টকিঅ’ অলিম্পিকত সোণৰ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাৰ নামত আন এক কৃতিত্ব । তেওঁ ইউজিনত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক জিকি ইতিহাস সৃষ্টি কৰিছে। তেওঁ ১৯ বছৰৰ পিছত এই চেম্পিয়নশ্বিপত ভাৰতলৈ এটা পদক আনিবলৈ সক্ষম হৈছে। শেষবাৰৰ বাবে ভাৰতৰ মহিলা খেলুৱৈ অঞ্জু ববি জৰ্জে এই চেম্পিয়নশ্বিপত ২০০৩ চনত পেৰিছত ব্ৰঞ্জৰ পদক জিকিছিল। 

চূড়ান্ত ৰাউণ্ডত নীৰজ চোপ্ৰাৰ আৰম্ভণি দুৰ্বল আছিল। কিন্তু চতুৰ্থ প্ৰচেষ্টাত নীৰজে ফাইনেলত তেওঁৰ সৰ্বশ্ৰেষ্ঠ ৮৮.১৩ মিটাৰ দলিয়াই ৰূপৰ পদক জয়ী হ’বলৈ সক্ষম হৈছে। একে সময়তে গ্ৰানাডাৰ এণ্ডাৰছন পিটাৰ্ছে পাঁচটাৰ ভিতৰত তিনিবাৰ ৯০ মিটাৰ ৰেখা অতিক্ৰম কৰি সোণৰ পদক অৰ্জন কৰে। চেক গণৰাজ্যৰ জাকুব ভালদেচে ব্ৰঞ্জৰ পদক অর্জন কৰিছে।

ইয়াৰ পূৰ্বে, তেওঁ লণ্ডন বিশ্ব চেম্পিয়নশ্বিপ ২০১৭ ত অংশগ্ৰহণ কৰিছিল কিন্তু ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। দোহাত অনুষ্ঠিত ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত, তেওঁ কিলাকুটিৰ অস্ত্ৰোপচাৰৰ বাবে খেলিব নোৱাৰিলে।

চোপ্ৰাই এই ছিজনত পিটাৰ্ছক দুবাৰ কৈ পৰাস্ত কৰিছিল আনহাতে পিটাৰ্ছ জুনত ডায়মণ্ড লীগত বিজয়ী হৈছিল। পিটাৰ্ছে এতিয়া ছিজনত ছয়বাৰ ৯০ মিটাৰতকৈ ওপৰৰ থ্ৰো দলিয়াইছে য’ত চোপ্ৰাই এতিয়াও বাধা অতিক্ৰম কৰিবলৈ বাকী আছে।

একে সময়তে য’ত নীৰজ চোপ্ৰাই ৰূপৰ পদক জিকিছিল, চূড়ান্ত ৰাউণ্ডত অংশ গ্ৰহণ কৰা ভাৰতৰ আন জেভলিন থ্ৰোয়াৰসকল দশম স্থানত আছে। ৰোহিতে তৃতীয় প্ৰচেষ্টাত তেওঁৰ সৰ্বশ্ৰেষ্ঠ ৭৮.৭২ মিটাৰ দলিয়াইছিল। কোৱালিফাইং ৰাউণ্ডৰ পিছত ১২ জন থ্ৰোয়াৰ ফাইনেললৈ আহিছিল।

এই প্ৰতিযোগিতাত মুঠ ৩৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। যদি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ইতিহাস লক্ষ্য কৰা যায় তেনেহ’লে ভাৰতৰ বাবে একমাত্ৰ পদকটো ২০০৩চনত পেৰিছত লং জাম্পত অঞ্জু ববি জৰ্জে জিকিছিল। অঞ্জুৱে সেই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন কৰিছিল। অঞ্জুৰ পিছত এইবাৰ নীৰজ চোপ্ৰাই পদক আঁজুৰিবলৈ সক্ষম হৈছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial