মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা একনাথ সিন্দে ৰ জীৱন পৰিক্ৰমা অত্যন্ত প্ৰেৰণাদায়ক। এসময়ত মহাৰাষ্ট্ৰৰ থানে চহৰত অটোৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া একনাথ সিন্দে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত । শিৱসেনা প্ৰমুখ বাল থাকৰেৰ আপোচ বিহীন হিন্দুত্বৰ দ্বাৰা অনুপ্ৰেৰিত হৈ তেখেতে ৮০ আৰু ৯০ দশকত কেবাটাও গণ-আন্দোলনত অংশগ্ৰহণ কৰে । সেইসময়তেই সিন্দে, থানে অঞ্চলৰ প্ৰখৰ হিন্দুত্ববাদী নেতা আনন্দ দিঘে ৰ সম্পৰ্ক ত আহি পৰে । বাল থাকৰে ৰ পিছতেই আনন্দ দিঘে তেওঁৰ ৰাজনৈতিক আদৰ্শ হৈ পৰে । আনন্দ দিঘে ৰ দৰেই তেওঁ নিজকেই সজাই তুলিলে । হিন্দুত্বৰ ক্ষেত্ৰত আপোচ বিহীন মানসিকতা আছিল একনাথ সাম্ভাজী ৰাও সিন্দে ৰ মুল অস্ত্ৰ । ১৯৯৭ চনত তেওঁ থানে অঞ্চলৰ নগৰ নিগম ৰ অধ্যক্ষ হয় । কিন্তু, ২০০০ চনৰ ২ জুন তাৰিখে একনাথ সিন্দে য়ে নিজৰ দুই সন্তান হেৰুৱাব লগীয়া হয় । নিয়তিৰ আগত ভাগি নপৰি থানেৰ জনগণৰ কাৰনে তেওঁ দুগুণ শক্তি ৰে নিজকে প্ৰস্তুত কৰি ২০০৪ চনত বিধানসভা নিৰ্বাচনত জয়ী লাভ কৰে । শিৱসেনা ৰ মঞ্চত একনাথ সিন্দে এজন বিশেষ হৈ পৰিল । এতিয়ালৈকে ৪ বাৰ বিধায়ক হোৱা সিন্দে সমান্তৰালকৈ আগুৱাই লৈ গ’ল আপোচ বিহীন হিন্দুত্ব ৰ সমাজনীতি।

বিজেপি দলৰ দ্বাৰা প্ৰভাৱিত সিন্দে যদিও উদ্ধৱ থাকৰে মন্ত্ৰীসভাত স্থান লাভ কৰিছিল কিন্তু প্ৰতিপলে তেওঁ যেন অনুভৱ কৰিছিল যে উদ্ধৱ থাকৰে যেন শিৱসেনাৰ প্ৰখৰ হিন্দুত্ববাদ আগুৱাই লৈ যোৱাত কোনাবাখিনিত থমকি ৰৈছে । সেয়েহে সিন্দে ডাঙৰীয়াই ২০২২ চনৰ ২১ জুন তাৰিখে তেখেতৰ দৰে একেই অনুভৱৰ বিসম্বাদী MLA বোৰক একত্ৰিত কৰি উদ্ধৱ থাকৰেক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰায় ।সিন্দে ৰ শক্তি এইটোৱেই আছিল যে তেওঁ দলত কৈ হিন্দুত্ব ক আগস্থান দি আহিছিল । মাত্ৰ ক্ষমতা ৰ কাৰনে শিৱসেনা দলত থকাতকৈ , অখণ্ড হিন্দু সম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিবলৈ সিন্দে আগবাঢ়িল । আজি ৰ তাৰিখত সিন্দে মহাৰাষ্ট্ৰ ৰ ২০ তম্ মুখ্যমন্ত্ৰী! উঠি অহা নৱ প্ৰজন্ম ৰ বাবে ই এক বৰ্ণিল যাত্ৰাৰ জলন্ত প্ৰমান হৈ ৰব চিৰকাল লৈ !

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial