দেওবাৰে নিশা পলমকৈ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সংঘটিত হয় দুৰ্ঘটনাজনিত গ্ৰেনেড বিস্ফোৰণ। এই বিস্ফোৰণত এগৰাকী ভাৰতীয় সেনাৰ কেপ্টেইন আৰু এজন কনিষ্ঠ কমিছনড বিষয়া (JCO) নিহত হৈছে।

নিহতসকল ক্ৰমে কেপ্টেইন আনন্দ আৰু নায়েব চুবেদাৰ ভগৱান সিং। দুয়োগৰাকী পুঞ্চৰ মেন্ধাৰ খণ্ডত এটা টহল দলৰ অংশ আছিল।

এজন প্ৰতিৰক্ষা মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাত তেওঁলোকৰ দায়িত্ব পালন কৰি থকা অৱস্থাতে পুঞ্চ জিলাৰ মেন্ধাৰ চেক্টৰত এটা দুৰ্ঘটনাজনিত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হয়।”

“এই বিস্ফোৰণৰ ফলত কেইবাগৰাকীও সেনা আঘাতপ্ৰাপ্ত হয়। সেনাসকলক লগে লগে হেলিকপ্টাৰেৰে উধমপুৰ কমাণ্ড চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। চিকিৎসাধীন অৱস্থায়ে এজন বিষয়া আৰু এজন জেচিঅ’য়ে মৃত্যুক আঁকোৱালি লয়।”

উল্লেখযোগ্য যে মেন্ধাৰ খণ্ডটো সন্ত্ৰাসবাদীয়ে দেশখনত অনুপ্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰে বুলি জনা যায়।

ইয়াৰ পূৰ্বেও ৬ জুলাইত পুঞ্চ জিলাৰ ঝুলছৰ LOC-ৰ কাষৰ ভেৰা অঞ্চলত ৰকেট লঞ্চাৰ অনুশীলনৰ সময়ত দুৰ্ঘটনাজনিত বিস্ফোৰণত দুজন সেনা জোৱান আহত হয়।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial