ছোমালিয়াৰ ৰাজধানী মোগাদিছুৰ হায়াত হোটেলত সন্ত্ৰাসবাদী আক্ৰমণ। সশস্ত্ৰ আক্ৰমণকাৰীয়ে গাড়ী বোমা বিস্ফোৰণৰ জৰিয়তে আক্ৰমণ সংঘটিত কৰিছে, য’ত প্ৰায় ১৫ জন লোকৰ মৃত্যু হৈছে। এই আক্ৰমণত বহু লোক গুৰুতৰভাৱে আহত হৈছে। সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা অনুসৰি সুৰক্ষা বাহিনীয়ে হোটেলখনত উপস্থিত সকলো সন্ত্ৰাসবাদীক হত্যা কৰিছে। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন আল-কায়েদাৰ সৈতে সম্পৰ্কিত আল-চাবাব গোটে চোমালিয়া আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

আক্ৰমণকাৰীসকলে দুখন বাহনত বোমা বিস্ফোৰণ কৰে আৰু গুলীচালনাও কৰে। এখন বাহনে হোটেলৰ ওচৰৰ বেৰিয়াৰত খুন্দা মাৰিছিল আৰু আনখনে হোটেলৰ গেটত খুন্দা মাৰিছিল। দুয়োখন গাড়ীতে প্ৰচণ্ড বিস্ফোৰণৰ শব্দই মানুহৰ মাজত আতংক বিয়পাই দিছিল। যাৰ পিছত আক্ৰমণকাৰীসকলে নিৰ্বিচাৰভাৱে গুলী চালনা কৰে।

আক্ৰমণৰ সময়ত হোটেলখনত এখন চৰকাৰী বৈঠক চলি আছিল। চোমালিয়াত, আল-চাবাবে যোৱা কেইবা বছৰ ধৰি চৰকাৰৰ বিৰুদ্ধে সক্ৰিয় হৈ আছে। উগ্ৰপন্থী দলটোৰ চোমালিয়াৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলৰ ওপৰত যথেষ্ট নিয়ন্ত্ৰণ আছে। 

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial