পঞ্জাৱত পৰিবহন বিভাগে নতুন যান-বাহন নিয়ম সম্পৰ্কে এক নতুন জাননী জাৰি কৰিছে। এই নিয়মে যান-বাহনৰ নিয়ম ভংগ কৰাৰ বাবে এক অনন্য শাস্তিও নিৰ্ধাৰণ কৰে। এতিয়াৰ পৰা যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে লোকসকলে বৃহৎ জৰিমনা পৰিশোধ কৰিব লাগিব। লগতে কৰিব লাগিব ১ ইউনিটকৈ ৰক্তদান। ইয়াৰোপৰি নিকটতম শিক্ষানুষ্ঠানত গৈ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ কমেও ২ ঘণ্টা শিক্ষা দান কৰিব লাগিব। এই সময়ছোৱাত শিক্ষাৰ্থীসকলক যান-বাহনৰ নিয়ম শিকাব লাগিব।

নতুন নিয়মৰ অধীনত দ্ৰুতগতিত বাহন চলালে প্ৰথম অৱস্থাত ১০০০ টকাৰ জৰিমনা আৰু ৩ মাহৰ বাবে ড্ৰাইভিং লাইচেঞ্চ বাতিল কৰা হ’ব। একেটা ভুল পুনৰাবৃত্তি কৰোঁতে দ্বিতীয়বাৰৰ বাবে জৰিমনা দুগুণ হ’ব।

কেৱল এয়াই নহয় যিসকলে নিয়ম ভংগ কৰে তেওঁলোকে এই সময়ছোৱাত ৰিফ্ৰেচাৰ পাঠ্যক্ৰম কৰিব লাগিব। ইয়াৰ পিছত পৰিবহন কৰ্তৃপক্ষৰ পৰা এখন প্ৰমাণপত্ৰ ল’ব লাগিব। অৰ্থাৎ অপৰাধীজনক নোডেল বিষয়াৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও, নিয়ম ভংগ কৰাৰ এটা বিকল্প হ’ব সমাজ সেৱাৰ অধীনত নিকটতম চিকিৎসালয়। য’ত প্ৰায় দুই ঘণ্টাৰ বাবে, চিকিৎসক বা ভাৰপ্ৰাপ্ত বিষয়াই উল্লেখ কৰা কামটো কৰিব লাগিব বা কমেও একক ৰক্ত দান কৰিব লাগিব।

ৰেড লাইটৰ নিয়ম ভংগ কৰিলে ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব। প্ৰথমবাৰৰ বাবে সুৰাপান কৰি বা মোবাইলত কথা পাতি বাহন চলালে ৫০০০ টকাৰ জৰিমনা বিহা হ’ব। লগতে ৩ মাহৰ বাবে বাতিল হ’ব লাইচেঞ্চ। একে সময়তে, দ্বিতীয়বাৰৰ বাবে জৰিমনা পৰিমাণ ১০ হাজাৰলৈ বৃদ্ধি হ’ব। ইয়াৰ লগতে, ৰিফ্ৰেচাৰ পাঠ্যক্ৰম বা সামূহিক সেৱাও কৰিব লাগিব।

দুচকীয়া বাহনত ৩ জন আৰোহী বহিলে তেওঁলোককো একেই শাস্তি প্ৰদান কৰা হ’ব। মাত্ৰ জৰিমনাৰ পৰিমাণ হ’ব ১০০০ টকা। দ্বিতীয়বাৰ ভুল কৰিলে ২০০০ টকাৰ জৰিমনা ভৰিব লাগিব।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial