ব্ৰহ্মাস্ত্ৰ চলচ্চিত্ৰখনৰ প্ৰচাৰ কৰিবলৈ ৰণবীৰ কাপুৰ-আলিয়া ভাটে উজ্জয়িনীৰ মহাকাল মন্দিৰলৈ গৈছিল যদিও পৰিকল্পনা কৰাৰ দৰে নহ’ল। ছবিখনৰ PR দলে সংবাদ মাধ্যমত প্ৰচাৰ কৰি আহিছিল যে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ছবিখনৰ পৰিচালক আয়ন মুখাৰ্জীৰ সৈতে মহাকাল ভ্ৰমণ কৰিবলৈ উজ্জয়িনীলৈ গৈ আছে। কিন্তু ৰণবীৰ-আলিয়া মন্দিৰত উপস্থিত হোৱাৰ পূৰ্বেই শ শ বজৰং দলৰ কৰ্মী মন্দিৰ চৌহদৰ বাহিৰত উপস্থিত হয়। তেওঁলোকে গেট ঘেৰাও কৰি ৰণবীৰ-আলিয়াৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ ছচিয়েল মিডিয়াত ৰণবীৰৰ শেহতীয়া ভিডিঅ’বোৰৰ ওপৰত ক্ষোভিত হৈ উঠিছিল লোকসকল। ভিডিঅ’ত ৰণবীৰে গো-মাংস খোৱাৰ কথা কৈছিল।

অৱশ্যে চলচ্চিত্ৰখনৰ পৰিচালক আয়ন মুখাৰ্জীয়ে ছবিখনৰ DVD লৈ মন্দিৰত প্ৰৱেশ কৰিছিল। তেওঁ প্ৰাৰ্থনা কৰিছিল আৰু মহাকাল চলচ্চিত্ৰখন উৎসৰ্গা কৰি আশীৰ্বাদ আৰু প্ৰসাদ লৈছিল।আনহাতে, ৰণবীৰ-আলিয়াই মন্দিৰৰ বাহিৰত হোৱা হুলস্থুল আৰু প্ৰতিবাদৰ খবৰ পাইছিল। বজৰং দলৰ কৰ্মীসকলে শিল্পীসকলৰ বিৰোধিতা কৰি জয় শ্ৰী ৰাম বুলি চিঞৰি আছিল। আৰক্ষীৰ প্ৰচেষ্টা স্বত্বেও প্ৰতিবাদ বন্ধ হোৱা নাছিল যাৰ বাবে আলিয়া-ৰণবীৰে মন্দিৰ দৰ্শন নকৰাকৈ উভতি আহে।

কিন্তু নিৰাপত্তাৰ মাজতে আয়ন মুখাৰ্জীয়ে মন্দিৰত প্ৰৱেশ কৰিছিল। তেওঁ মুখ্য পুৰোহিতসকলৰ সৈতে মহাকালৰ উপাসনা কৰিছিল। কিন্তু বজৰং দলৰ কৰ্মীসকলৰ বিৰোধিতা দেখি আলিয়া-ৰণবীৰে আগবাঢ়ি নাযাবলৈ সিদ্ধান্ত লয়। উজ্জয়িনীৰ বহুলোকে কৈছিল যে ৰণবীৰে ভিডিঅ’টোত কোৱা কথাবোৰ ক’ব নালাগিছিল। লগতে যদি তেওঁৰ বিশ্বাস মহাকালত থাকে, তেন্তে তেওঁ আহি নীৰৱে পৰিদৰ্শন কৰিব লাগিছিল। তেওঁ এই যাত্ৰাক চলচ্চিত্ৰ প্ৰচাৰৰ অংশ কৰিব নালাগিছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial