কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) সোধা-পোছা কৰি আছে। দিল্লীৰ কাৰ্যালয়ত হৈ আছে ইডিৰ জেৰা। অশোক গেহলট, দিগ্বিজয় সিঙকে ধৰি প্ৰবীণ কংগ্ৰেছ নেতাসকলে ৰাহুল গান্ধীৰ সমৰ্থনত ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। অৱশ্যে, আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈছে। 

সূত্ৰ অনুসৰি, ৰাহুল গান্ধীক ইডিয়ে তিনিটা পৰ্যায়ত প্ৰশ্ন কৰিছে, যাৰ ৫৫ টা প্ৰশ্ন আছে। ইডিয়ে ৰাহুল গান্ধীৰ সেই ৫৫ টা প্ৰশ্নৰ উত্তৰ বিচাৰে। ইডি বিষয়াসকলে প্ৰথম পৰ্যায়ত ৰাহুল গান্ধীক ব্যক্তিগত প্ৰশ্ন সুধিছিল। দ্বিতীয় পৰ্যায়ত উত্থাপিত হ’বলগীয়া প্ৰশ্নবোৰ ইয়ং ইণ্ডিয়া কোম্পানীৰ বিষয়ে হ’ব। ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ এই কোম্পানীত অধিক অংশআছে। দুয়োৰে অংশ প্ৰায় ৩৮-৩৮ শতাংশ। তৃতীয় পৰ্যায়ত, এজেএলৰ বিষয়ে প্ৰশ্ন থাকিব। 

কংগ্ৰেছৰ মুখ্য কাৰ্যালয় আৰু ED কাৰ্যালয়ৰ বাহিৰত গধুৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। অঞ্চলটোত আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি কৰিছে। ৰাহুল গান্ধীয়ে তেওঁৰ ভগ্নী আৰু দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা ইডি কাৰ্যালয়লৈ ৰাওনা হৈছিল আৰু খোজকাঢ়ি পদযাত্ৰা কৰিছিল যদিও আৰক্ষীৰ বেৰিকেডৰ বাবে তেওঁলোকে গাড়ীৰে ওলাই যাব লগা হৈছিল।

কংগ্ৰেছ নেতাসকলে দলীয় কাৰ্যালয়ৰ পৰা ইডি কাৰ্যালয়লৈ এক পদযাত্ৰা উলিয়াবলৈ পৰিকল্পনা কৰিছিল, যাক আৰক্ষীয়ে অনুমতি দিয়া নাছিল। কংগ্ৰেছ নেতা আৰু কৰ্মীসকলক আটক কৰাৰ সন্দৰ্ভত ৰণদীপ সুৰজেৱালাই কয়, “ভয়াতুৰ মোডী চৰকাৰে আৰু হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। ব্ৰিটিছেও আৰক্ষীৰ আঁৰত লুকাই আছিল, মোডী চৰকাৰেও আৰক্ষীৰ আঁৰত লুকাই থাকে।”

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial