লক্ষ্ণৌৰ গোমতী পাৰত অৱস্থিত হনুমান মন্দিৰ ভাঙি কৰা হ’ল লণ্ড-ভণ্ড। আৰক্ষীয়ে জনোৱা অনুসৰি ড্ৰাগছ আসক্ত তৌফিক আহমেদে মন্দিৰৰ মূৰ্তি ভাঙি পতাকাও লণ্ড-ভণ্ড কৰি পেলাইছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্তক কৰিছে গ্ৰেপ্তাৰ।

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্তজনৰ মানসিক অৱস্থা ভাল নহয়। তেওঁ বুধবাৰে নিশা হনুমান মন্দিৰত প্ৰৱেশ কৰিছিল। মন্দিৰৰ পুৰোহিত অমৰ মিশ্ৰৰ মতে যুৱকজনে কৈছিল যে তেওঁ মন্দিৰ দৰ্শন কৰিবলৈ আহিছ। পুৰোহিতজনে তেওঁৰ কোঠালৈ সোমাই হোৱাৰ পিছতেই অভিযুক্ত যুৱকজনে মূৰ্তি ভাঙি পতাকা ছিঙি পেলায়।

ইয়াৰ পিছতেই যুৱকজনক স্থানীয় লোকে ধৰি প্ৰহাৰ কৰে। পৰৱৰ্তী পৰ্যায়ত যেতিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়, তেওঁলোকে যুৱকজনক আৰক্ষী চকীলৈ লৈ যায়।

মন্দিৰৰ পুৰোহিতৰ মতে দুটাকৈ মূৰ্তি ভাঙি পেলোৱা হৈছে, এটা শনি দেৱৰ আৰু আনটো হনুমানৰ। এই খবৰ পোহৰলৈ অহাৰ পিছৰে পৰা হিন্দুত্ববাদী সংগঠনৰ লোকসকলে নিৰন্তৰভাৱে মন্দিৰলৈ আহি আছে। স্বাভাৱিকতা বজাই ৰাখিবলৈ ঘটনাস্থলীত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। 

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial