
ভাৰতবৰ্ষ প্ৰায় ২৬.৭ কোটি ধঁপাত সেৱনকাৰী বাসস্থান। কষ্ট লাগিলেও ই সত্য তথা ভয়ংকৰ । ধঁপাত সেৱনৰ লগত জড়িত বিপদৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতি বছৰে ৩১ মে’ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে, এই বছৰ বিশ্ব ধঁপাত বিৰোধী দিৱসৰ বিষয়বস্তু হৈছে “পৰিৱেশ সুৰক্ষিত কৰক”। ২০২২ চনৰ বিশ্বব্যাপী এই অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ ধঁপাত চক্ৰটোৱে ইয়াৰ খেতি, উৎপাদন, আৰু বিতৰণৰ পৰা আৰম্ভ কৰি ইয়াৰ পৰা উৎপন্ন হোৱা বিষাক্ত আৱৰ্জনালৈকে পৰিৱেশৰ ওপৰত প্ৰভাৱৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা ।
উল্লেখযোগ্য যে , মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশৰ চাৰিখন ৰাজ্যত চলোৱা ধঁপাত নিয়ন্ত্ৰণ নীতিৰ সমীক্ষাৰ ভিত্তিত এক নতুন প্ৰতিবেদনত কোৱা হৈছে যে চিগাৰেটৰ পেকেটত স্বাস্থ্য সতৰ্কবাণীৰ বিষয়ে প্ৰায় সকলোৱে (১০০%) সচেতন যদিও সতৰ্কবাণী লেবেল লক্ষ্য কৰা চিগাৰেট খোৱা লোকৰ শতকৰা হাৰ বিহাৰত ৪৬% আৰু মধ্যপ্ৰদেশত ৮৮%। সমীক্ষাৰ দেখা গৈছে যে খুব কম সংখ্যকেহে চিগাৰেটৰ পেকেট ত থকা কুটলাইন নম্বৰৰ বিষয়ে অৱগত।
এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব ধঁপাত বিৰোধী দিৱস (WNTD) বঁটা-২০২২ৰ বাবে ঝাৰখণ্ডক বাছনি কৰিছে। ইয়াৰোপৰি, ধঁপাত সেৱনৰ স্বাস্থ্যজনিত প্ৰভাৱৰ বিষয়ে মানুহক জ্ঞান দিবলৈ ভাৰতে বিভিন্ন চৰকাৰী কাৰ্যক্ৰম ৰ দ্বাৰা কাৰ্যসূচী চলায় আহিছে । দুখৰ খবৰ যে, এতিয়াও উত্তৰ পূৰ্বাঞ্চলৰ বহুসংখ্যক লোকে ধপাঁত গ্ৰহন কৰাৰ ফলত , কেঞ্চাৰ ৰ দৰে মাৰাত্মক ৰোগ যথেষ্ট বৃদ্ধি হৈছে উত্তৰ পূৰ্বাঞ্চলত ।