অসমত বানপানী হ্ৰাস হোৱাৰ লগে লগে, ৰাজ্যখনত এতিয়া জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ৰাজ্যখনত ইতিমধ্যেই এই ৰোগৰ ঘটনা বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক গোটৰ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি অসমত চলিত বছৰ এতিয়ালৈকে ১৪৩ টা একিউট এনকেফেলাইটিছ চিণ্ড্ৰোম ৰোগীক চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ১৬ গৰাকীৰ মৃত্যু হৈছে। ইতিমধ্যেই GMCH ত ৬২ গৰাকী লোক চিকিৎসাধীন হৈ আছে।

স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি এই ৰোগত আক্ৰান্ত হৈছে লখিমপুৰ, মৰিগাঁও, নলবাৰী, বৰপেটা, ধেমাজি, কামৰূপ, শোণিতপুৰ যোৰহাট আৰু নগাঁৱৰ । শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নগাঁৱৰ দুগৰাকী আৰু বৰপেটাৰ এগৰাকী লোকৰ মৃত্যু হৈছে।

NHM-ৰ MD-য়ে সকলো জিলা স্বাস্থ্য দলক সময়মতে অনুসৰণ তথা পদক্ষেপ গ্ৰহণৰ বাবে আৰু জ্বৰৰ ঘটনাৰ নিৰীক্ষণৰ সকলো তথ্য সময়মতে কৰ্তৃপক্ষক দিবলৈ নিৰ্দেশ দিছে। বিভাগটোৱে সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি আছে।

উল্লেখযোগ্য যে যোৱা বছৰত ৰাজ্যখনত ২১৮ টাকৈ একিউট এনকেফেলাইটিছৰ ঘটনা ধৰা পৰিছিল আৰু ৪০ গৰাকীৰ মৃত্যু হৈছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial