমৰ বন্ধুসকল, ইছলামিক দেশবোৰক ভয় কৰিব লগা একো নাই । স্বাধীনতাৰ বাবে থিয় দিয়ক আৰু আপোনাৰ ৰাজনীতিবিদ নুপুৰ শৰ্মাক ৰক্ষা কৰিবলৈ গৌৰৱান্বিত আৰু দৃঢ় হওক যিয়ে পয়গম্বৰ মহম্মদৰ বিষয়ে সম্পূৰ্ণ সঁচা কথা কৈছিল।”

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial